Class 8 Assamese Book Chapter 6 প্ৰগতিৰ সোণালী বাট Short Question Answer

প্ৰগতিৰ সোণালী বাট

1/ প্ৰদৰ্শনীখন কোনে পাতিছিল ?

উত্তৰঃ প্ৰদৰ্শনীখন মহিলাসকলে পাতিছিল।

2/ মানুহে ভিৰ কৰা বিপণিখনত কি পদৰ্শন কৰা হৈছিল ?

উত্তৰঃ মানুহে ভিৰ কৰা বিপণিখনত এড়িপলু পোহাৰ পদ্ধতি পদৰ্শন কৰা হৈছিল।

3/ অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে ?

উত্তৰঃ অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে।

4/ স্বাৱলম্বনৰ কাৰণে গঠণ কৰা গোটবোৰক কি বুলি জনা যায় ?

উত্তৰঃ স্বাৱলম্বনৰ কাৰণে গঠণ কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়।

5/ এই গোট উৎপাদন কৰা সমাগ্ৰীসমূহ কি কৰা হয় ?

উত্তৰঃ এই গোটৰ উৎপাদন কৰা সমাগ্ৰীসমূহ সূলভমূল্যত বিক্ৰী কৰা হয়।

6/ প্ৰাক্-স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল ?

উত্তৰঃ প্ৰাক্-স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহত্মা গান্ধীয়ে চিন্তা কৰিছিল।

7/ কাৰ দ্বাৰা গুজৰাটৰ সৱৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল ?

উত্তৰঃ গংগাবেন মজুমদাৰ দ্বাৰা গুজৰাটৰ সৱৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল।

8/ অসমীয়া শিপিনীয়ে কাপোৰত কি ৰচিব পাৰে ?

উত্তৰঃ অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে।

9/ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আাহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি কি হৈছিল ?

উত্তৰঃ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আাহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈছিল।

10/ বৰ্তমান কি শিল্প হিচাপে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এক উল্লেখযোগ্য স্থান দখল কৰিছে ?

উত্তৰঃ বৰ্তমান বয়ন শিল্পই কুটীৰ শিল্প হিচাপে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এক উল্লেখযোগ্য স্থান দখল কৰিছে।

11/ পূৰ্বতে মহিলাসকলে কেৱল কি চাহিদা পূৰাবলৈকে কাপোৰ বৈছিল ?

উত্তৰঃ পূৰ্বতে মহিলাসকলে কেৱল পৰিয়ালৰ চাহিদা পূৰাবলৈকে কাপোৰ বৈছিল।

12/ আন্তৰ্জাতিক নাৰী সৱলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ  কিমান  চনত ঘোষণা কৰা হৈছিল ?

উত্তৰঃ আন্তৰ্জাতিক নাৰী সৱলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ ২০০১ চনত ঘোষণা কৰা হৈছিল।

13/ এখন বিপণিত কেইগৰাকীমান মহিলাই কি সূতা কাটিছে ?

উত্তৰঃ এখন বিপণিত কেইগৰাকীমান মহিলাই এড়ী সূতা কাটিছে।

14/ ২০০১ চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল ?

উত্তৰঃ ২০০১ চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে।

15/ আধুনিক প্ৰযুক্তি-কৌশল, উন্নতমানৰ যন্ত্ৰ-পাতিৰ ব্য়ৱহাৰে অতি কম সময়ৰ ভিতৰতে অধিক উৎপাদন সম্ভৱ কৰি তুলিছে নে নাই ?

উত্তৰঃ আধুনিক প্ৰযুক্তি-কৌশল, উন্নতমানৰ যন্ত্ৰ-পাতিৰ ব্য়ৱহাৰে অতি কম সময়ৰ ভিতৰতে অধিক উৎপাদন সম্ভৱ কৰি তুলিছে।

Type By- Subhas Nath