Class 12 Advance Assamese Chapter 1 Question Paper (Part-3)

কপিলীপৰীয়া সাধু

H.S. পৰীক্ষাত অহা প্ৰশ্ন

(ক) অতি চমু প্রশ্ন :                                       মূল্যাংক : ১

১। ৰূপায়ে পঢ়া ‘পাতচেলা ইচ্‌কুল‘-খনৰ পণ্ডিতগৰাকীৰ নাম কি? [HS ‘08]

২। ৰূপায়ে ‘চৰাজলেই শৰণ লব খোজা ব্যক্তিজনৰ নাম কি? [HS ‘09]

৩। ৰূপাইহঁতৰ গাঁৱৰ দোকানীজনৰ নাম কি? [HS’10]

৪। ৰূপাইয়ে ‘চুধাংচু’ বাবুক প্রথমে কত লগ পাইছিল ? [HS ‘11, ‘13]

৫। ৰূপায়ে দীনবন্ধু উকীলক কি বুলি সম্বোধন কৰিছিল ? [HS’12]

৬। কপিলীপৰীয়া সাধু’ৰ লেখক কোন? [HS’14]

৭। ‘তিলক গোসাই” কোন ? [HS ‘16]

৮। বুৰঞ্জী শব্দটো কোন ভাষাৰ ? [HS ‘16]

(খ) চমু প্রশ্ন :                                       মূল্যাংক : ২/৩/৪

১। চমুটোকা লিখা (৪ নম্বৰ কৈ) :

ৰূপাই [HS ’07, 14, 16, 18], সোণপাহী [HS 07, 211], ধীৰ সিং [HS ‘07], ভাঙুৰী ভকত [HS’08, 10, 12, 14, 17], চুধাংচু বাবু [HS ’08,15], মিঃ পিল্লাই [HS ‘08], ৰঙিলী [HS ‘08,’11, ‘12], হৰিয়া [HS’09, 15, ‘17], ম বাবা [HS’09], বেথাৰাম পণ্ডিত [HS ’09, ‘11], বসু গোসাঁই [HS’09], চামগুৰীয়া [HS’10,’12,’15, ‘17], তিলক গোঁসাই [HS ‘10; 18], দীনবন্ধু উকীল [HS ‘10], সুলভ দোকানী [HS 11, ‘14,’16,’18], হেমো গাওঁবুঢ়া [HS ’12] দীনবন্ধু উকীল [HS’13], বেথাৰাম পণ্ডিত [HS’13], সোণপাহী [HS’ 13,’16], তিলক গোসাঁই [HS 13, 15], গোসাঁই পুখুৰী [HS ’14, 17, 18], কপিলী [HS ‘16],

২। জেলত থকা সময়ছোৱাত ৰূপায়ে লাভ কৰা অভিজ্ঞতাসমূহ চমুকৈ বৰ্ণনা কৰা। [HS ‘08]

৩। “পতু জনেই আমি দাঁতিয়লীয়ে মানুহ। শৰণ মলে জাতত নুঠো।” কোনে, কাক এই কথা কৈছিল ? [HS ‘08]

৪। সন্তোষ বঙালৰ টোল‘-ৰ বিষয়ে কপিলীপৰীয়া সাধু-ত কি কথা পোৱা যায়, লিখা।[HS ‘08]

৫। উকীলৰ ঘৰত থকা কালছোৱাত ৰূপাই কি কি ঘটনাৰ সম্মুখীন

হৈছিল তাৰ এটি চমু বিৱৰণ দিয়া।[HS ‘09, ‘13]

৬। “লোকে হাতৰ কাণৰ বেচি চেচিও লৰা চৰা পঢ়ায় ঈশ্বৰৰ  কৃপাত তোমাৰ তামোল টেঙাৰ বাৰীখনেই দুই দেৰকুৰি টকা দিয়ে—তুমিনো নোৱাৰিবা কিয়।” কোনে, কাক এনেদৰে কৈছিল? [HS ’09] 

৭। গোসাঁই পুখুৰীসম্বন্ধে কপিলীপৰীয়া সাধুত কি কথাৰ উল্লেখ আছে, লিখা।[HS ‘09]

৮। সোণপাহী আৰু ৰূপাইৰ অন্তিম সাক্ষাত কত কিদৰে হৈছিল বুজাই লিখা।[HS ‘10, ‘12]

৯। “কপিলীয়েই আমাক চিনাকি কৰিলে…. কেতিয়াবা কপিলীয়েই আঁতৰাই লৈ যাব।” – কোনে কাক এনেদৰে কৈছিল?

১০। সুলভ দোকানীৰ বিষয়ে চামগুৰীয়াই কি কথা কৈছিল, চমুকৈ লিখা ।[HS ‘10, ‘13]

১১। ধীৰচিংহঁতৰ গাঁওখনৰ বিষয়ে চমুকৈ লিখা। [HS 11]

১২। “মোৰ কথাবোৰ বাৰু বেঁকাই—তই চিধা বাট ল।”

— কোনে, কাক এনেদৰে কৈছিল? [HS 11, 15, 17]

১৩। “মই তেওঁৰ সত্ৰত শৰণ লব খোজা নাই নহয় পিতাই, তেওঁতহে শৰণ লম।”— ইয়াত কোনে, কাৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে ? [HS’11, ‘13]

১৪। “ম‍ই শিচ্ ভজাবলৈ এৰিলো নহয়, এজনৰ শিচ্‌হে। কোনে,কাক এনেদৰে কৈছিল? [HS’12]

১৫। ৰূপাইহঁতৰ গাৱঁৰ দোকানীজনৰ নাম কি? ‘কপিলীপৰীয়া সাধুউপন্যাসখনত উকীলনীক দিয়া বজাৰৰ হিচাপ মতে কাৱৈমাছ একুৰিৰ মূল্য কিমান? [HS’12]

১৬। বেথাৰাম কোন? তেওঁৰ আচল ঘৰ কত আছিল? চমুকৈ লিখা। [HS 14,’16]

১৭। বসু কোন? তেওঁৰ শিক্ষাগত অৰ্হতা কি? [HS’14,’16]

১৮। “সেইলান কি হা?” এনেকৈ কোনে, কাক কৈছিল? [HS’14]

১৯ । ৰূপাই কোন ? তেওঁৰ চাৰিত্ৰিক কাৰ্যকলাপৰ বিষয়ে চমুকৈ লিখা।[HS ‘ 15, ‘17]

২০।কোন? সেই “বৈদীগোঁসাই”?

কোনে, কাক কৈদীগোঁসাই বুলি কৈছে? [HS ‘15]

(গ) ৰচনাধৰ্মী প্ৰশ্নঃ                                            মূল্যাংকঃ৫

১। কপিলীপৰীয়া সাধুউপন্যাসত প্ৰকৃতিৰ সৈতে মানৱ জীৱনৰ নিবিড় সম্পর্ক কেনেদৰে প্ৰকাশ পাইছে, আলোচনা কৰা। [HS ‘07]

২। কপিলীপৰীয়া সাধু উপন্যাসৰ তিলক গোসাই অথবা ধীৰ চিঙৰ  চৰিত্ৰ বিশ্লেষণ কৰি দেখুওৱা। (HS ‘08)

৩। কপিলীপৰীয়া সাধুউপন্যাসত ৰূপাই আৰু সোণপাহীৰ সম্পর্ক কেনেদৰে দেখুৱা হৈছে, বিবৰি লিখা। [HS 09 ]

৪। কপিলীপৰীয়া সাধুত বর্ণিত বানপানীৰ দৃশ্য তোমাৰ  ভাষাৰে বিৱৰি লিখা । [HS ‘10, ‘12, ‘14, ‘17]

৫। কপিলীপৰীয়া সাধু-ত বর্ণিত গোসাঁই পুখুৰীৰ এটি বিৱৰণ দাঙি ধৰা।[HS 11, ‘13]

৬। কপিলীপৰীয়া সাধুত বৰ্ণিত ৰূপাইৰ জন্ম ৰহস্যৰ আঁৰত থকা ঘটনাটোৰ বিৱৰণ দিয়া ।[HS 12]

৭। “কপিলী দুখৰো চকুলো——আনন্দৰো চকুলো।”

এই উক্তিৰ আধাৰত কপিলীপৰীয়া সাধুউপন্যাসৰ এটি। আলোচনা আগবঢ়োৱা । [HS ‘15]

(গ) চমু প্রশ্ন :                                মূল্যাংক : ২/৩/৪/৫/৬

১। “কপিলীয়েই কপিলীপৰীয়া মানুহৰ জীৱন।” এই উক্তিৰ আধাৰত কপিলীপৰীয়া সাধুউপন্যাসৰ এটি আলোচনা আগবঢ়োৱা ।[HS ‘16]

২। “এই বাঘে খোৱা, এই কেইদিন অহা নাই কিয় ?”

— এনেকৈ কোনে কাক কৈছিল ? [HS ‘18]

৩। “বুকুখন পিহি দিম নেকি ?”

— কোনে কাক এনেকৈ কৈছিল ? [HS’18]

(গ) ৰচনাধর্মী প্রশ্ন :                        মূল্যাংক : ৪/৫/৬

১। ‘কপিলী দুখৰো চকুলো আনন্দৰো চকুলো।‘— এই উক্তিৰ আধাৰত ‘কপিলীপৰীয়া সাধুউপন্যাসৰ এটি আলোচনা আগবঢ়োৱা ।[HS ‘18]

২। বসু কোন? তেওঁৰ বিষয়ে চমুকৈ লিখা ৷[HS’18]

Type: Himashree Bora.