পৰিমিতি ( Mensuration ) অধ্যায় 9 । অনুশীলনী 9 (A) | Chapter 9 Class 6 Maths AJB School Question Answer | পৰিমিতি ( Mensuration ) Lesson 9 Class 6 Maths AJB School Question Answer And Solution For Assam |

পৰিমিতি

অধ্যায় 9

অনুশীলনী 9 (A)

1. তলৰ চিত্ৰবোৰৰ পৰিসীমা উলিওৱা । ( জোখেৰে ছেমি. ত দিয়া আছে )

2. ত্ৰিভুজৰ বাহু তিনিটাৰ মাপ দিয়া আছে । পৰিসীমা উলিওৱা ।

(i) 7 ছেমি., 6 ছেমি., 4.6 ছেমি.

(ii) 15 মিমি., 2.3 ছেমি., 18 মিমি.

(iii) 4 মি., 2 মি. 50 ছেমি., 3 মি.

3. চতুৰ্ভুজৰ বাহু 4টাৰ মাপ দিয়া আছে । পৰিসীমা উলিওৱা ।

(i) 13 ছেমি., 15 ছেমি., 9 ছেমি., 12 ছেমি.

(ii) 1.5 মি., 1.3 মি., 2.1 মি., 1.9 মি.

4. এটা ত্ৰিভুজৰ পৰিসীমা 17 ছেমি. । ইয়াৰ দুটা বাহুৰ মাপ 6 ছেমি. আৰু 5 ছেমি. হ’লে তৃতীয়টো বাহুৰ মাপ কিমান ?

5. এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 42 মি. । ইয়াৰ প্ৰতিটো বাহুৰ দীঘ কিমান ?

6. এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ প্ৰতিটোৰে দীঘ 11 ছেমি. আৰু ইয়াৰ ভূমিৰ দীঘ 12 ছেমি. । ত্ৰিভুজটোৰ পৰিসীমা কিমান ?

7. এটা সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা 32 ছেমি. । ইয়াৰ ভূমিৰ দীঘ 14 ছেমি. হ’লে সমান বাহু দুটাৰ প্ৰতিটোৰে দীঘ উলিওৱা ।

8. আয়তৰ দীঘ আৰু প্ৰস্থ দিয়া আছে । পৰিসীমা উলিওৱা ।

(i) দীঘ = 18 মি., প্ৰস্থ = 13 মি. ।

(ii)  দীঘ = 70 ছেমি. প্ৰস্থ = 50 ছেমি. ।

9. এটা আয়তৰ পৰিসীমা 140 ছেমি. । ইয়াৰ দীঘ 50 ছেমি. হ’লে প্ৰস্থ কিমান ?

10. এটা আয়তৰ প্ৰস্থ 3 মি. । ইয়াৰ পৰিসীমা 20 মি. হ’লে দীঘ কিমান ?

11. এখন আয়তাকাৰ ফুলনিৰ দীঘ 45 মি. আৰু প্ৰস্থ 25 মি. । ইয়াৰ চাৰিওফালে সীমাত বেৰ দিবলৈ প্ৰতি মিটাৰত 20 টকা হিচাপত মুঠ খৰচ কিমান হ’ব উলিওৱা ?

12. এখন আয়তাকাৰ খেলপথাৰৰ দীঘ 135 মি. আৰু প্ৰস্থ 70 মি. । নীতাই খেলপথাৰখনৰ চাৰিওফালে সীমাৰ ওপৰেদি 2 পাক দৌৰে । তেওঁ মুঠতে কিমান দূৰত্ব দৌৰিলে ?

13. এখন বৰ্গাকাৰ খেলপথাৰৰ দীঘ 55 মিটাৰ । এখন আয়তাকাৰ খেলপথাৰৰ দীঘ 90 মিটাৰ আৰু প্ৰস্থ 45 মিটাৰ । মৃণালে বৰ্গাকাৰ খেলপথাৰখনৰ চাৰিওফালৰ সীমাৰ ওপৰেৰে 4 পাক দৌৰে আৰু ৰক্তিমে আয়তাকাৰ খেলপথাৰখনৰ সীমাৰ ওপৰেৰে 3 পাক দৌৰে । কোনে বেছি দৌৰে আৰু কিমান বেছি দৌৰে?

14. এখন বৰ্গাকাৰ পথাৰৰ দীঘ 60 মিটাৰ । পথাৰখনৰ চাৰিওফালে সীমাত বেৰ দিবলৈ প্ৰতি 5 মিটাৰৰ মূৰে মূৰে একোটাকৈ খুঁটা পোতা হয় । কিমানটা খুঁটাৰ প্ৰয়োজন হ’ব ?

15. এখন আয়তাকাৰ বাগিচাৰ চাৰিওফালে বেৰ দিওঁতে প্ৰতি মিটাৰত 15 টকা হিচাপত মুঠ 1050 টকা খৰচ হ’ল ।

(i) বাগিচাখনৰ পৰিসীমা কিমান ?

(ii) বাগিচাখনৰ দীঘ 20 মিটাৰ হ’লে প্ৰস্থ কিমান ?

16. 24 ছেমি. দীঘল তাঁৰ এডাল ভাঁজ কৰি কিমানটা বিভিন্ন জোখৰ আয়ত সাজিব পাৰি যদি আয়তবোৰৰ দীঘ-প্ৰস্থৰ মাপবোৰ স্বাভাৱিক সংখ্যা ( ছেমি. এককত ) হয় ? 

17. (i) এটা সুষম পঞ্চভুজৰ প্ৰতিটো বাহুৰ দীঘ 7 ছেমি. হ’লে তাৰ পৰিসীমা কিমান ? 

(ii) এটা সুষম ষড়ভুজৰ পৰিসীমা 72 ছেমি. হ’লে ইয়াৰ প্ৰতিটো বাহুৰ দীঘ উলিওৱা ।

18 . 42 ছেমি. দৈৰ্ঘৰ এডাল তাঁৰ আছে । প্ৰতিটো বাহুৰ দীঘ উলিওৱা যদি তাঁৰডালেৰে 

(i) এটা সমবাহু ত্ৰিভুজ সজা হয় ?

(ii) এটা সুষম ষড়ভুজ সজা হয় ?

(iii) এটা সুষম সপ্তভুজ সজা হয় ?

Question Type By- Himadree Bora 

Post ID:DABP001805