জুবিন গাৰ্গৰ গীত অলকানন্দা ওঁঠৰ হাঁহি যেন

অলকানন্দা ওঁঠৰ হাঁহি যেন

ৰজনীগন্ধা ফুলৰ পাহি

উৰ্মিমালা হৈ আকাশত যেন

আঁকিলাহি ৰং প্ৰভাততে

অচিনা নদীৰ সোঁতে সোঁতে বৈ

আহিলা কাষলে

অলকানন্দা ওঁঠৰ হাঁহি যেন

ৰজনীগন্ধা ফুলৰ পাহি

মোৰ জোনাকৰে চিনাকি ছায়াতে

তুমি যে আছিলা ৰৈ

যেন শৰততে শেৱালি বুটলি

আপোন পাহৰা হৈ

কিনো মোহনীয়া

লাজুকী নয়না

মৰম তোমাৰ যুগমীয়া

অলকানন্দা ওঁঠৰ হাঁহি যেন

ৰজনীগন্ধা ফুলৰ পাহি

উৰ্মিমালা হৈ আকাশতে যেন

আঁকিলাহি ৰং প্ৰভাততে

মৌন সনয়ত আছিলা নিৰলে

মাথো তোমাকে ভাবি

কিয় তুমি আহি জ্বলালা অগনি

নীৰৱতা মোৰ ভাঙি

হৈ প্ৰজাপতি মন পদূলিতে

উলাহতে পাখি মেলি

অলকানন্দা ওঁঠৰ…।।