জ্যামিতিৰ অংকন ( Geometrical Construction ) অধ্যায় 12 । অনুশীলনী 12 (A) । Chapter 12 Class 6 Maths AJB School Question Answer | জ্যামিতিৰ অংকন ( Geometrical Construction ) Lesson 12 Class 6 Maths AJB School Question Answer And Solution For Assam |

জ্যামিতিৰ অংকন

অধ্যায় 12

অনুশীলনী 12 (A) 

1. 7.2 ছেমি. দৈৰ্ঘৰ এডাল ৰেখাখণ্ড AB দিয়া আছে । ৰুলমাৰি আৰু কম্পাছৰ সহায়ত AB সমান দৈৰ্ঘৰ এডাল ৰেখাখণ্ড XY অংকন কৰা ।

2. MN = 4.2 ছেমি. । ৰুলমাৰি আৰু কম্পাছৰ সহায়ত এডাল ৰেখাখণ্ড AB অংকন কৰা যাব যাৰ দৈৰ্ঘ্য MNৰ দুগুণ ।

3. 5.3 ছেমি. আৰু 2.7 ছেমি. দৈৰ্ঘ্যৰ দুডাল ৰেখাখণ্ড ক্ৰমে AB আৰু CD দিয়া আছে । ৰুলমাৰি আৰু কম্পাছৰ সহায়ত এডাল ৰেখাখণ্ড PQ অংকন কৰা যাতে PQ = AB + CD হয় ।

4. 7.5 ছেমি. আৰু 4.2 ছেমি. দৈৰ্ঘ্যৰ দুডাল ৰেখাখণ্ড ক্ৰমে AB আৰু CD দিয়া আছে । ৰুলমাৰি আৰু কম্পাছৰ সহায়ত আন এডাল ৰেখাখণ্ড XY অংকন কৰা যাতে XY = AB – CD হয় ।

5. এডাল যিকোনো ৰেখা AB আঁকা । ABত যিকোনো এটা বিন্দু P লোৱা । এতিয়া AB ৰ লগত লম্ব হোৱাকৈ P বিন্দুত এডাল ৰেখা অংকন কৰা ।

6. এডাল যিকোনো ৰেখা AB আঁকা । এটা যিকোনো বহিঃবিন্দু P লোৱা । Pৰ পৰা ABৰ ওপৰত এডাল লম্ব অংকন কৰা ।

7. 7 ছেমি. দৈৰ্ঘৰ এডাল ৰেখাখণ্ড আঁকি তাক সমানে দুভাগ কৰা ।

8. 9.2 ছেমি. দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকি তাক সমানে চাৰিভাগ কৰা ।

9. 6.8 ছেমি. দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড AB আঁকি তাৰ লম্ব সমদ্বিখণ্ডকডাল অংকন কৰা ।

10. 6.5 ছেমি. দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড PQ আঁকা । ৰেখাখণ্ডডালৰ প্ৰান্তবিন্দু P আৰু Q ত দুডাল লম্ব অংকন কৰা ।

Question Type By- Himadree Bora  

Post ID: DABP001912