Class 8 Maths Solution Lesson 9 (B) AJB অধ্য়ায়-9 | অনুশীলনী 9 (B) | Chapter 9 | Class 8 Maths AJB School Question Answer | Lesson 9 Class 8 Maths AJB School Question Answer and Solutions For Assam

অধ্য়ায় – 9

অনুশীলনী – 9(B)

1. বৃদ্ধি কৰা:

    i) 200 ক 15 %                                ii) 1200 ক 6 %

  iii) 720 টকাক 25 %                        iv) 1350 মিটাৰক 5 %

2. হ্ৰাস কৰা :

    i) 300 ক 4 %                                  ii) 1500 ক 8 %

  iii) 2500 কিল’গ্ৰামক 18 %              iv) 4225 লিটাৰক 12.5 %

3. এটা ৰিডিঅ’ৰ মূল্য় 8 % বৃদ্ধি কৰা হ’ল। ৰেডিঅ’টোৰ পূৰ্বৰ মূল্য়         900 টকা হ’লে নতুন মূল্য় কিমান হ’ব?

4. এটা আলমিৰাৰ মূল্য় 12 % বৃদ্ধি কৰাৰ পাছত মূল্য় 8736 টকা            হ’লগৈ। আলমিৰাটোৰ পূৰ্বৰ মূল্য় কিমান আছিল?

5. টিভিৰ মূল্য় 5 % হ্ৰাস হোৱাৰ পিছত প্ৰীতমে 17575 টকাৰে এটা            টিভি কিনিলে। মূল্য় হ্ৰাস হোৱাৰ আগত টিভিটোৰ মূল্য় কিমান            আছিল?

6. এটা চোলাৰ দাম 850 টকাৰ পৰা বাঢ়ি 977.50 টকা হ’লগৈ।                চোলাটোৰ শতকৰা মূল্য় বৃদ্ধি নিৰ্ণয় কৰা।

7. হৰিধনৰ দৰমহা বছৰি 5 % বৃদ্ধি হয়। বৰ্তমান হৰিধনৰ দৰমহা            35000 টকা হ’লে 2 বছৰ পিছত তেওঁৰ দৰমহা কিমান হ’ব?

8. এটা সংখ্য়াক 10 % বৃদ্ধি কৰা হ’ল। পিছত সংখ্য়াটোক পুনৰ 10 %     হ্ৰাস কৰা হ’ল। ইয়াৰ ফলত আৰম্ভণিৰ তুলনাতসংখ্য়াটোৰ শতকৰা     হ্ৰাস/ বৃদ্ধি নিৰ্ণয় কৰা।

9. নীৰজৰ হাতত অনিলতকৈ 20 % বেছি টকা আছে। অনিলৰ                হাতত থকা টকাৰ পৰিমাণ নীৰজতকৈ কিমান শতাংশ কম?

10. A ৰ উপাৰ্জন B তকৈ 60 % বেছি। B ৰ উপাৰ্জন A তকৈ কিমান         শতাংশ কম?

11. এজন মানুহৰ দৰমহা 25 % বৃদ্ধি হ’ল। মানুহজনৰ নতুন দৰমহা          কিমান শতাংশ কমালে তেওঁৰ দৰমহা পুনৰ আগৰ সমান হ’বগৈ?

Type – Rajashree Bora