Class 8 Assamese Book Chapter 2 যুগমীয়া শৰাইঘাট Short Question Answer

যুগমীয়া শৰাইঘাট

1/  অতীতৰ শৰাইঘাটৰ সমস্য়াবোৰ কেনে ধৰনৰ আৰু এতিয়াৰ সমস্য়াবোৰ কেনেধৰনৰ ?

উত্তৰঃ অতীতৰ শৰাইঘাটৰ সমস্য়াবোৰ হ’ল সামৰিক আৰু এতিয়া সমস্য়াবোৰ হ’ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্য়িক। 

2/ অসমত বছৰি কি কি দুৰ্যোগ হ’য় ? 

উত্তৰঃ বানপানীৰ দুৰ্যোগ, খৰাংবতৰৰ দুৰ্যোগ, মাৰি মৰক, ভূঁইকঁপ, ওচৰ-চুবুৰীয়া জাতিবৃন্দৰ লগত লেন-দেন আদি। 

3/ অসম মাৰিবলৈ কোনে কাক পঠালে ? 

উত্তৰঃ ঔৰংজেৱ বাদছাহে ৰাজপুত ৰজা ৰামসিংহক পঠালে। 

4/ কথাৰ যুদ্ধৰে বলে নোৱাৰি কোনে ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰিলে ? 

উত্তৰঃ কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই  ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰিলে। 

5/ জ্বৰৰ গাৰে কোনে নাও মেলি দিলে ? 

উত্তৰঃ জ্বৰৰ গাৰে লাচিতে নাও মেলি দিলে। 

6/ লাচিতে কি পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছে ? 

উত্তৰঃ লাচিতে চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছে। 

7/ শৰাইঘাটৰ যুঁজত কোন পৰাজিত হ’ল ? 

উত্তৰঃ শৰাইঘাটৰ যুঁজত ৰামসিংহ পৰাজিত হ’ল। 

8/ লাচিতৰ অধীনত কিমান লক্ষ সৈন্য় আছিল ? 

উত্তৰঃ লাচিতৰ অধীনত এক লক্ষ সৈন্য় আছিল। 

9/ কটকী ৰামচৰণে কাঠৰ চৰাইৰ নাচ দেখি ঘনে ঘনে কালৈ চাইছিল ? 

উত্তৰঃ কটকী ৰামচৰণে কাঠৰ চৰাইৰ নাচ দেখি ঘনে ঘনে আচহুৱা চৰাইটোলৈ চাইছিল। 

10/ অসমৰ নিয়মমতে মানুহ কটাৰ আজ্ঞা কোনে দিব পাৰিছিল ? 

উত্তৰঃ অসমৰ নিয়মমতে মানুহ কটাৰ আজ্ঞা স্বৰ্গদেৱেহে দিব পাৰিছিল।

11/ “অসমৰ উকীল, কি লাগে খোজ, মই দিওঁ। কোনে কাৰ হেঁপাহ দেখি সুধিলে ? 

উত্তৰঃ ৰামসিংহই কটকীৰ হেঁপাহ দেখি সুধিলে।

12/ ৰামসিংহ কোন আছিল ?

উত্তৰঃ ৰামসিংহ মোগলৰ সেনাপতি আছিল।

13/ তেওঁ কিয় অসমলৈ আহিছিল ?

উত্তৰঃ অসম আক্ৰমণ কৰিবলৈ আহিছিল।

14/ শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল ?

উত্তৰঃ আহোম আৰু মোগলৰ মাজত শৰাইঘাৰ ৰণ হৈছিল।

15/ মোগলে নাঁওৰে সৈতে ধৰি ৰখা শৰাইঘাটৰ সেনাপতিজনৰ নাম কি ?

উত্তৰঃ কোৱামৃদ্ধ হাজৰিকা।

16/ লাচিতে অসমীয়া সৈন্য়বল বুজোৱাৰ উদ্দেশ্য়ে ৰাম সিংহলৈ কি পঠিয়াইছিল ?

উত্তৰঃ এচুঙা বালি পঠিআইছি।

17/ অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰসংশা কৰিছিল নে নাই ?

উত্তৰঃ অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰসংশা কৰিছিল।

18/ মোগলক তুৰন্তে ধৰিবলে কোনে আদেশ দিলে ?

উত্তৰঃ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই আদেশ দিলে।

19/