জুবিন গাৰ্গৰ গীত মনৰ নিজানত

মিনৰ নিজানত জোনাক  আছিলে 

তোমাৰ মৰমৰ সুবাস সানিবলৈ 

হঠাতে শুকালে পোহৰৰ ফুলনি 

নীলিমাৰ মাজতো নাথাকো যে তুমি 

নাহিবা বেদনা হৈ বুকু ভৰা 

হৃদয় আৱেগক নোৱাৰে সহিব 

চকোলো বাগৰে নীৰৱে 

কিমান ,সাৱটিম  নোপোৱাৰ সপোন 

বুকুৰ উমেৰে  সজোৱা 

দুখৰ তৰা হৈ নাচাবা চকু মেলি 

ওৰে নিশা || 

জীৱন ,সুৰভী তোমাৰ মাজতে 

আছিলে অকলে নীৰৱে 

সচাঁ প্ৰেমৰো উশাহ আছিলো 

অকলশৰীয়া বুকুতে || 

মৰুভুমিৰ মায়া হৈ 

নাহিবা বুকুলৈ মোৰ মিচাকৈয়ে 

মনৰ নিজানত…. ||