পূৰ্ণানন্দ বুঢ়াগোহা্ঁই | Lesson 11 | Class 6 History AJB | Assam Jatiya Bidyalay Question Answer | অসম জাতীয় বিদ্যালয়ৰ প্ৰশ্ন উত্তৰ

পূৰ্ণানন্দ বুঢ়াগোহাঁই  

পাঠ- একাদশ অধ্যায় 

১)  একোটিকৈ বাক্যত উত্তৰ লিখাঁ। 

ক) কোনজন বুঢ়াগোহা্ঁইৰ পিছত পূৰ্ণানন্দই বুঢ়াগোহা্ঁই পদবী লাভ কৰিছিল?

উত্তৰঃ ঘনশ্যাম বুঢ়াগোহাঁইৰ পিছত পূৰ্ণানন্দই বুঢ়াগোহাঁইৰ পদবী লাভ কৰে। 

খ) পূণানন্দ বুঢ়াগোহা্ঁয়ে কোনটো মোৱামৰীয়া বিদ্ৰোহ দমন কৰিছিল ?

উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে তংগত মোৱামৰীয়া বিদ্ৰোহ দমন কৰিছিল।

গ) পূৰ্ণানন্দ বুঢ়াগোহা্ঁই কিমান বছৰ ৰাজমন্ত্ৰী হৈ থাকিল ?

উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁই  ৩৪ বছৰ ৰাজমন্ত্ৰী হৈ থাকিল।

ঘ) বিবুধি? গড় কোনে সজাইছিল ?

উত্তৰঃ বিবুধি গড় পূৰ্ণানন্দ বুঢ়াগোহাঁই সজাইছিল।

ঙ)  ৰামায়নৰ লংকাকাণ্ড নামৰ গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰা সাহিত্যিকজনৰ নাম কি ?

উত্তৰঃ ৰামায়ণৰ সংকাকাণ্ড নামৰ গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰা সাহিত্যিকজনৰ নাম মাধৱ কন্দলি।

চ) কিমান খ্ৰিষ্টাব্দত পূৰ্ণানন্দ বুঢ়াগোহাইৰ মৃত্যু হৈছিল ?

উত্তৰঃ ১৮১৭ খ্ৰিষ্টাব্দত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল।

২)  আহোম ৰাজ্যৰ সৈন্যবাহিনী গঠন কৰাৰ বাবে  পূৰ্ণানন্দ বুঢ়াগোহা্ঁয়ে কেনেধৰনৰ ব্যৱস্থা লৈছিল লিখা্ঁ ?

উত্তৰঃ কেপ্টেইন ওৱেল্চৰ এমুঠিমান সুশিক্ষিত আৰু প্ৰশিক্ষণপ্ৰাপ্ত স্থায়ী সৈন্যৰ কাৰ্যত সন্তুষ্ট হৈ বুঢ়াগোহাইয়ে আহোম ৰাজ্যত ফকিৰচন্দ আৰু দিনা নামৰ দুজন সৈন্য ৰাখি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে। 

৩) মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত পূৰ্ণানন্দ বুঢ়াগোহা্ঁয়ে কেনেধৰনৰ ব্যৱস্থা লৈছিল লিখা ?

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে নামদাং আৰু দিচৈ নৈৰ পাৰ, গৌৰীসাগৰ , মেলেং, টিয়ক, লাদৈগড়,আদি ঠাইত তেখেতৰ প্ৰধান কোঠ আছিল। মজবুত কাঠেৰে কালিয়নী পাহাৰৰ পৰা নগা পাহাৰৰ দাঁতিলৈকে মাটিৰ দ এটা গড় সাজিলে। মোৱামৰীয়াৰ পক্ষ ল’ব খোজাবিলাকক উপহাৰ দি নিজৰ ফলীয়া কৰি ৰাখিলে।

৪) বদনচন্দ্ৰ বৰফুকনৰ বিৰুদ্ধে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কিয় কঠোৰ ব্যৱস্থা লৈছিল লিখা ?.

উত্তৰঃ বদনচন্দ্ৰ বৰফুকনৰ বিৰুদ্ধে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কঠোৰ ব্যৱস্থা লৈছিল কাৰণ বদনচন্দ্ৰ বৰফুকনৰ বাবে মানৰ অসম আক্ৰমণ হৈছিল।

৫) কি পৰিস্থিতিত পূৰ্ণানন্দ বুঢ়াগোহাইৰ মৃত্যু হৈছিল লিখা ?

উত্তৰঃ ঘিলাধাৰীৰ যুদ্ধৰ সময়তে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল।

৬) ৰাজমন্ত্ৰী হিচাপে পূৰ্ণনন্দ বুঢ়াগোহাইৰ কাম- কাজৰ বিষয়ে আলোচনা কৰাঁ ।

উত্তৰঃ  ৰাজমন্ত্ৰী হিচাপে তেখেতৰ কাৰ্যকাল বিভিন্ন সংঘাতৰ মাজেৰে পাৰ হৈছিল। এইজন মন্ত্ৰীয়ে অতুলনীয় আৰু অসাধাৰণ বুদ্ধিৰে প্ৰায় ৩৪ বছৰ সময়ত তিনিজন ৰজাৰ শাসন কালত নিজৰ দায়িত্ব পালন কৰিছিল। তেখেতৰ ৰাজনৈতিক জ্ঞানৰ পৰিসৰ দেখি ইংৰাজ ৰাজনীতিজ্ঞ ব্যক্তিসকলে তেখেতৰ অশেষ প্ৰশংসা কৰিছিল। 

Author- DIKHA BORA