আমাৰ পৰিৱেশ | Lesson 4 | Class 7 Social Science Question And Answer Sankardev | শংকৰদেৱ স্কুলৰ সমাজ বিজ্ঞান সপ্তম মানৰ প্ৰশ্ন আৰু উত্তৰ |

আমাৰ পৰিৱেশ

পাঠ ৪ 

১। পৰিৱেশ মানে কি বুজা?

উত্তৰঃ আমাৰ চাৰিওফালে থকা গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, অৰ্থাৎ জীৱজগত আৰু উদ্ভিদজগতৰ কেউদিশে বিৰাজ কৰা পৰিস্থিতি বা অৱস্থাকে পৰিৱেশ বোলে।

২। পৰিৱেশ কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ পৰিৱেশ দুই প্ৰকাৰৰ – (i) প্ৰাকৃতিক পৰিৱেশ আৰু (ii) মানৱ সৃষ্ট পৰিৱেশ।

৩। প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজত পাৰ্থক্য কি কি?

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজত পাৰ্থক্য হৈছে – 

    প্ৰাকৃতিক পৰিৱেশ প্ৰাকৃতিক কাৰকেৰে গঠিত। আনহাতে মানৱ সৃষ্ট পৰিৱেশ মানুহৰ দ্বাৰা গঠিত।

    প্ৰাকৃতিক পৰিৱেশে মানৱ সৃষ্ট পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। আনহাতে মানৱ সৃষ্ট পৰিৱেশে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে।

৪। ‘পৰিস্থিতিতন্ত্ৰ’ মানে কি বুজা? দুটা পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ দিয়া।

উত্তৰঃ উদ্ভিদ, তৃণভোজী আৰু মাংসভোজীৰ জীৱন চক্ৰকেই পৰিস্থিতিতন্ত্ৰ বোলা হয়।

    দুটা পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ হৈছে – 

(i) গছৰ পাত ⟶ ফৰিং ⟶ চৰাই আৰু

(ii) তৃণ ⟶ হৰিণ ⟶ বাঘ।

৫। উৎপাদক, প্ৰথম উপভোক্তা আৰু দ্বিতীয় উপভোক্তা মানে কি বুজা? উদাহৰণসহ লিখা।

উত্তৰঃ ধৰা হৈছে এটা পৰিস্থিতিতন্ত্ৰ – তৃণ ⟶ হৰিণ ⟶ বাঘ। ইয়াৰ তৃণ হৈছে উৎপাদক। কাৰণ ই কাকো ভক্ষণ কৰা নাই, বৰং ই আনৰ আহাৰ হে হৈ পৰিছে। হৰিণ হৈছে প্ৰাথমিক উপভোক্তা। ই তৃণক ভক্ষণ কৰিছে আৰু ইয়ো আনৰ আহাৰ হৈছে। আৰু বাঘ হৈছে দ্বিতীয় উপভোক্তা। ই হৰিণক ভক্ষণ কৰিছে।

৬। অজৈৱিক উপাংশ মানে কি বুজা?

উত্তৰঃ প্ৰকৃতিৰ যিবোৰ উপাংশৰ জীৱ নাথাকে, সিয়ে অজৈৱিক উপাংশ।

৭। পৃথিৱীৰ মুখ্য পৰিৱেশ অঞ্চলসমূহ কি কি?

উত্তৰঃ পৃথিৱীৰ মুখ্য় পৰিৱেশ অঞ্চলবোৰৰ নাম হৈছে – নিৰক্ষীয় অঞ্চল, ক্ৰান্তীয় উষ্ণ মৰুভূমি বা চাহাৰীয়া অঞ্চল, ক্ৰান্তীয় মৌচুমী অঞ্চল, ক্ৰান্তীয় তৃণভূমি অঞ্চল আৰু তুন্দ্ৰা অঞ্চল।

৮। নিৰক্ষীয় অঞ্চলৰ পৰিৱেশ সম্পৰ্কে এটি টোকা লিখা।

উত্তৰঃ এই অঞ্চলত সূৰ্যৰ উত্তাপ আৰু পোহৰ লম্বভাৱে পৰে। সেইকাৰণে গোটেই বছৰে উত্তাপ সমান – প্ৰায় ২৬°- ২৭° চেলছিয়াছ। এই অঞ্চলত সমগ্ৰ বছৰ বৰষুণ গড়ে ১৭৫-২০০ চেণ্টিমিটাৰ হৈ থাকে। সেইকাৰণে এই অঞ্চলত ডাঙৰ ডাঙৰ গছ, যেনে – ৰবৰ, চন্দন, চেগুণ আদিৰে ভৰা চিৰসেউজীয়া অৰণ্য় আছে।

৯। ক্ৰান্তীয় উষ্ণ মৰুভূমি বা চাহাৰীয় অঞ্চলৰ এটি বৰ্ণনা  দিয়া।

উত্তৰঃ ক্ৰান্তীয় উষ্ণ মৰুভূমি বা চাহাৰীয়া অঞ্চল দুয়ো গোলাৰ্ধৰ ২০° উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত। ইয়াৰ জলবায়ু শুকান আৰু চৰম। গ্ৰীষ্মকালত উত্তাপ গড়ে ৩৮° আৰু শীতকালি গড়ে ১০°। বাৰ্ষিক বৃষ্টিপাত২৫° চেণ্টিমিটাৰ তকৈ কম। ইয়াত কৃষিকাৰ্যত অসুবিধা হয়।

১০। ক্ৰান্তীয় মৌচুমী অঞ্চলৰ পৰিৱেশৰ চমু টোকা এটি লিখা।

উত্তৰঃ এই অঞ্চলত জহকালি অধিক বৰষুণ, যথেষ্ট গৰম আৰু শীতকালি ১৫° – ২০° চেলছিয়াছ হোৱা এই অঞ্চলত মৌচুমী বতাহৰ জলবায়ুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এই অঞ্চল কৃষিকাৰ্যৰ বাবে অতি উপযোগী।

১১। ক্ৰান্তীয় তৃণভূমি পৰিৱেশ অঞ্চলৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ নিৰক্ষশ্ৰীয় অঞ্চলৰ দুয়োকাষে ক্ৰান্তীয় তৃণভূমি অঞ্চল অৱস্থিত। আফ্ৰিকাৰ ছুডান, গিনি উপকূল, দক্ষিণ আমেৰিকাৰ অৰিনকো অৱবাহিকা, গিয়েনা, ব্ৰাজিলৰ উচ্চভূমি, অষ্ট্ৰেলিয়াৰ উত্তৰ আৰু উত্তৰ-পূব অংশ এই অঞ্চলৰ অন্তৰ্গত। ইয়াৰ জলবায়ু শুকান আৰু গৰম। ইয়াত জেব্ৰা, জিৰাফ, ঘোঁৰা, হৰিণ, নীলগাই, ম’হ, হাতী, গড়, বাঘ, সিংহ আদি পোৱা যায়।

১২। ‘তুন্দ্ৰা অঞ্চল’ৰ বিষয়ে বৰ্ণনা কৰা ।

উত্তৰঃ উত্তৰ গোলাৰ্ধৰ ৬৬° ৩০ মিনিট উত্তৰ অক্ষাংশ আৰু ৭৫° উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত অঞ্চলটোক তুন্দ্ৰা অঞ্চল বোলা হয়। ইউৰেছিয়া আৰু উত্তৰ আমেৰিকা, ছাইবেৰিয়া আদি এই অঞ্চলৰ অন্তৰ্গত। শীতকালৰ দৈৰ্ঘ্য় প্ৰায় সাতৰ পৰা আঠমাহ। গ্ৰীষ্মকাল চুটি। এই অঞ্চলত এস্কিম, লেপছ, ফিনছ, চেমোয়াড নামৰ অঘৰী অধিবাসী সকলে ঈগলু নামৰ বৰফৰ ঘৰ সাজি থাকে।

-Hiru Moni Bora

Post ID : DABP005964