কীৰ্তিচন্দ্ৰ বৰবৰুৱা | Lesson 9 | Class 6 History AJB | Assam Jatiya Bidyalay Question Answer| অসম জাতীয় বিদ্যালয়ৰ প্ৰশ্ন উত্তৰ |

কীৰ্তিচন্দ্ৰ বৰবৰুৱা 

পাঠ- নৱম 

১) একোটিকৈ বাক্যত উত্তৰ লিখাঁঃ

ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পিতৃৰ নাম কি আছিল ?

উত্তৰঃ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পিতৃৰ নাম হ’ল- ৰামচন্দ্ৰ বৰবৰুৱা।

খ) জীৱনৰ প্ৰথম  ভাগত কীতৰ্তিচন্দ্ৰক কি নামেৰে জনা গৈছিল ?

উত্তৰঃ জীৱনৰ প্ৰথম ভাগত কীৰ্তিচন্দ্ৰক গেন্ধেলা নামেৰে জনা যায়।

গ)  কোনজন আহোম ৰজাৰ ৰাজত্বকালত কীৰ্তিচন্দ্ৰই বৰবৰুৱা পদৱী লাভ কৰিছিল?

উত্তৰঃ স্বৰ্গদেউ শিৱ সিংহই ৰাজত্বকালত কীৰ্তিচন্দ্ৰক বৰবৰুৱাই পদৱী লাভ কৰিছিল।

ঘ)  চকৰী ফেটী না মৰ বুৰঞ্জী  পুঠিখনৰ নাম কি?

উত্তৰঃ চকৰী ফেঁটী নামৰ বুৰঞ্জী পুথিখন নুমলী বৰবৰুৱাই ৰচনা কৰিছিল।

ঙ) কিমান খিষ্ঠাব্দত ৰাজেশ্ব ৰ সিংহ আহোম ৰাজ্যৰ ৰজা হৈছিল ?

উত্তৰঃ 

চ)  প্ৰথম মোৱমৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল ?

উত্তৰ ঃ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ ১৭৬৯ খ্ৰিষ্টাব্দত আৰম্ভ হৈছিল।

ছ) ৰাজেশ্বৰ সিংহৰ পত্নীৰ নাম কি ?

উত্তৰঃ ৰাজেশ্বৰ সিংহৰ পত্নীৰ নাম আছিল কুৰংগনয়নী।

জ) প্ৰথম মোয়ামৰীয়া বিদ্ৰোহ দমন কৰাৰ বাবে স্বৰ্গদেউ লক্ষ্মীসিংহই কাক সেনাপতি পাতিছিল? 

উত্তৰঃ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ দমন কৰাৰ বাবে স্বৰ্গদেউ লক্ষ্মীসিংহই ঘনক্ষামক সেনাপতি পাতিছিল।

২) জলম মানে কি লিখাঁ?

উত্তৰঃ জলম মানে তাঁতশালত বোৱা কাপোৰৰ আগ অংশত সাধাৰণ সুতাৰ সলনি সৌন্দৰ্য বাঢ়িবৰ বাবে লগাই লোৱা মিহি মিহি গুণাৰ কাম।

৩)  প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ নেতাসকলৰ নাম লিখাঁ ।

উত্তৰঃ প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ নেতাসকলৰ নাম হ’ল-

 ১) মোৱামৰীয়া মহন্তৰ পুত্ৰ বাঙন

 ২) নাহখোৰা শইকীয়া।

 ৩) ৰাঘৱ মৰাণ।

৪) কীৰ্তিচন্দ্ৰ বৰবৰুৱাক কিয় জলম বটা আখ্যা দিয়া হৈছিল ?

উত্তৰঃ কীৰ্তিচন্দ্ৰ বৰবৰুৱা খাটি আহোম জাতিৰ নহয়।আৰু বৰবৰুৱাৰ দৰে উচ্চ পদৱী পাৱৰ বাবে তেওঁৰ যোগ্যতা নাই বুলি আলোচনা হ’ল।এইখিনিতে উল্লেখযোগ্য যে নুমলি বৰগোহাঁই নামৰ এজন ৰাজমন্ত্ৰীয়ে ‘চকৰী ফেঁটী’ নামৰ বুৰঞ্জী পুথি এখন লিখিছিল।এই পুথিখনত কীৰ্তিচন্দ্ৰ যে আচল আহোম নহয়, নকল আহোমহে, সেই কথআৰ বাখ্যা দি তেওঁক ‘জলম বটা’ বুলি কোৱা হৈছিল।

৫) কীৰ্তিচন্দ্ৰ বৰবৰুৱাই বুৰঞ্জী পুথি জ্বলাই দিয়াৰ কথা কি আছিল।

উত্তৰঃতেওঁক প্ৰকৃত আহোম নহয় বুলি কোৱা হৈছিল। এই কথাত অপমানবোধ কৰি বৰবৰুৱাই য’তে যিমান বুৰঞ্জী পালে সকলো জ্বলাই পেলালে।

৬)  কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া মহন্তক অপমান কৰাৰ ঘটনা কি আছিল লিখা্ঁ ?

উত্তৰঃকীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া মহন্তক অপমান কৰিছিল কাৰণ-  কীৰ্তিচন্দ্ৰই গম পাইছিল যে মোৱামৰীয়াসকলৰ গুৰু মোৱামৰীয়া মহন্তইও কীৰ্তিচন্দ্ৰৰ বংশ পৰিচয়ৰ বিষয়ে অপমানজনক কথা কৈছিল।

৭) নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ মৰানৰ প্ৰতি .কীৰ্তিচন্দ্ৰই কেনে আচৰণ কৰিছিল লিখা্ঁ ?

উত্তৰঃ  নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ মৰানৰ প্ৰতি কীৰ্তিচন্দ্ৰই

 নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ মৰানে  স্বৰ্গদেউ লক্ষ্মী সিংহক  দিবলৈ অনা হাতী, মৌ ৰস, বাঁহ-বেতৰ বয়-বস্তু  আদিত দোষ-ক্ৰুটি উলিয়াই দুয়োকে অতি অপমান কৰে।

৮)  প্ৰথম মোয়ামৰীয়া বিদ্ৰোহ সৃষ্টি হোবাৰ ক্ষেএত কীৰ্তিচন্দ বৰবৰুৱাক কিয় জগৰীয়া কৰিছিল লিখা ?

উত্তৰঃ প্ৰথম মোয়ামৰীয়া বিদ্ৰোহ সৃষ্টি হোৱাৰ ক্ষেত্ৰত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক জগৰীয়া কৰিছিল কাৰণ- কীৰ্তিচন্দ্ৰই মোৱামৰীয়াসকলৰ গুৰু মোৱামৰীয়া মহন্ত, নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ মৰানক অপমান কৰাৰ  বাবে মোৱামৰীয়া মহন্তৰ সকলো শিষ্য একগোট হৈ গজাঘৰৰ বিৰুদ্ধে যুজঁ দিয়াৰ সংকল্প কৰিলে। কীৰ্তিচন্দ্ৰই যদি তেওঁলোকক অপমান নকৰিলে হয় তেন্তে এই বিদ্ৰোহৰ সৃষ্টি নহয়।

৯) প্ৰথম মোৱামৰীয়া বিদ্ৰোহ ফলাফলবোৰ লিখা?

উত্তৰঃ প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলবোৰ হ’ল-

প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ ফলত ৰংপুৰ মোৱামৰীয়া সৈন্যবাহিনীয়ে অধিকাৰ কৰিলে। স্বৰ্গদেউ সক্ষ্মী সিংহক জয়দৌলত বন্দী কৰা হ’ল। কীৰ্তিচন্দ্ৰ বৰবৰুৱাক মৃত্যুদণ্ড দিলে। মৰাণে ৰাজেশ্বৰ সিংহৰ পত্নীক নিজৰ পত্নী কৰি ল’লে।

১০ ) কীৰ্তিচন্দ বৰুৱাৰ চৰিএ ব্যক্তিত্ব আৰু কাম-কাজৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ আহোম যুগৰ ইতিহাসত কীৰ্তিচন্দ্ৰক কেইবাটাও দোষত দোষাৰোপ কৰা হয়। সেই সময়ৰ ৰাজনৈতিৰ অৱস্থা, সামাজিক অৱস্থাৰ কথা বিচাৰ-বিশ্লেষণ কৰি কীৰ্তিচন্দ্ৰৰ ব্যক্তিত্ব আৰু কাম-কাজৰ সমালোচনা কৰা উচিত হ’ব।কীৰ্তিচন্দ্ৰ বৰবৰুৱা এজন ক্ষমতাপ্ৰিয় আৰু উচ্চাকাঙ্খী ব্যক্তি আছিল। তেখেতক ৰজাই বৰবৰুৱাৰ পদবীত নিযুক্তি দিছিল।

Author- DIKHA BORA

Morigaon (Assam)