মিৰজুমলাৰ অসম আক্ৰমণ | Lesson 4 | Class 6 History AJB | Assam Jatiya Bidyalay অসম জাতীয় বিদ্যালয়ৰ প্ৰশ্ন উত্তৰ

মিৰজুমলাৰ অসম আক্ৰমণ

পাঠ- চতুৰ্থ

উত্তৰ লিখা ঃ-

১) মিৰজুমলা কোন ৰাজ্যৰ নবাব আছিল ?

উত্তৰঃ- মিৰজুলা বংগৰ নবাব আছিল । 

২) মিৰজুমলাই অসম আক্ৰমণ কৰাৰ  সময়ত  আহোম স্বৰ্গদেউ কোন আছিল ?

উত্তৰঃ- মিৰজুমলাই অসম আক্ৰমণ কৰাৰ সময়ত অহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ  আছিল ।

৩) মনথিৰ ভৰালী বৰুৱা কোন ?

উত্তৰঃ- মনথিৰ ভৰালী বৰুৱা জয়ধ্বজ সিংহৰ পৰ্বতীয়া ফুকণ আৰু মুখ্য সেমাপতি আছিল ।

 ৪) মিৰজুমলাৰ অসম আক্ৰমণ কৰাৰ সময়ত অসমৰ বৰগোহা্ঁই কোন আছিল ?

উত্তৰঃ– মিৰজুমলাৰ অসম আক্ৰমণ কৰাৰ সময়ত অসমৰ বৰগোঁহাই আছিল- আতন বুঢ়াগোহাঁই।

৫)  ছিহাবুদ্দন তালিছ কোন ?

উত্তৰঃ- ছিহাবুদ্দিন তালিচ  মিজুমলাৰ লগত  অহা প্ৰক্ষ্যত

 ঐতিহাসিক ।

৬)  ফাতিয়া-ই-ইব্ৰিয়া  গ্ৰন্থৰ ৰচক কোন ?

উত্তৰঃ ফাতিয়া-ই-ইব্ৰিয়া  গ্ৰন্থৰ ৰচক ছিহাবুদ্দিন তালিছ।

৭)  ৰহমত বানু কোন  ? তেও্ঁক কোনে বিয়া কৰাইছিল ?

উত্তৰঃ ৰহমত বানু  জয়ধ্বজ সিংহৰ জীৱৰী আছিল । তেওঁক

 আজমলে বিয়া কৰাইছিল ।

৮)  মিৰজুমলাই অসম আক্ৰমণ কৰাৰ তিনিটা কাৰণ লিখা্ঁ ?

উত্তৰঃমিৰজুমলাই অসম আক্ৰমণ কৰাৰ তিনিটা কাৰণ হ’ল-

ক) দিল্লীৰ মোগল সম্ৰাট ছাহজাহান টান নৰিয়াতচ পৰাত তেওঁৰ পুতেক দাৰা,চুজা, মুৰাদ আৰু ঔৰংজেৱ মাজত দিল্লীৰ সিংহাসনৰ বাবে বিবাদৰ সূত্ৰপাত হোৱাত আহোমসকলে নিজ নিজ অঞ্চল পুনৰুদ্ধাৰ কৰিবলৈ জয়ধ্বজ সিংহই গুৱাহাটীৰ পৰা মিৰ নুৰফুল্লাক খেদি পাণ্ড, শৰাইঘাটৰ পৰা খেদি দখল কৰোতে কোচ ৰজা নৰনাৰায়ণে মোগলৰ অধিকৃত গোৱালপাৰা অধিকাৰ কৰিছিল।

খ) আন একাংশ ঐতিহাসিক মতে আকৌ ঔৰংজেৱে সমগ্ৰ এছিয়া দিল্লীৰ সিংহাসনৰ তললৈ আনিবৰ বাবে মিৰজুমলাক অসম আক্ৰমণ কৰিব পঠাইছিল।

গ) ঔৰংজেৱৰ সিংহাসন প্ৰাপ্তিত মিৰজুমলাই যথেষ্ট সহায় কৰিছিল কিন্তু তেওঁ ভয় কৰিছিল মিৰজুমলা ভৱিষ্যতে সংকট হয় বুলি মিৰজুমলাক অসম আক্ৰমণ কৰিব পঠাইছিল।

৯)  প্ৰান নাৰায়ণ কোন ? তেও্ঁ কি উদ্দেশ্য আগত লৈ আহোম লগত মিএতা কৰিব বিচাৰিছিল?

উত্তৰঃ প্ৰাণ নাৰায়ণ এজন কোচ ৰজা আছিল। প্ৰাণ নাৰায়ণে ভাবিছিল মোগল সেনাক বিতাৰিত কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ অংশ নিজে ৰাখিম বুলি আহোমৰ লগত মিত্ৰতা কৰিব বিচাৰিছিল।

১০) মিৰজুমলাৰ ওচৰত আহোম শক্তিয়ে পৰাজয় বৰণ কৰাৰ এটা  কাৰণ লিখা্ঁ?

উত্তৰঃ

১১)  ঘিলাধৰীঘাটৰ  সন্ধিৰ তিনিটা চৰ্ত লিখা্ঁ?

উত্তৰঃ ঘিলাধৰীঘাটৰ সন্ধিৰ তিনিটা চৰ্ত হ’ল- 

ক) উত্তৰে ভৰালী আৰু দক্ষিণে কলংনদী আহোম আৰু মোগল ৰাজ্যৰ সীমা নিৰ্ধাৰণ হয়।

খ) প্ৰতি বছৰে ২০ টাকৈ হাতী মোগলক দিব বুলিও আহোমে প্ৰতিশ্ৰুতি দিলে।

গ) আহোমে মোগলক ২০,০০০ তোলা সোণ, ১,২০,০০০ তোলা ৰূপ, আৰু ৯০ টা হাতী দিবলৈ প্ৰতিশ্ৰুতি দিলে।

১২) মিৰজুমলাৰ  অসম আক্ৰমণৰ ফলাফলসমূহ লিখাঁ ।

Author- DIKHA BORA

   (Morigaon ,Assam)