Class 12 Advance Assamese Chapter 2 Question Paper (Part-4)

হাতী

H.S. পৰীক্ষাত অহা প্ৰশ্ন

(ক) অতি চমু প্রশ্ন:                                                         মূল্যাংক: ১

১। হোমেন বৰগোহাঞিৰ সাহিত্য অকাডেমী বঁটা বিজয়ী উপন্যাসখনৰ নাম কি? [HS ‘10]

 ২ । হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা এটি গল্প সংকলনৰ নাম লিখা ৷ [HS ‘11, ‘17]

৩। বলোৰাম মেধিয়ে শেষত হাতীটো কাক দান কৰিছিল ? [HS ‘12]

৪। ‘বাপধন’ আৰু ‘ৰাতিয়াকোন ? [HS’12]

৫। হোমেন বৰগোহাঞিৰ কাব্য সংকলনখনৰ নাম কি ? [HS ‘13,15,’16]

৬। হোমেন বৰগোহাঞিৰ এখন আত্মজীৱনীমূলক গ্ৰন্থৰ নাম লিখা ।

[HS ‘14]

৭। হোমেন বৰগোহাঞিয়ে কোনখন উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে? [HS ‘18]

(খ) চমু প্রশ্ন:                                               মূল্যাংক: ২/৩/৪

১। “তাৰ পিছত, তাৰ পিছত কি হ? নকৱ কিয় তাৰ পিছত কি হ’ব?”—–কথাষাৰ কোনে কৈছিল? তেওঁ এনেদৰে | কোৱাৰ কাৰণ কি? [HS ‘09, ‘11]

২। হোমেন বৰগোহাঞিৰ দুখন গল্প পুথিৰ নাম লিখা । [HS ‘09]

৩। নতুনৰ শোভাযাত্ৰাত ঠাই নোপোৱা, প্ৰাচীন হৈ যাব ধৰা । পৃথিৱীৰ দুটা অথৰ্ব প্রতিনিধি।’— ইয়াত কি নতুনৰ শোভাযাত্ৰাৰ কথা কোৱা হৈছে, আৰু তাত ঠাই নোপোৱা প্রতিনিধি দুটা কোন কোন ? [HS’13,15]

৪। “কি ক’লি? বাপধনক বেছি মটৰ কিনিব খোজ ?” এনেকৈ কোনে, কাক কিয় প্রশ্ন কৰিছিল ? [HS’14]

৫। “ঘটনাটো ঘটিল বুঢ়াৰ সৰু পুতেকৰ বিয়া উপলক্ষ্য।” ইয়াত কি ঘটনাৰ কথা কোৱা হৈছে? বুঢ়া আৰু তেওঁৰ সৰু পুতেকৰ নাম কি? [HS’16]

৬। “ঘটনাটো ঘটিল বুঢ়াৰ সৰু পুতেকৰ বিয়া উপলক্ষে।” ইয়াত কি ঘটনাৰ কথা কোৱা হৈছে ? বুঢ়া আৰু তেওঁৰ সৰু পুতেকৰ নাম কি? [HS ‘18]

 (গ) ৰচনাধৰ্মী প্রশ্ন:                                              মূল্যাংক: ৫

১। ‘সিটো কেৱল এটা হাতী নহয়, কেৱল এটা অভিজাত বাহনো নহয়, সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক?’— ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি কাৰ জীৱনৰ প্ৰসংগত কোৱা হৈছে? কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা । [HS ‘10, ‘17]

২। নতুনৰ শোভাযাত্ৰাত ঠাই নোপোৱা, প্ৰাচীন হৈ যাব ধৰা পৃথিৱীৰ দুটা অথৰ্ব প্ৰতিনিধি।’—ইয়াত ‘অথর্ব প্রতিনিধি‘ | বুলি কাৰ কাৰ কথা কোৱা হৈছে? কথাষাৰিৰ তাৎপর্য ব্যাখ্যা কৰা । [HS’11,’15]

৩। বলোৰাম মেধিয়ে হাতী কিয় কিনিছিল? ‘হাতীগল্পৰ আধাৰত নতুন আৰু পুৰণি মূল্যবোধৰ মাজত কেনেদৰে সংঘাতৰ সৃষ্টি হৈছে বিৱৰি লিখা । [HS ‘12]

৪। বাপধনক কেন্দ্ৰ কৰি বাপেক-পুতেকৰ মাজত কেনেধৰণৰ কাজিয়াৰ সূত্ৰপাত হৈছিল লিখা। [HS ‘13,’16,’18]

৫। বলোৰাম মেধি কোন ? তেওঁ কিয় হাতী কিনিছিল ? হাতীটো পিচত কি হ? [HS’14,’17]

৬। ‘হাতী’ গল্পত মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ কেনেদৰে অংকিত

হৈছে তাক বিশ্লেষণ কৰি দেখুওৱা ।[HS’15]

Type: Himashree Bora.