Class 8 Assamese Book Chapter 3 এন্ ফ্ৰাঙ্কৰ ডায়েৰি Short Question Answer

1/ এন্ ফ্ৰাঙ্ক কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ ১৯২৯ চনৰ জুন মাহত জন্ম হৈছিল।

2/ এন্ ফ্ৰাঙ্ক জন্মে সূত্ৰে কৰ আছিল ?

উত্তৰঃ এন্ ফ্ৰাঙ্ক জন্মে সূত্ৰে ইহুদীয়া আছিল।

3/ জাৰ্মান সেনাধক্ষ কোন আছিল ?

উত্তৰঃ জাৰ্মান সেনাধক্ষ এড্লফ হিট্লাৰ আছিল।

4/ এন্ ফ্ৰাঙ্কে পৰিয়ালসহ ক’ত বাস কৰিছিল ?

উত্তৰঃ এন্ ফ্ৰাঙ্কে পৰিয়ালসহ হেলেণ্ডত বাস কৰিছিল।

5/ এন্ ফ্ৰাঙ্কৰ দেউতাকে নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ ২ বছৰকাল ক’ত আত্মগোপন কৰিছিল ?

উত্তৰঃ এন্ ফ্ৰাঙ্কৰ দেউতাকে নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ ২ বছৰকাল এটা পণ্য়াগাৰত আত্মগোপন কৰিছিল।

6/ নাজীবাহিনীৰ কৱলৰ পৰা জীৱিত ৰূপত কোন বাচি আহিছিল ?

উত্তৰঃ নাজীবাহিনীৰ কৱলৰ পৰা জীৱিত ৰূপত দেউতাক বাচি আহিছিল।

7/ এন্ ফ্ৰাঙ্কে কিমান চনৰ পৰা দিনলেখা কামটো আৰম্ভ কৰিছিল ?

উত্তৰঃ এন্ ফ্ৰাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা দিনলেখা কামটো আৰম্ভ কৰিছিল।

8/ এন্ ফ্ৰাঙ্কে কিমান চনলৈ ডায়েৰি লিখে ?

উত্তৰঃ এন্ ফ্ৰাঙ্কে ১৯৪৪ চনৰ ১ আগষ্টলৈকে।

9/ এন্ আৰু তেওঁৰ পৰিয়ালক কিমান তাৰিখে লুকাই থকা স্থানৰ পৰা নাজীবাহিনীৰ লোকে আটক কৰি নিয়ে ?

উত্তৰঃ এন্ আৰু তেওঁৰ  পৰিয়ালক ৪ আগষ্টৰ তাৰিখে লুকাই থকা স্থানৰ পৰা নাজীবাহিনীৰ লোকে আটক কৰি নিয়ে।

10/ এন্ ফ্ৰাঙ্কে ডায়েৰি লিখা কাৰণ কি ?

উত্তৰঃ বন্ধু নথকাৰ বাবে এন্ ফ্ৰাঙ্কে ডায়েৰি লিখিছিল।

11/ এন্ ফ্ৰাঙ্কে কাক প্ৰকৃত বন্ধু হিচাপে গণ্য় কৰিছিল ?

উত্তৰঃ এন্ ফ্ৰাঙ্কে ডায়েৰিখনক প্ৰকৃত বন্ধু হিচাপে গণ্য় কৰিছিল।

12/ এন্ ফ্ৰাঙ্কে ডায়েৰিখনৰ নাম কি ৰাখিছিল ?

উত্তৰঃ এন্ ফ্ৰাঙ্কে ডায়েৰিখনৰ নাম ‘কিটি’ ৰাখিছিল।

13/ এন্ ৰ আইতাক কেতিয়া অসুখত পৰিল ?

উত্তৰঃ ১৯৪১ এন্ ৰ আইতাক অসুখত পৰিল।

14/ এন্ ৰ আইতাক কেতিয়া মৃত্য়ু হয় ?

উত্তৰঃ এন্ ৰ আইতাক ১৯৪২ চনৰ জানুৱাৰী মাহত মৃত্য়ু হয়।

15/ ১৯৪১ চনত কি সময়ত এন ফ্ৰাঙ্কৰ আইতাক অসুখত পৰিছিল ?

উত্তৰঃ ১৯৪১ চনত গ্ৰীষ্ম সময়ত এন ফ্ৰাঙ্কৰ আইতাক অসুখত পৰিছিল।

16/ এন ফ্ৰাঙ্কৰ ডায়েৰি এখন বিশ্ৱবিখ্য়াত কি আছিল ?

উত্তৰঃ এন ফ্ৰাঙ্কৰ ডায়েৰি এখন বিশ্ৱবিখ্য়াত গ্ৰন্থ আছিল।

17/ এন ফ্ৰাঙ্কৰ চিন্তাৰ পৰিধি কেনেকুৱা আছিল ?

উত্তৰঃ এন ফ্ৰাঙ্কৰ চিন্তাৰ পৰিধি বিশাল আছিল।

18/ এন ফ্ৰাঙ্কৰ বাইদেউকৰ কিমান বয়স আছিল ?

উত্তৰঃ এন ফ্ৰাঙ্কৰ বাইদেউকৰ ষোল্ল বছৰ আছিল।

19/ এন্ ফ্ৰাঙ্কে কি বুলি ডায়েৰিখন সম্বোধন কৰি লিখা আৰম্ভ কৰিছিল ?

উত্তৰঃ এন্ ফ্ৰাঙ্কে ডায়েৰিখন ‘মৰমৰ কিটি’ বুলি সম্বোধন কৰি লিখা আৰম্ভ কৰিছিল।

20/ এন্ ফ্ৰাঙ্কে শেষত কি বুলি সমাপ্ত কৰিছিল ?

উত্তৰঃ এন্ ফ্ৰাঙ্কে শেষত ‘তোমাৰ,এন্’ বুলি সমাপ্ত কৰিছিল।

Type By-Subhas Nath