অসমৰ সম্পদ | Lesson 6 | Class 7 Social Science Question And Answer Sankardev | শংকৰদেৱ স্কুলৰ সমাজ বিজ্ঞান সপ্তম মান প্ৰশ্ন আৰু উত্তৰ |

অসমৰ সম্পদ

পাঠ-৬

১। অসমৰ প্ৰাকৃতিক সম্পদৰ এটি বৰ্ণনা দিয়া।

উত্তৰঃ অসম ৰাজ্য়খন প্ৰাকৃতিক সম্পদত চহকী। মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ সাৰুৱা ভূমিভাগ, নানা প্ৰজাতিৰ উদ্ভিদ আৰু বন্য়প্ৰাণীৰে উপচি থকা অসম বিভিন্ন খনিজ পদাৰ্থৰো ভঁৰাল। অসমত পোৱা সাৰুৱা তেলৰ বাবে অসমক পনীয়া সোণৰ ৰাজ্য় বুলিও কোৱা হয়। এশিঙীয়া গড়ৰ বাবে অসমখন পৃথিৱী বিখ্য়াত। তাৰোপৰি ইয়াৰ বনাঞ্চলসমূহত থকা শাল, চেগুণ গমাৰি, শিশু, বনচোম, তিতাচপা, ঔ টেঙা আদি মূল্য়বান কাঠ। আমাৰ অসমতে ভাৰতৰ সৰহসংখ্য়ক চাহ উৎপন্ন হয়।

২। অসমৰ প্ৰধান বনজ সম্পদবোৰ কি কি?

উত্তৰঃ অসমৰ প্ৰধান বনজ সম্পদবোৰ হৈছে – অসমৰ প্ৰধান বনজ সম্পদসমূহ হৈছ – ইয়াত পোৱা বিভিন্ন ধৰণৰ মূল্য়বান কাঠ পোৱা গছসমূহ আৰু ইয়াৰ হাবিত থকা নানা প্ৰজাতিৰ জীৱ-জন্তুসমূহ।

৩। অসমৰ জলজ সম্পদৰ কেইটামান উদাহৰণ দিয়া।

উত্তৰঃ অসমৰ জলজ সম্পদৰ উদাহৰণ হৈছে – মাছ, কাছ, শিহু আদি।

৪। অসমৰ প্ৰধান খনিজ সম্পদবোৰ কি কি?

উত্তৰঃ অসমৰ প্ৰধান খনিজ সম্পদবোৰ হৈছে – কয়লা, তেল, প্ৰাকৃতিক গেছ, চূণশিল, ড’ল’মাইট, ফেলস্পাৰ, কেওলিন, বেৰিল, জিপছাম, পাইৰাইট, ভাৰ্মিকুলাইট, লো, তাম ইত্য়াদি।

৫। অসমৰ অৰণ্যভূমিক কেইভাগত ভগাব পাৰি?

উত্তৰঃ অসমৰ অৰণ্য়ভূমিক চাৰিভাগত ভগাব পাৰি – অ-শ্ৰেণীভুক্ত অৰণ্য়, সংৰক্ষিত অৰণ্য়, অভয়াৰণ্য় আৰু ৰাষ্ট্ৰীয় উদ্য়ান।

৬। ‘ৰামচৰ ক্ষেত্ৰ’ কি?

উত্তৰঃ ১৯৭১ চনত ইৰানৰ ৰামচৰ চহৰত অনুষ্ঠিত সন্মিলনত পৃথিৱীৰ আদ্ৰভূমিসমূহক তালিকাভুক্ত কৰা হৈছিল। নানা প্ৰজাতিৰ স্থানীয় পক্ষীৰ আৱাসভূমি দীপৰ বিলকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হয়। সেইকাৰণে দীপৰ বিলক ‘ৰামচৰ ক্ষেত্ৰ’ বুলি জনা যায়।

৭। অসমৰ ‘ৰামচৰ ক্ষেত্ৰ’ কোনখন?

উত্তৰঃ অসমৰ ‘ৰামচৰ ক্ষেত্ৰ’ হৈছে – দীপৰ বিল।

৮। পক্ষী অভয়াৰণ্য ক’ত আছে?

উত্তৰঃ পক্ষী অভয়াৰণ্য় অসমৰ গুৱাহাতী মহানগৰীত আছে।

৯। অসমত প্ৰথম কেতিয়া খাৰুৱা তেলৰ বাণিজ্যিক উৎপাদন আৰম্ভ হৈছিল?

উত্তৰঃ অসমত প্ৰথম ১৮৮৯ চনত খাৰুৱা তেলৰ বাণিজ্যিক উৎপাদন আৰম্ভ হৈছিল।

১০। এছিয়া মহাদেশৰ আটাইতকৈ পুৰণি শোধনাগাৰটোৰ নাম কি?

উত্তৰঃ এছিয়া মহাদেশৰ আটাইতকৈ পুৰণি শোধনাগাৰটোৰ নাম হৈছে – ডিবগৈ তেল শোধনাগাৰ।

১১। পৃথিৱীৰ আটাইতকৈ পুৰণি কাৰ্যক্ষম তেল শাধনাগাৰটোৰ ক’ত আছে?

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ পুৰণি কাৰ্যক্ষম তেল শাধনাগাৰটোৰ ডিগবৈত আছে।

১২। খাৰুৱা তেলৰ পুং থকা অসমৰ পাঁচখন ঠাইৰ নাম লিখা।

উত্তৰঃ খাৰুৱা তেলৰ পুং থকা অসমৰ পাঁচখন ঠাইৰ নাম হৈছে – ডিগবৈ, নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ আৰু ৰুদ্ৰসাগৰ।

১৩। অসমৰ কয়লা পোৱা তিনিখন ঠাইৰ নাম লিখা।

উত্তৰঃ অসমৰ কয়লা পোৱা তিনিখন ঠাইৰ নাম হৈছে – মাকুম, দিল্লীঘাট আৰু জয়পুৰ।

১৪। অসমত পোৱা কেইবিধমান মূল্যৱান উদ্ভিদৰ নাম লিখা।

উত্তৰঃ অসমত পোৱা কেইবিধমান মূল্যৱান উদ্ভিদৰ নাম হৈছে – চতিয়না, শলখ, হোলোং, চাম, হিজল, নাহৰ, গমাৰি, বনচোম, তিতাচঁপা, খকন, ঔটেঙা আদি।

১৫। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি।

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় উদ্য়ান ৭ খন। সেইকেইখন হৈছে – কাজিৰঙা, ডিব্ৰু-চৈখোৱা, ওৰাং, মানাহ, নামেৰি, দিহিং পাটকাই আৰু ৰাইমনা।

১৬। অসমত কেইখন অভয়াৰণ্য আছে? ইয়াৰে তিনিখনৰ নাম লিখা।

উত্তৰঃ অসমত ১৮ অভয়াৰণ্য আছে। ইয়াৰে তিনিখনৰ নাম হৈছে – পবিতৰা, বৰদৈবাম আৰু গৰমপানী।

১৭। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বন-ঘৰচীয়া ঘোঁৰা পোৱা যায়?

উত্তৰঃ অসমৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বন-ঘৰচীয়া ঘোঁৰা পোৱা যায়।

-Hiru Moni Bora

Post ID : DABP005968