জুবিন গাৰ্গৰ গীত ওলমি ওলমি থাকে

ওলমি ওলমি থাকে

দুই ওঁঠতে হাঁহি

জিলিকে জিলিকা তৰা

মুকুতা দুপাৰি

ঐ না ঐ

ঐ না ঐ

কইনা তুমি মোৰ ঘৰৰ লখিমী।

কিসাধিলো কি মাগিলো

পালো যি পালো মৰম তোমাৰ

মোৰ এন্ধাৰত মো কাল ৰাতি

মচি মচি থলা গৈয়ে জোনাক

ঐ না ঐ

ঐ না ঐ

কইনা তুমি মোৰ ঘৰৰ লখিমী।

কলিজাতে মোৰ তেজতে

উঠলি উঠিছে হেঁপাহ হুতাহ

আলফুলেকৈ সাৱটি ধৰো

লগে নাপাওঁ উশাহতে উশাহ

ঐ না ঐ

ঐ না ঐ

কইনা তুমি মোৰ ঘৰৰ লখিমী।