বাৰিষা | Lesson 10 | Class 5 Assamese AJB | Assam Jatia Bidalay | অসম জাতিয় বিদ্যালয় পঞ্চম শ্ৰেণী অসমীয়া

বাৰিষা

 Lesson 10 

〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ 

গাজনি    =    ডাঙৰ শব্দ

ছানি    =    আৱৰি

ঘৰমুৱা    =    গৰৰ ফাললৈ যোৱা

ডোঙা    =    পানী থকা সৰু খাল, খাৱৈ

[১] তলৰ বৰহাতৰ আখৰেৰে লিখা শব্দবোৰ বহীত লিখি নতুনকৈ বাক্য সাজাঁ ঃ

ক) ঘৰৰ চালৰ পৰা টিপটিপকৈ পানী পৰীছে।

খ) বান্দৰটোৱে খেকখেককৈ মাতিছে।

গ) ঘড়ীটোৱে টিক্ টিক্ কৰিছে।

ঙ) কেৰ্ কেৰ্ শব্দ কৰি দুৱাৰখন খোল খাইছে।

উত্তৰঃ ক)গছজোপাত বৰষুণৰ পানী টিপটিপকৈ পানী পৰি আছে।

খ) মানুহজনক দেখি বান্দৰটোৱে খেকখেককৈ মাতিছে।

গ) জেঠীটোৱে টিক্ টিক্ কৰি মাতি আছে।

ঘ) বতাহত বাঁহজোপাই কেৰ্ কেৰ্ কৰি আছে।

[২] খালী ঠাই পূৰ কৰাঁ ঃ

ক) বাটেৰে যোৱা মানুহ    –    বাটৰুৱা

খ) গাঁৱত বাস কৰা মানুহ    –     গাঁৱলীয়া              

গ) নাওঁ চলোৱা মানুহ    –     নাঁৱৰীয়া            

ঘ) ঘৰত পোহা জন্তু    –       ঘৰচীয়া            

ঙ) মাহে মাহে যি হয়    –      মাহেকীয়া            

[৩] তলৰ বিষয়কেইটাৰ বিষয় দহোটামান বাক্যত একোটিকৈ টোকা লিখাঁ ঃ

পথাৰ, নদী, অৰণ্য।

(ক) পথাৰঃ পথাৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কৃষিকাৰ্য কৰা হয়। আঘোণ মাহত গোটেই পতাৰবোৰ ধানাৰে সোণোৱালী হৈ থাকে। পথাৰত ধানৰ উপৰি মাহ, সৰিহয় ইত্য়াদি বিভিন্ন ধৰণৰ খেতি কৰা হয়। পথাৰত পোক-পৰুৱা, চৰাই-চিৰিকতিয়ে খেতি নষ্ট কৰে বুলি মুখা বনাই পথাৰত থোৱা হয়। পথাৰ বিভিন্ন ধৰণৰ খেল খেলা হয়। শস্য়ৰে ভৰা পথাৰবোৰ দেখিবলৈ শুৱনি হৈ থাকে। 

(খ) নদীঃ নদীবোৰ হৈছে মানৱ সভ্যতাৰ মেৰুদণ্ড যি মিঠা পানী প্ৰদান কৰে যি হৈছে মানৱ জীৱনৰ মৌলিক প্ৰয়োজনীয়তা। আমি পানী অবিহনে জীয়াই থাকিব নোৱাৰো আৰু নদীবোৰ মিঠা পানীৰ বাবে সৰ্ববৃহৎ জলাশয়। দৰাচলতে, অতীত আৰু বৰ্তমানৰ সকলো সভ্যতাৰ জন্ম নদীৰ পাৰৰ ওচৰত হৈছিল। নদীবোৰ হৈছে পৃথিৱীৰ শিৰা যি জীৱনসম্ভৱ কৰি তোলে। নদীৰ ওপৰত এখন প্ৰবন্ধৰ জৰিয়তে, আমি তেওঁলোকৰ গুৰুত্ব আৰু তেওঁলোকক কেনেদৰে বচাব লাগে তাৰ ওপৰত এক দৃষ্টি ৰাখিম। আমি নদীবোৰক যিকোনো দেশৰ ধমনী বুলি কওঁ।পানী অবিহনে কোনো   জীৱ জীয়াই থাকিব নোৱাৰে আৰু নদীবোৰ পানীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস। প্ৰায় সকলো প্ৰাৰম্ভিক সভ্যতা নদীৰ পাৰত গজি উঠিছিল ইয়াৰ কাৰণ হৈছে, প্ৰাচীন কালৰ পৰা, মানুহে নদী উপত্যকাৰ উৰ্বৰতা উপলব্ধি কৰিছিল। নদীৰ পাৰৰ অঞ্চলসমূহৰ মানুহৰ তাত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিলে আৰু উৰ্বৰ উপত্যকাবোৰৰ খেতি কৰিবলৈ আৰম্ভ কৰিলে। নদীবোৰ পৰ্বতৰ পৰা উৎপন্ন হয় যিয়ে সেইবোৰৰ পৰা শিল, বালি আৰু মাটি কঢ়িয়াই আনে।

(গ) অৰণ্য়ঃ  অৰণ্য় হৈছে বিভিন্ন ধৰণৰ গছ-গছনি, ফল-ফুল, লতা, বিভিন্ন ধৰণৰ উদ্ভিদ ইত্য়াদিয়ে আৱৰি থকা এটা অঞ্চল।অৰণ্য়ত বিভিন্ন ধৰণৰ প্ৰাণী আৰু হিংস্ৰ জন্তুবোৰ থাকে।আজি-কালি মানুহে অৰণ্য় কাটি নিজৰ বিপদ নিজেই মাতি আনিছে। যদি কেতিয়া অৰণ্য়বোৰ শেষ হৈ যাব তেতিয়া বৰষুণৰ পৰিমাণ কমি যাব, অক্সিজেন গেছৰ পৰিমাণ কমি যাব আৰু কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ পৰিব। বৰ্তমান অৰণ্য়ৰ সংখ্যা হ্ৰাস পাই আহিছে। অৰণ্য়ই মাটিৰ খহনীয়া ৰক্ষা কৰে। অৰণ্য় হৈছে বায়ু আৰু পানীৰ পৰিশোধক।  অৰণ্য়ক পচি যোৱা পাতবোৰে আৰু জীৱ-জন্তুবোৰে হিউমাছৰ যোগান ধৰে। অৰণ্য়ত ঘাঁহবনবোৰে নিম্ন স্তৰৰ সৃষ্টি কৰে। অৰণ্য় আমাৰ দৈনন্দিন জীৱনৰ পৰা অদিক দূৰত্বত আছে তথাপিও ই আমাক বহুত সুৰক্ষা প্ৰদান কৰি আহিছে।

[৪]কবিতাটো সম্পূৰ্ণকৈ মুখস্থ কৰি আবৃত্তি কৰাঁ।

[৫] পঢ়া, বুজা আৰু লিখাঁ ঃ

বেগা-বেগি    –    খৰ-খেদা

হালি-জালি    –         ইফাল-সিফাল         

গুৰু-গহীন    –     শান্ত- শিষ্ট              

মেঘ    –        ডাৱৰ           

বতাহ    –      বায়ু             

[] প্ৰথমে কোৱা আৰু তাৰ পিছত লিখাঁ ঃ

ক) মেঘ কেনেকৈ ছানি উঠে ?

উত্তৰঃ মেঘে হো হো কৰি বায়ু বলে ছানি উঠে।

খ) সোণাটিয়ে কি ভাবি থাকে ?

উত্তৰঃ সোণাটিয়ে বাৰিষা কিয়নো হয় বুলি ভাবি থাকে।

গ) খালে-ডোঙে কিহে চিঞৰি উঠে ?

উত্তৰঃ খালে-ডোঙে ভেকুলীয়ে চিঞৰি উঠে।

ঘ) গৰু-গাইবোৰ লৰা-ঢপৰা কৰি ক’লৈ আহে ?

উত্তৰঃ গৰু-গাইবোৰ লৰা-ঢপৰা কৰি ঘৰলৈ আহে।

ঙ) বাৰিষা কেনেকৈ হয় ?

উত্তৰঃ ভূমি আৰু সাগৰৰ ওপৰত বায়ুৰ উষ্ণতাৰ পাৰ্থক্যৰ ফলত বাৰিষা হয়।

চ) বাৰিষাৰ আকাশখন কেনেকুৱা হয় বাৰু ?

উত্তৰঃ বাৰিষাৰ আকাশখন কলা-বগা হয়।

[৭] ভাবা আৰু উত্তৰ উলিওৱাঁ ঃ

ক) ৰজাৰ চোতাল,

ঘন ঘন গজাল।

উত্তৰঃ কুঁহিয়াৰ।

খ) ঘৰৰ কামি আঠোটা, খুঁটা কেৱল একেটা,

শূন্যত ঘূৰি ফুৰে, মূৰ হ’লগৈ ন-টা।

Type: Pallab Jyoti Bora

Author: Geetanjali Bora