তৰা আৰু সৰৌজগত | অধ্যায় ১৮ | Chapter 18 | Class 8 Science Sankardev School Question Answer Assam | Class 8 Science Sankardev School Question Answer Solution | ভাৰতী বিজ্ঞান পৰিচয় |শংকৰদেৱ বিদ্যালয় অষ্টম শ্ৰেণী প্ৰশ্ন উত্তৰ | Class 8 Science Sankardev School Question Answer Notes | শংকৰদেৱ বিদ্যালয় অষ্টম শ্ৰেণী তৰা আৰু সৰৌজগত পাঠটো প্ৰশ্ন উত্তৰ | অধ্যায় ১৮ |

 তৰা আৰু সৰৌজগত

অধ্যায় ১৮

অনুশীলনী 

১) তলৰ বাক্যসমূহ সত্য ( স ) আৰু অসত্য ( অ ) হিচাপে চিহ্নিত কৰা। 

ক) চন্দ্ৰ পৃথিৱীৰ এটা কৃত্রিম উপগ্রহ।

উত্তৰঃ অসত্য।

খ) বুধ সৌৰজগতৰ ক্ষুদ্রতম গ্রহ।

উত্তৰঃ সত্য। 

গ) উপগ্রহবােৰ সৌৰজগতৰ সদস্য নহয়।

উত্তৰঃ অসত্য।

ঘ) নেপচুন সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্রহ। 

উত্তৰঃ সত্য।

ঙ) সৌৰজগতত নটা গ্রহ আছে ।

উত্তৰঃ অসত্য। 

২। খালী ঠাই পূৰ কৰা 

ক) তৰাবােৰে  পৰা  গতি কৰে। 

উত্তৰঃ পূৱৰ পৰা পশ্চিমলৈ।

খ)  ভাৰতৰ প্রথম কৃত্রিম উপগ্রহ। 

উত্তৰঃ আৰ্যভট্ট।

গ) পৃথিৱীৰ প্রায় সকলাে শক্তিৰ উৎস হ’ল ।

উত্তৰঃ সূৰ্য।

ঘ) আলােকবর্ষ হ’ল পোহৰে  অতিক্রম কৰা দূৰত্ব।

উত্তৰঃ এবছৰ।

ঙ)  পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্রহ।

উত্তৰঃ শুক্ৰ।

৩। সৌৰজগতৰ চিত্ৰ আঁকি তাত গ্রহবােৰৰ স্থান দেখুওৱা। 

উত্তৰঃ- 


৪। তাৰকাপুঞ্জ মানে কি? যিকোনাে দুটা তাৰকাপুঞ্জৰ নাম লিখা।

উত্তৰঃ- যিবিলাক তৰাই থুপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰকে তাৰকাপুঞ্জ বোলে। 

    দুটা তাৰকাপুঞ্জৰ নাম হ’ল- অৰিঅ’ন বা কালপুৰুষ আৰু কেশ্বিঅ’পিয়া বা কাশ্যপী।

৫। সৌৰজগতৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু গ্ৰহটোৰ নাম লিখা।

উত্তৰঃ- সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো নাম হ’ল বৃহস্পতি আৰু আটাইতকৈ সৰু গ্ৰহটোৰ নাম হ’ল বুধ।

৬। গ্ৰহৰ বাহিৰে সৌৰজগতৰ আন দুটা সদস্যৰ নাম লিখা। 

উত্তৰঃ- গ্ৰহৰ বাহিৰে সৌৰজগতৰ আন দুটা সদস্যৰ নাম হ’ল- গ্ৰহাণুপুঞ্জ আৰু ধূমকেতু। 

৭। বৃহস্পতি গ্রহৰ উপগ্রহ কেইটা?

উত্তৰঃ- বৃহস্পতি গ্ৰহৰ উপগ্ৰহ ৬৮ টা।

৮। সপ্তর্ষিমণ্ডলৰ সহায়ত কেনেকৈ ধ্ৰুৱতৰাৰ স্থান বিচাৰি উলিয়াব পাৰি ব্যাখ্যা কৰা। 

উত্তৰঃ- সপ্তৰ্ষিমণ্ডলৰ শেষৰ ফালে থকা তৰা দুটাৰ মাজেৰে এডাল সৰল ৰেখা কল্পনা কৰিব লাগে। সৰল ৰেখাডাল উত্তৰ দিশৰ আগবঢ়াই দিলে ( তৰা দুটাৰ মাজৰ দূৰত্বৰ প্ৰায় পাঁচ গুণ ) ৰেখাডালে আন এটা তৰা পাবগৈ যিটো বেছি উজ্জ্বল নহয়। এইটোৱেই ধ্ৰুৱ তৰা।

৯। কৃত্রিম উপগ্রহবােৰৰপৰা কি কি তথ্য লাভ কৰিব পাৰি? ই কেনেকৈ আমাক সহায় কৰে? 

উত্তৰঃ- কৃত্ৰিম উপগ্ৰহবোৰৰ সহায়ত বতৰৰ আগজাননী পাব পাৰি আৰু দূৰদৰ্শন, অঁনাতাৰ তৰংগ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা হয়। 

১০। চমুটোকা লিখা?

ক) ধূমকেতু।

উত্তৰঃ- ধূমকেতুবোৰে সূৰ্যৰ চাৰিওফালে উপবৃত্তাকাৰ কক্ষপথেৰে পৰিভ্ৰমণ কৰে। সিহঁতৰ পৰিভ্ৰমণকাল সাধাৰণতে খুব দীঘলীয়া হয়। ইয়াৰ সাধাৰণতে এটা উজ্জ্বল মূৰ আৰু দীঘল নেজৰ সৈতে দেখা যায়। 

        বহুতো ধূমকেতুৰ নিৰ্ধাৰিত সময়ৰ মূৰে মূৰে আৱিৰ্ভাৱ হয়। উদাহৰণস্বৰূপে, হেলিৰ ধূমকেতু প্ৰায় ৭৬ বছৰৰ মূৰে মূৰে দেখা যায়। ইয়াক ১৯৮৬ চনত শেষবাৰৰ বাবে দেখা গৈছিল।

খ) উল্কা আৰু উল্কাপিণ্ড।

উত্তৰঃ- উল্কাবোৰ হৈছে কিছুমান সৰু সৰু বস্তু যিবোৰ কেতিয়াবা বায়ুমণ্ডলত প্ৰৱেশ কৰে। প্ৰৱেশৰ সময়ত সিহঁতৰ তীব্ৰ  গতি থাকে। পৃথিৱীৰ বায়ুমণ্ডলৰ ঘৰ্ষণত ইহঁত উত্তপ্ত হৈ উঠে। ইহঁত ভাস্বৰ হৈ বাষ্পীভূত হয়। সেয়ে উজ্জ্বল পোহৰৰ আঁচডাল মাত্ৰ কিছু সময়ৰ বাবেহে থাকে।

    কিছুমান উল্কা ডাঙৰ, সিহঁত সম্পূৰ্ণৰূপে জ্বলি বাষ্পীভূত হোৱাৰ আগতেই পৃথিৱীত পৰিবহি পাৰে। যিবোৰ বস্তু ভূপৃষ্ঠত পৰেহি সেইবোৰক উল্কাপিণ্ড বোলে। 

গ) গ্রহাণুপুঞ্জ।

উত্তৰঃ- মংগল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত এক বৃহৎ ব্যৱধান আছে। এই খালী ঠাইখিনি বহুসংখ্যক সৰু বস্তুৰে ভৰি আছে ; এইবিলাকেও সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে। ইহঁতৰ গ্ৰহাণুপুঞ্জ বোলে। কেৱল শক্তিশালী দূৰবীক্ষণ যন্ত্ৰৰ সহায়তহে গ্ৰহাণুপুঞ্জ দেখিবলৈ পোৱা যায়।

Type- Nayan Jyoti Bordoloi

Author : Himashree Bora. 

Post ID :DABP006210