তৰুণ গগৈ

১) তৰুণ গগৈৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ তৰুণ গগৈৰ জন্ম ১৯৩৬ চনৰ ১ এপ্ৰিল তাৰিখে হৈছিল।

২) তেখেত কোন দলৰ নেতা আছিল ?

উত্তৰঃ তেখেত কংগ্ৰেছ দলৰ নেতা আছিল।

৩) তেওঁ কেইবাৰকৈ মূখ্যমন্ত্ৰী হৈছিল ?

উত্তৰঃ তেওঁ তিনিবাৰকৈ মূখ্যমন্ত্ৰী হৈছিল।

৪) তেওঁ কিমান চনৰ পৰা কিমান চনলৈ মূখ্যমন্ত্ৰী দায়িত্ব লৈছিল?

উত্তৰঃ তেওঁ ২০০১ চনৰ পৰা ২০১৬ চনলৈ মূখ্যমন্ত্ৰী দায়িত্ব লৈছিল।

৫) কিমান চনত তৰুণ গগৈ বিবাহপাশত আবদ্ধ হয় ?

উত্তৰঃ ১৯৭২ চনত তৰুণ গগৈ বিবাহপাশত আবদ্ধ হয়।

৬) তৰুণ গগৈৰ পত্নী কোন ?

উত্তৰঃ তৰুণ গগৈৰ পত্নী হল ডলী গগৈ।

৭) তৰুণ গগৈৰ সন্তান কেইটা ?

উত্তৰঃ তৰুণ গগৈৰ সন্তান দুটা।

৮) তৰুণ গগৈ কেইবাৰকৈ ভাৰতীয় লোকসভা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ?

উত্তৰঃ তৰুণ গগৈ ছয়বাৰকৈ ভাৰতীয় লোকসভা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

৯) তৰুণ গগৈৰ পিতৃ-মাতৃ কোন আছিল ?

উত্তৰঃ তৰুণ গগৈৰ পিতৃ-মাতৃ হল- কমলেশ্বৰ গগৈ আৰু ঊষা গগৈ।

১০) তৰুণ গগৈ কিমান বছৰৰ বয়সত মৃত্যুবৰণ কৰিছিল ?

উত্তৰঃ তৰুণ গগৈ ৮৪ বছৰৰ বয়সত মৃত্যুবৰণ কৰিছিল।

১১) তৰুণ গগৈৰ ভাতৃ কোন ?

উত্তৰঃ তৰুণ গগৈৰ ভাতৃ হল দ্বীপ গগৈ।