অসমৰ সত্ৰ অনুষ্ঠান | পাঠঃন | Lesson 9 | Class 6 Assamese Question Answer | Assam Jatiya Bidyalay | (অসম জাতীয় বিদ্যালয়)

অসমৰ সত্ৰ অনুষ্ঠান

পাঠ-৯

  ক্ৰিয়া-কলাপ

⚪অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ

সূত্ৰপাত  = কোনো কাৰ্যৰ আৰম্ভণ বা আয়োজন 

জঞ্জাল  = হুলস্থূল; বহুত মানুহ, কাম বা বস্তু গোট খাই বেৰি ধৰিলে হোৱা আহুকাল

হাটী  = সত্ৰৰ ভকত আদি থকা ঘৰৰ লানি

প্ৰয়শ্চিত্ত  = পৰাচিত 

অব্যাহত  = বাধা নথকা; অবাধ

[ ১] প্ৰথমে কোৱাঁ, তাৰ পিছত লিখাঁঃ

ক) মহাপুৰুষজনাই কি উদ্দেশ্যেৰে সত্ৰ অনুষ্ঠানৰ সৃষ্টি কৰিছিল?

উত্তৰঃনৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণেই মহাপুৰুষজনাই সত্ৰ অনুষ্ঠান সৃষ্টি কৰিছিল।

খ) শংকৰদেৱে ক’ত প্ৰথমতে সত্ৰৰ সূত্ৰপাত কৰিছিল?

উত্তৰঃ বৰদোৱাত শংকৰদেৱে প্ৰথমে সত্ৰ সূত্ৰপাত কৰিছিল।

গ) মাধৱদেৱ, দামোদৰদেৱ আদি গুৰুসকলে ক’ত ক’ত সত্ৰ স্থাপন কৰিছিল?

উত্তৰঃ মাধৱদেৱ, দামোদৰদেৱ আদি গুৰুসকলে বৰপেটা আৰু পাটবাউসীত সত্ৰ স্থাপন কৰিছিল।

ঘ) সত্ৰৰ মুখ্য অনুষ্ঠান কি?

উত্তৰঃ সত্ৰৰ মুখ্য় অনুষ্ঠান নামঘৰ।

ঙ) বাটচ’ৰা কি?

উত্তৰঃ বাটচৰা হৈছেসত্ৰলৈ সোমোৱা পদূলিৰ মুখতে থকা চৰা ঘৰ।

চ) ভকতসকল থাকিবৰ কাৰণে সত্ৰৰ চাৰিওফালে কি কি থাকে?

উত্তৰঃ ভকতসকল থাকিবৰ কাৰণে সত্ৰৰ চাৰিওফালে হাটী, পদশিলা, ভঁৰাল থাকে।

ছ) সত্ৰৰ মুখ্য কাৰ্যনিৰ্বাহকজনক কি বুলি কোৱা হয়? তেওঁক কোন কোন বিষয়ববীয়াই সহায় কৰে?

উত্তৰঃ সত্ৰৰ মুখ্য কাৰ্যনিৰ্বাহজনক সত্ৰাধিকাৰ বুলি কোৱা হয়। তেওঁক মেধি, পাচনি, মুক্তিয়াৰ, খাটনিয়াৰ, আলধৰা, পালধৰীয়া, গায়ন-বায়ন, সূত্ৰধাৰ, পাঠক, নাম লগোৱা আদি বিষয়ববীয়াই সহায় কৰে।

জ) ভাৰতবৰ্ষত গণতান্ত্ৰিক পদ্ধতিৰ প্ৰথম প্ৰচলন সত্ৰসমূহত ঘটে বুলি কি কাৰণে ক’ব পৰা যায়, বুজাই লিখাঁ।

উত্তৰঃ ভাৰতবৰ্ষত গণতান্ত্ৰিক পদ্ধতিৰ প্ৰচলন সত্ৰসমূহত ঘটে। কিয়নো সত্ৰৰ দৈনন্দিন কাৰ্যপ্ৰণালী চলিছিল সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে। বিভিন্ন ঠাইৰ পৰা অহা লোকসকলক অধিকাৰজনে সত্ৰৰ নামঘৰত শৰণ দিয়াৰ লগতে সত্তৰ ৰাজমেধি বা বৰমেধিজনক সত্ৰৰ প্ৰতিনিধিৰূপে গাঁও অঞ্চলত শৰণ দিবলৈ পঠোৱা হয়। তদুপৰি এই মেধিজনেই গুৰুকৰ, পঁচা আদি তেলাৰ লগতে বিভিন্ন ঠাইত থকা শিষ্যসকলৰ লগত সম্পৰ্ক ৰক্ষা কৰি থাকে। বহুত ক্ষেত্ৰত সত্ৰ এখন হল সামাজিক বিচাৰথলী। 

ঝ) অসমখনক সাংস্কৃতিক দিশত আগুৱাই নিয়াত সত্ৰই কেনে ধৰণৰ ভূমিকা গ্ৰহন কৰে?

উত্তৰঃ সত্ৰসমূহত নৃত্য-গীত আদিৰ চৰ্চা হোৱাৰ লগতে কুটিৰ শিল্পৰো বিকাশ সাধন হৈছিল।সত্ৰ নামঘৰতেই ভকতসকলৰ মাজত নাম-কীৰ্তনৰ লগতে শাস্ত্ৰৰ ব্যাখ্যা হয়। গাঁৱৰ অনাখৰী লোকে সত্ৰৰ যোগেদি শাস্ত্ৰৰ কথা জনাৰ লগতে নৈতিক জ্ঞানো লাভ কৰে।

ঞ) কিহৰ জৰিয়তে শংকৰদেৱে ভাওনা অনুষ্ঠানৰ পাতনি মেলিছিল?

উত্তৰঃ চিহ্নযাত্ৰা জৰিয়তে শংকৰদেৱে ভাওনা অনুষ্ঠান পাতনি মেলিছিল।

ট) অসমীয়া সাহিত্য জগতলৈ সত্ৰসমূহৰ অৱদান কেনেকুৱা?

উত্তৰঃ অসমীয়া সাহিত্য জগতলৈও সত্ৰৰ সমূহৰ অৱদান অপৰিসীম। শংকৰদেৱ-মাধৱদেৱৰ উপৰি বৈষ্ণৱ ভক্তসকলে ভাওনাৰ কাৰণে নাট ৰচনা কৰিছিল। এই ক্ষেত্ৰত সত্ৰসমূহত এটা পৰম্পৰাৰে সৃষ্টি হৈছিল। নতুনকৈ সত্ৰত কোনো এজন ব্যক্তি সত্ৰাধিকাৰ হোৱাৰ লগে লগে তেওঁ এখন ৰচনা কৰিবলগীয়া হৈছিল। এই নাটসমূহত শংকৰদেৱদমাধৱদেৱৰ দ্বাৰা ৰচিত নাটৰ সকলোবোৰ বৈশিষ্ট্য় ৰক্ষিত হোৱা নাছিল যদিও এইবোৰে অসমীয়া নাট্য সাহিত্যৰ পৰিসৰ বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছিল।

ঠ) সামাজিক সংগঠনৰ ক্ষেত্ৰত সত্ৰসমূহৰ অৱদান কেনে ধৰণৰ?

[ ২] চমুটোকা লিখাঁঃ

নামঘৰ- নামঘৰ হৈছে গাঁৱলীয়া সমাজত নাম-প্ৰসংগ কৰা ঠাই। ইয়াতে গুৰুজনাৰ তিথিত ভাওনা আদি পতা হয়।

 ভাওনাঃ ভাওনা হৈছে শংকৰদেৱৰ সৃষ্টি। তেখেতে ধৰ্ম প্ৰচাৰৰ অৰ্থে ভাওনা অনুষ্ঠান পাতনি মেলিছিল।

 কুটিৰশিল্পঃ কাহৰ বাচন বৰ্তন গঢ়োৱা ঠাইক কুটীৰশিল্প বুলি কোৱা হয়। অসম কুটীৰ শিল্প ক্ষেত্ৰত আগবঢ়া। 

 সূত্ৰধাৰঃ সূত্ৰধাৰ ভাওনা আৰম্ভণিতে ওলায় ভাওনা বিৱৰণ দৰ্শকৰ আগত দাঙি ধৰে।

[ ৩] শংকৰ-মাধৱ আৰু তেওঁলোকৰ অনুগামী শিষ্যসকলে অসমৰ কোন কোন ঠাইত সত্ৰ স্থাপন কৰিছিল?

উত্তৰ- মাজুলী, 

[ ৪] পঢ়াঁ, বুজা আৰু লিখাঁঃ

জঞ্জাল  — নিজঞ্জাল

স্বাৰ্থ —-  নিস্বাৰ্থ

ধৰ্ম —- অধৰ্ম

প্ৰয়োজন —- অপ্ৰয়োজন

জ্ঞান —– অজ্ঞান

বৰ্তমান —- অবৰ্তমান.

[ ৫] খালী ঠাই পূৰ কৰাঁঃ

ক) সত্ৰৰ মুখ্য কাৰ্যনিৰ্বাহকজন = .সত্ৰাধিকাৰ

খ) ভাওনাত পোনপ্ৰথমে ভাওনাৰ অংশৰ চমু বিৱৰণ কৈ দিবলৈ ওলোৱা ভাৱৰীয়া = সূত্ৰধাৰ

গ) গান-বাজনা কৰা লোক = গায়ন

ঘ) খোল-মৃদং বজোৱাত পাকৈত লোক = 

ঙ) মানুহৰ ঘৰলৈ সোমোৱা বাটৰ সন্মুখভাগ =পদুলি

চ) পদূলিমুখত সাজি থোৱা ঘৰ =বাটচৰা

[ ৬] বাক্য ৰচনা কৰাঁঃ

নামঘৰঃ নামঘৰত নাম-প্ৰসংগ কৰা হয়।

গায়ন-বায়নঃ ভাওনা এখন কৰিবলৈ গায়ন-বায়নৰ প্ৰয়োজন।

পোছাক-পৰিচ্ছদ, 

সাজ-পোছাকঃ ভাওনাত ভাৱৰীয়া সকলে বিশেষ সাজ-পোছাক পৰিধান কৰে।

[ ৭] পাঠটোত কেইবিধমান বাঁহ-বেতৰ সঁজুলিৰ নাম উল্লেখ আছে। তোমালোক পাঠত নথকা আন সঁজুলিৰ নাম লিখাঁ।

উত্তৰঃ খৰাহি, চালনী, ডলা, জাকৈ-খালৈ, ডুলি, আদি।

[ ৮] পঢ়াঁ আৰু বুজাঃ

পাচ + অনি = পাচনি

খাট + অনিয়াৰ = খাটনিয়াৰ

আল-ধৰ + আ = আলধৰা 

পাল- ধৰ + ঈয়া = পালধৰীয়া

বিষয়-বাব + ঈয়া = বিষয়ববীয়া 

গণতন্ত্ৰ + ইক = গণতান্ত্ৰিক

Type Nayan Moni Deka

Post ID :DABP005898