Class 8 Maths Solution Lesson 9(C) AJB | অধ্য়ায়-9 | অনুশীলনী 9 (C) | Chapter 9 | Class 8 Maths AJB School Question Answer | Lesson 9 Class 8 Maths AJB School Question Answer and Solutions For Assam

অধ্য়ায় – 9

অনুশীলনী – 9(C)

1. এজন দোকানীয়ে এযোৰ জোতা 650 টকাত কিনি 702 টকাত বিক্ৰী     কৰিলে। তেওঁৰ শতকৰা লাভ নিৰ্ণয় কৰা।

2. এটা বস্তু 1197 টকাত বিক্ৰী কৰোঁতে 5 % লোকচান হ’ল। বস্তুটোৰ         কিনাদাম উলিওৱা।

3. হৰিয়ে পুৰণি চাইকেল এখন 750 টকাৰে কিনি আনিলে।                    চাইকেলখন মেৰামতি কৰোঁতে তেওঁৰ 200 টকা খৰচ হ’ল। পিছত        তেওঁ চাইকেলখন 20 % লাভ কৰি বিক্ৰী কৰিলে। চাইকেলখনৰ            বেচাদাম উলিওৱা।

4. এজন দোকানীয়ে 12000 টকাৰে এটা ফ্ৰিজ আৰু 1150 টকাৰে            এখন ফেন কিনিলে। পিছত তেওঁ ফ্ৰিজটো 10 % লাভত আৰু            ফেনখন 8 % লোকচানত বিক্ৰী কৰিলে। এই কিনা – বেচাত                দোকানীজনৰ শতকৰা লাভ/ লোকচান উলিওৱা।

5. 18 টা আমৰ কিনাদাম 16 টা আমৰ বেচাদামৰ সমান হ’লে শতকৰা     লাভ নিৰ্ণয় কৰা।

6. 12 ডাল পেঞ্চিলৰ কিনাদাম 15 ডাল পেঞ্চিলৰ বেচাদামৰ সমান।        শতকৰা লাভ/ লেকচান উলিওৱা।

7. এজন কমলা বেপাৰীয়ে 3 টকাত 4টাকৈ কমলা কিনি সেইবোৰ 4        চকাত 5টাকৈ বিক্ৰী কৰে। শতকৰা লাভ/ লোকচান নিৰ্ণয় কৰা।

8. এখন চাইকেল 16 % লাভ কৰি বিক্ৰী কৰা হ’ল। যদি চাইকেলখন        আৰু 100 টকা অধিক দামত বিক্ৰী কৰা হ’লহেঁতেন তেন্তে লাভ 20     % হ’লহেঁতেন। চাইকেলখনৰ কিনাদাম উলিওৱা।

9. এজন কাপোৰৰ দোকানীয়ে মুঠ 2160 টকাৰে 2 খন শাৰী কিনি            আনিলে। তাৰে এখন শাৰী তেওঁ 15 % লাভত আৰু আনখন শাৰী 9     % লোকচানত বিক্ৰী কৰিলে । এই কিনা- বেচা প্ৰক্ৰিটোত                   দোকানীদনৰ লাভ বা লোকচান একো নহ’ল। শাৰী দুখনৰ                   প্ৰতিখনতে কিনাদাম উলিওৱা।

10. এজন দোকানীয়ে 3120 টকাৰে দুটা ঘড়ী কিনিলে। তেওঁ এটা ঘড়ী       15% লোকচানত আৰু আনটো ঘড়ী 36% লাভত বিক্ৰী কৰাত             দুয়াটা ঘড়ীৰবেচাদাম একে পালে। প্ৰতিটো ঘড়ীৰ কিনাদাম                 উলিওৱা।

11. এটা বস্তু 1080 টকাত বিক্ৰী কৰাত কিনাদামৰ  অংশ              লাভ হ’ল। হস্তুটোৰ কিনাদাম উলিওৱা আৰু লগতে শতকৰা লাভ       উলিওৱা।

Type – Rajashree Bora