বদনচন্দ্ৰ বৰফুকন | Lesson 12 | Class 6 History AJB | Assam Jatiya Bidyalay Question Answer । জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ইতিহাসৰ প্ৰশ্ন উত্তৰ ।

বদনচন্দ্ৰ বৰফুকন 

পাঠ- দ্বাদশ অধ্যায়

১) একোটিকৈ বাক্যত উত্তৰ লিখা্ঁ ।

ক) মান অনা বৰফুকন কোন আছিল ?

উত্তৰঃ মান অনা বৰফুকন বদনচন্দ্ৰ বৰফুকন আছিল।

খ) বদনচন্দ্ৰৰ প্ৰকৃত নাম কি আছিল ?

উত্তৰঃ বদনচন্দ্ৰৰ প্ৰকৃত নাম ঘিণাই আছিল।

গ) বদনচন্দ্ৰক মান দেশক কোনগৰাকী আহোম ৰমনীয়ে সহায় কৰিছিল?

উত্তৰঃ বদনচন্দ্ৰক মান দেশত পিজৌ আহোম ৰমণীয়ে সহায় কৰিছিল।

ঘ) বদনচন্দ্ৰৰ পিছত কোন গুৱাহাটীৰ বৰফুকন হৈছিল ?

উত্তৰঃ বদনচন্দ্ৰৰ পিছত কলীয়াভোমোৰা বৰফুকন হৈছিল।

২) কি পৰিস্থিতিত বদন বৰফুকনে অসমলৈ মানসকলক মাতি আনিছিল ?

উত্তৰঃ বদনচন্দ্ৰ বৰফুকনে পুনৰৰ ক্ষমতালৈ আহি আকৌ প্ৰজাৰ ওপৰত জোৰ-জুলুম অত্যাচাৰ আৰম্ভ কৰিলে।সেয়ে বুঢ়াগোহায়ে সতৰামৰ জোৰ-জুলুম, অত্যাচাৰ আৰম্ভ কৰিলে।সেয়ে বুঢ়াগোহাঁয়ে সতৰামৰ বিদ্ৰোহ দমন কৰাৰ পিছত বদনচন্দ্ৰক ধৰিবলৈ গুৱাহাটীলৈ মানুহ পঠিয়ালে।

৩) বৰফুকন  হিচাপে বদনচন্দ্ৰৰ কাৰ্যাৱলী বৰ্ণনা কৰা ।

উত্তৰঃ বদনচন্দ্ৰ বৰফুকনে নামনি অসমৰ শাসন পৰিচালনাৰ কামত থকা অৱস্থাত তেওঁলোকৰ  মংগলৰ বাবে কাম নকৰি অত্যাচাৰী ভূমিকাহে গ্ৰহণ কৰিছিল।  বাৰে বাৰে কামৰূপৰ প্ৰজাই বদনচন্দ্ৰৰ বিষয়ে দ্ৰোহ আচৰি থকাত পূৰ্ণানন্দই বৰফুকনক আতঁৰা দিলে তেখেতে এনেকে নিজৰ কাৰ্যকাল সামৰিব লগা হ’ল।

৪) মানে অসম আক্ৰমণ  কৰাৰ বাবে বদনচন্দ্ৰ কিমানদূৰ জগৰীয়া বুলি কব পৰা যায় লিখা্

উত্তৰঃ ১৮১৬ চনত বদন চন্দ্ৰ বৰফুকন ব্ৰহ্মদেশৰ ৰজা বদৌপায়াৰ ৰাজসভালৈ যায় আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইক পৰাস্ত কৰিবলৈ সহায় বিচাৰে। ৰজাই মান্তি হয় আৰু ভামোৰ এজন সেনাপতিৰ অধীনত এদল সৈন্য বদন বৰফুকনৰ লগত ১৮১৭ চনৰ জানুৱাৰীত অসমত প্ৰৱেশ কৰে। ১৮১৭ চনৰ ২৭ মাৰ্চত ঘিলাধাৰীত আহোম আৰু মানৰ প্ৰথম যুঁজ লাগে। 

৫) বদন বৰফুকনৰ চৰিএ আৰু ব্যক্তিত্বৰ বিষয়ে তোমাৰ মতামত বুজাই লিখা্ঁ ।

উত্তৰঃ বদনচন্দ্ৰ বৰফুকন চৰিত্ৰ ভাল নাছিল। তেখেতে ৰজাক অত্যাচাৰ কৰিছিল। তেখেতে অসমলৈ মানসকলক যুদ্ধ কৰিবলৈ লৈ আহিছিল। তেখেতৰ অত্যাচাৰী স্বভাৱৰ বাবে তেখেতে কম সময়তে নিজৰ কাৰ্যভাৰ সামৰিব লগা হৈছিল।

Author- DIKHA BORA