Class 6 Assamese Book Chapter 6 মহোহো Question Answer | AJB School Class 6 Assamese Book |

মহোহো

 পাঠঃ ছয়

ক্ৰিয়া-কলাপ

⚪অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ 

লোকবিশ্বাস  = জনসাধাৰণৰ মাজত প্ৰচলিত বিশ্বাস

সামঞ্জস্য = পৰস্পৰ মিল 

বেশ = সাজ-পাৰ

মাননি = মান বা ভক্তি ভাবেৰে দিয়া বস্ত

অবিচ্ছেদ্য = বিচ্ছেদ কৰিব বা ছিঙিব নোৱৰা; এৰিব নোৱৰা

[ ১] একোটিকৈ বাক্যত উত্তৰ লিখাঁঃ 

ক) ‘মহোহো’ শব্দটো কেনেদৰে সৃষ্টি হৈছে?

উত্তৰঃ অসমীয়া মহ শব্দৰ লগত বড়ো ভাষাৰ হো শব্দ লগ লাগি মহোহো শব্দটো সৃষ্টি হৈছে।

খ) কোন তিথিত মহোহো উৎসৱ পালন কৰা হয়?

উত্তৰঃ আঘোণ মাহৰ পূৰ্ণিমা তিথিত মহোহো উৎসৱ পালন কৰে।

গ) মহোহো উৎসৱৰ গীতবোৰ মূলতঃ কেনেকুৱা?

উত্তৰঃ মহোহো উৎসৱৰ গীতবোৰ মূলতঃ এই গীতবোৰ এটা বিষয়ত আৰম্ভ হৈ আন এটা বিষয়ত শেষ হোৱা দেখা যায়।

ঘ) লোকবিশ্বাস মতে ভালুকে কি খায়?

উত্তৰঃ লোকবিশ্বাস মতে ভালুকে মহ খায়।

ঙ) ‘এউৰি মাগা’ কোন অঞ্চলত পালন কৰা হয়?

উত্তৰঃ এউৰি মাগা গোৱালপাৰা জিলাত পালন কৰা হয়।

[ ২] তিনি-চাৰিটামান বাক্যত হোৱাকৈ উত্তৰ লিখাঁঃ

ক) মহোহো উৎসৱ কেনেদৰে পালন কৰা হয়?

উত্তৰঃ মহোহো উৎসৱ আঘোণ মাহৰ পূ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱত চেমনীয়াসকলে একেলগ হৈ হাতে হাতে বাঁহৰ টোকোন একোডাল লৈ মানুহৰ ঘৰৰ চোতালে চোতালে মহখেদা গীত গাই গৃহস্থক আশীৰ্বাদ দি ফুৰে।

খ) মহোহো উৎসৱত অংশগ্ৰহণ কৰা শিল্পীসকলে কেনেধৰণৰ সাজ-পাৰ পৰিধান কৰে লিখাঁ।

উত্তৰঃ মহোহো উৎসৱত অংশগ্ৰহণ কৰা শিল্পীসকলৰ মাজৰ এজনে কলৰ চোঁচনি গাত আঁৰি ভালুক হয়,লগতে বাঁহৰ শুকান ঢকুৱাৰ খাৰু, বাজু, মুকুট আদি পিন্ধে।

গ) বহাগ বিহুৰ হুঁচৰিৰ সৈতে মহোহো উৎসৱৰ কোনবোৰ দিশৰ সাদৃশ্য আছে?

উত্তৰঃ বহাগ বিহুত ঘৰলৈ হুঁচৰি আহিলে গৃহস্থই  পদুলিমুখৰ পৰাই আদৰি নিয়া দৰে মহোহো গাবলৈ আহিলেও গৃহস্থই আদৰি নিয়ে।

বহাগ বিহুত কোনো কোনো হুঁচৰিৰ দলে স্ফূৰ্তি-তামাচা কৰি সৰহীয়াকৈ মাননি বিচৰা দৰে মহোহো গীতটো পইচা বিচৰা কথা পোৱা যায়।

ঘ) মহোহো উৎসৱ পালনৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ মহোহো উৎসৱ পালনৰ প্ৰধান উদ্দেশ্য হল মহ খেদা।

ঙ) সমাজৰ বিভিন্ন মানুহৰ মাজত সম্প্ৰীতিৰ বান্ধোন দৃঢ় কৰাত মহোহো উৎসৱে কেনেদৰে ভূমিকা লৈছে?

উত্তৰঃ মহোহো উৎসৱৰ সকলো গীতেই মানুহৰ মাজত আনন্দ-বিনোদনৰ যোগান ধৰে। সমাজৰ বিভিন্ন মানুহৰ মাজত সম্প্ৰীতি বান্ধোন দৃঢ় কৰে।

[ ৩] চমুটোকা লিখাঁঃ

ক) লোক-উৎসৱঃ লোক-উৎসৱত অসম অতি চহকী। অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন লোক-উৎসৱ পালন কৰা হয়। এটি জনপ্ৰিয় লোক-উৎসৱ হৈছে মহোহো উৎসৱ। 

খ) মহোহো উৎসৱৰ গীতঃ মহোহো উৎসৱত বিশেষ ধৰণৰ গীত গোৱা হয়। এনেদৰে গীত গাই গাই মহ খেদিব পৰা যায় বুলি মানুবৰ বিশ্বাস। এই গীতবোৰ এটা বিষয়ত আৰম্ভ হৈ আন এটা বিষয়ত হে শেষ হোৱা দেখা যায়। অৰ্থাৎ গীতবোৰৰ আৰম্ভণি আৰু সামৰণি মাজত সামঞ্জস্য নাথাকে।

গ) হুঁচৰি ঃ বহাগ বিহুত ডেকা-গাভৰু দলে গৃহস্থ মংগলৰ কাৰণে হুঁচৰি গায়।

ঘ) বাম্বোল পিটা উৎসৱঃ নামনি অসমৰ কোনো অঞ্চলত এই উৎসৱ পালন কৰা হয়। 

[ ৪] উদাহৰণটো চাই বাকীকেইটা কৰাঁঃ

উদাহৰণঃ গৃহস্থ  一 অতিথি

মংগল 一 ….অমংগল………….

আশীৰ্বাদ 一 …অভিশাপ…………

আৰম্ভণি 一 ..শেষ…………..

সন্তুষ্ট 一 ….অসন্তুষ্ট……….

বিশ্বাস 一 ……অবিশ্বাস……….

আনন্দ 一 বিষাদ…………..

উজনি 一 ..নামনি…………

[ ৫] ‘সকলো গীতেই মানুহৰ মাজত আনন্দ-বিনোদনৰ যোগান ধৰে’ 一 কেনেকৈ, তোমাৰ নিজৰ ভাষাৰে বুজাই লিখাঁ।

[ ৬] অৰ্থৰ পাৰ্থক্য স্পষ্ট হোৱাকৈ বাক্য ৰচনা কৰাঁঃ

দলঃ লৰাবোৰে কাবাডী খেল খেলিবলৈ একোটাকৈ দল গঠণ কৰিছে।

 দ’লঃ 

 মহঃ মহ হৈছে এবিধ ক্ষুদ্ৰ প্ৰাণী।

 ম’হঃ ম’হৰ শিঙ পেপাৰ বনাবলৈ ব্যৱহাৰ কৰা হয়। 

পানীঃ পানী খালে আমাৰ পিয়াহ পলায়।

 পাণিঃ সৰস্বতী পাণিত এখন বীণা আছে। 

বল, 

ব’ল;

 ৰ’দঃ ঠাণ্ডা দিনত ৰ’দত বহি ভাল লাগে।

 ৰদঃ ঘৰ বনাবলৈ ইটা, বালি, ৰদৰ প্ৰয়োজন।

[ ৭] পাঠটোত এটি লোক- বিশ্বাসৰ কথা আছে। লোক-বিশ্বাস মানে কি? তুমি শুনা কেইটামান লোক-বিশ্বাসৰ এখন তালিকা কৰাঁ।

[ ৮] পাঠটোত ব্যৱহৃত কেইবাটাও গীতত কিছুমান থলুৱা শব্দ ব্যৱহাৰ কৰা হৈছে। পাঠটোৰ সহায়ত শিক্ষক -শিক্ষয়িত্ৰিসকলে ছাত্ৰ ছাত্ৰীসকলক ভাষা -উপভাষা সম্পৰ্কে ধাৰনা দিব পাৰিব । 

Type Nayan Moni Deka 

Post ID : DABP005895