ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিৱেশ | Lesson 11 | অধ্যায় ১১ | Class 8 Assamese Answer Sankerdev Bidyalay | Sankerdev School | Class 8 Assamese Question And Answer Sankerdev Bidyalay | Class VIII Assamese Suggestion Sankerdev School | Class VIII Assamese Notes Sankerdev School | অষ্টম শ্ৰেণীৰ অসমীয়াৰ উত্তৰ | শংকৰদেৱ স্কুল | অষ্টম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন আৰু উত্তৰ | শংকৰদেৱ ব্দ্যালয়ৰ অষ্টম শ্ৰেণীৰ অসমীয়াৰ ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিৱেশ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিৱেশ

Lesson 11

 ক্ৰিয়া কলাপ 

১। চমু উত্তৰ দিয়া 

( ক ) ব্ৰহ্মপুত্ৰ নৈখন কৰ পৰা ক’লৈ বৈ গৈছে?

উত্তৰ: ব্ৰহ্মপুত্ৰ নৈখন তীব্বতৰ চেমায়ুং ডুং উৎসৰ পৰা বংগোপ সাগৰলৈ বৈ গৈছে। 

(খ) ব্রহ্মপুত্র নদীৰ মূল উৎস কি?

উত্তৰ: ব্ৰহ্মপুত্ৰ নদীৰ মূল উৎস হৈছে তীব্বতৰ চেমায়ুং ডুং।

(গ) সংস্কৃতত ব্রহ্মপুত্র নদীক কি নামেৰে জনা যায়?

উত্তৰ:সংস্কৃতত ব্ৰহ্মপুত্ৰ নদীক লোহিত্য নামেৰে জনা যায়।

(ঘ ) অসমত ব্রহ্মপুত্র নদীৰ দৈর্ঘ্য কিমান?

উত্তৰ: অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হল প্ৰায় ৭২৫ কিঃমিঃ।

(ঙ) ব্রহ্মপুত্র নদীখন কোন ঠাইত গংগাৰ লগত মিলিত হৈছে?

উত্তৰঃব্ৰহ্মপুত্ৰ নদীখন গোৱা গণ্ড নামৰ ঠাইত গংগাৰ লগত মিলিত হৈছে।

(চ) ভাৰতৰ এটা নদী সভ্যতাৰ নাম লিখা?

উত্তৰঃভাৰতৰ এটা নদী সভ্যতাৰ নাম হৈছে সিন্ধু সভ্যতা।

(ছ) ভাৰতলৈ অহা দুগৰাকী বিদেশী পর্যটকৰ নাম লিখা।

উত্তৰঃভাৰতলৈ অহা দুগৰাকী বিদেশী পৰ্যটকৰ নাম হল মেগাস্থিনিচ  আৰু ফাহিয়েন।

(জ) চাংপো আৰু ব্ৰহ্মপুত্র নদীৰ গতি পথ সম্পর্কে অনুসন্ধান কৰা প্রথম অভিযানকাৰী কোন আছিল?

উত্তৰঃ চাংপো আৰু ব্ৰহ্মপুত্ৰ নদীৰ গতি পথ সম্পৰ্কে অনুসন্ধান কৰা প্ৰথম অভিযানকাৰী হল ছিকিমৰ কিনথাপা।

(ঝ) ব্ৰহ্মপুত্ৰৰ পৰিৱেশ সমস্যাত প্ৰভাৱ পেলােৱা এটি প্রাকৃতিক দুর্যোগৰ নাম লিখা।

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ পৰিৱেশ সমস্যাত প্ৰভাৱ পেলোৱা এটি প্ৰকৃতিক দুৰ্যোগৰ নাম হল ভূমিকম্প।

(ঞ) ‘ইণ্ডিকা’ গ্রন্থখনৰ লিখক কোন?

উত্তৰঃ “ইণ্ডিকা”গ্ৰন্থখনৰ লিখক হল মেগাস্থিনিচ।

২। ব্রহ্মপুত্র ’ নামটোৰ উৎপত্তি সম্পর্কে লিখা।

উত্তৰঃব্ৰহ্মপুত্ৰ নামটোৰ উৎপত্তি হৈছে-পুৰাণ কাহিনী অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ হল ব্ৰহ্মপুত্ৰ।

        আন এক পৌৰাণিক কাহিনী অনুসৰি পৰশুৰামে পিতৃ যমদগ্নি আজ্ঞা অনুসৰি মাতৃ ৰেণুকাক বধ কৰি পাপমোচনৰ বাবে তীৰ্থ ভ্ৰমমলৈ যায়।এদিন ৰাতিপুৱা তেওঁ হিমালয়ৰ এটি দুৰ্গম শিলাছেদত কুণ্ড দেখিবলৈ পায়।কালিকা পুৰাণৰ মতে এই কুণ্ডটো ব্ৰহ্মাই পানীৰে প্লাৱিত কৰি লুপ্ত কৰিবলৈ মন কৰিছিল আৰু সেই ইচ্ছা পূৰ্ণ কৰিবলৈ তেওঁ শান্তনু মুনিৰ ভাৰ্যা আমোঘাৰ গৰ্ভত নিজৰ জলময় পুত্ৰ সৃষ্টি কৰিছিল।পিছত পৰশুৰামে নিজৰ কুঠাৰেৰে হাবি জংঘল কাটি বাট মোকোলাই সেই ব্ৰহ্মকুণ্ডৰ পৰা ব্ৰহ্মাৰ জলময় পুত্ৰক কামৰুপলৈ(প্ৰচীন অসম) বোৱাই আনে। সেয়ে প্ৰাচীন কামৰুপৰ মাজেৰে বৈ যোৱা এই নদীৰ নাম লোহিত্য বা ব্ৰহ্মপুত্ৰ হল বুলি ভাৱিৱ পাৰি।পৰশুৰামৰ হাত আৰু কুঠাৰত লাগি থকা তেজৰ পৰাই ৰঙা অৰ্থত লোহিত্য আৰু ব্ৰহ্মাৰ মানসপুত্ৰ হোৱা বাবে ব্ৰহ্মপুত্ৰ নামটো উৎপত্তি  হৈছে।   

৩। ব্রহ্মপুত্র নদীৰ এটি ভৌগলিক বর্ণনা দিয়া।

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ এচিয়া মহাদেশৰ বৃহৎ নদী সমূহৰ ভিতৰত এখন অন্যতম নদী।অসমৰ তিনিখন ডাঙৰ নদী দিহাং,দিবাং আৰু লোহিত মিলিত হৈ অসমত ব্ৰহ্মপুত্ৰ নাম লৈছে।তীব্বতৰ চেমায়ুং ডুং উৎসৰ পৰা অৰুণাচল,অসম,পশ্চিমবংগ,বাংলাদেশৰ মাজেৰে বৈ গৈ নদীৰ জলধাৰা বংগোপ সাগৰত পৰিছেগৈ।তীব্বতৰ চেমায়ুং ডুং উৎসৰ পৰা বংগোপ সাগৰলৈ ব্ৰহ্মপুত্ৰ নদী খনৰ মুঠ দৈৰ্ঘ্য প্ৰায় ২৮৫০ কিঃমিঃ।ভৌগলিক অৱস্থান অনুসৰি ব্ৰহ্মপুত্ৰ  নদীখন সমুদ্ৰ পৃষ্ঠৰ পৰা ৩৬০০ মিটাৰ উচ্চতাত আছে আৰু ই ৮২°-৯৭° পূৱ দ্ৰাঘিমাংশ আৰু ২১°-৩১°  উত্তৰ অক্ষাংশত অৱস্থিত। 

৪। অসমৰ পৰিৱেশৰ ওপৰত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সম্পর্কে লিখা।

উত্তৰঃ ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট প্ৰতিকূল কাৰ্যই ব্ৰহ্মপুত্ৰ ওপৰত ব্যাপক প্ৰভাৱ পেলোৱাৰ বাবে অসমৰ পৰিৱেশ পৰিৱৰ্তনত যথেষ্ট প্ৰভাৱ পেলায়।যদি কোনো কাৰণত নদীৰ গতি পথ সলনি হয় বা নদীৰ পৃষ্ঠভাগ ওপৰলৈ উঠি আহে তেতিয়া উপত্যকা অঞ্চলত বানপানীৰ সৃষ্টি হৈ আমাৰ পৰিৱেশত ব্যাপক প্ৰভাৱ পেলাব। ব্ৰহ্মপুত্ৰ নদীৰ পূৰ্বাংশৰ তলিভাগ বহু পৰিমাণে ওপৰলৈ উঠি আহিছে।ইয়াৰ ফলত প্ৰতিবছৰে বানপানী প্ৰকোপ বৃদ্ধি পাই আহিছে।অসম মৌচুমী জলবায়ুৰ অন্তৰ্গত হোৱা বাবে বাৰিষাৰ কালছোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় ৯০ শতাংশ বৰষুণ হয়।তদুপৰি হিমালয় পৰা বৈ অহা বৰফ গলিত হৈ পানীৰ মাত্ৰাও দিনক দিনে বাঢ়ি আহিছে ।ব্ৰহ্মপুত্ৰ অৱধাৰিত দিশৰ বাহিৰে আন তিনিওটা দিশেই পাহাৰ পৰ্বতৰে আবৰা।সেয়েহে উপনৈ সমূহে পৰিবহন কৰা পানীভাগ ব্ৰহ্মপুত্ৰ নদীয়ে নিৰ্দিষ্ট সময়ত পৰিবহন কৰিব নোৱাৰা হয় আৰু ইয়াৰ ফলতে বহুতো অঞ্চল গৰাখহনীয়াৰ কবলত জাহ যায়।

    ইয়াৰ উপৰি মানুহে নৈৰ পাৰৰ গছ-গছনি জধে-মধে কাটি,পাহাৰ-পৰ্বত খনন প্ৰক্ৰিয়া  আৰু বৰ্জিত আৱৰ্জনা বৃদ্ধি বাবেও অসমৰ পৰিৱেশৰ ওপৰত ব্ৰহ্মপুত্ৰ প্ৰভাৱ পৰিছে।    

৫। ব্যাখ্যা কৰাঃ

(ক) অসমৰ মাজেৰে বৈ যােৱা মহাবাহু ব্রহ্মপুত্র যেন অসমীয়া জাতিৰ এক জীৱনদায়িনী শক্তি।

উত্তৰঃ উক্ত বাক্য শাৰী “ভাৰতী সাহিত্য চয়ম” পাঠ্যপুথি পৰা তুলি লোৱা হৈছে।

উক্ত বাক্য শাৰীয়ে অসমীয়া জাতিৰ জীৱনত ব্ৰহ্মপুত্ৰ গভীৰতা কিমান আছে তাকে প্ৰকাশ কৰিছে্।          

    ব্ৰহ্মপুত্ৰ হৈছে অসমৰ এখন প্ৰধান নদী। ই আমাৰ অসমীযা জাতিৰ কৃষি,সাহিত্য,সংস্কৃতি,উদ্যোগৰ ওপৰত প্ৰভাৱ পেলায়।ই হৈছে অসমীয়া জাতিৰ ৰাজহাড় স্বৰুপ। ব্ৰহ্মপুত্ৰইৰ পাৰৰ অসমীয়া জাতিৰ ভাষা-সংস্কৃতিক ব্ৰহ্মপুত্ৰই সাৰ-পানী যোগাই সংমিশ্ৰিত ৰুপত সুস্থ সবল কৰি তোলাত অৱদান যোগাইছে।অসমৰ প্ৰাকৃতিক উপাদানবোৰৰ ভিতৰত ব্ৰহ্মপুত্ৰ হল আধাৰ স্বৰুপ। প্ৰকৃতিক বাদ দি মানুহ জীয়াই থাকিব নোৱাৰে। সেয়ে আমাৰ জীৱনৰ লগত ব্ৰহ্মপুত্ৰও সাহিত্য-সংস্কৃতিৰ এক উপাদান হৈ পৰিছে।আমাৰ দৈনন্দিন জীৱনৰ লগত নদ-নদী যেন এৰাব নোৱাৰা সম্পৰ্ক আছে।অসমীয়া বিহুগীত,গোৱালপৰীয়া লোকগীতত ব্ৰহ্মপুত্ৰ উল্লেখে এই কথাকে সূচায়। অসমীয়া সমাজ জীৱনৰ লগত ব্ৰহ্মপুত্ৰ  মন কৰিবলগীয়া।নৈৰ ঘাটত অসমীয়া তিৰোতাই কাপোৰ ধোৱাটো গ্ৰাম্য সৰল জীৱনৰ প্ৰতীক। ব্ৰহ্মপুত্ৰ অবিহনে লোকসমাজৰ জীৱন ধাৰাই যেন গতিশীলতা লাভ কৰিব নোৱাৰে। সেই বাবে  মহাবাহু ব্ৰহ্মপুত্ৰক অসমীয়া জাতিৰ এক জীৱনদায়িনী শক্তি বুলি কৈছে। 

(খ) ব্রহ্মপুত্র হ’ল আমাৰ জৈৱ বৈচিত্ৰৰ মূল আধাৰ।

উত্তৰঃ ভূমিকম্প বা আন প্ৰকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট প্ৰতিকূল কাৰ্যই ব্ৰহ্মপুত্ৰ ওপৰত ব্যাপক প্ৰভাৱ পেলোৱাৰ বাবে অসমৰ পৰিৱেশ পৰিৱৰ্তনত যথেষ্ট প্ৰভাৱ পেলায়।যদি কোনো কাৰণত নদীৰ গতি পথ সলনি হয় বা নদীৰ পৃষ্ঠভাগ ওপৰলৈ উঠি আহে তেতিয়া উপত্যকা অঞ্চলত বানপানী সৃষ্টি হৈ আমাৰ পৰিৱেশত ব্যাপক কু-প্ৰভাৱ পেলাব পাৰে।১৮৯৭ চনত আৰু ১৯৫০ চনত অসমত সংঘটিত হোৱা প্ৰলয়ংকৰী ভূমিকম্পৰ ফলত যথেষ্ট পৰিমাণ ক্ষতি হৈছিল।আনকি ব্ৰহ্মপুত্ৰ নদীৰ পূৰ্বাংশৰ তলিভাগ বহু পৰিমাণে ওপৰলৈ উঠি আহে।ইয়াৰ ফলত প্ৰতিবছৰে বানপানী প্ৰকোপ বৃদ্ধি পাই আহিছে।অসম মৌছুমী জলবায়ু অন্তৰ্গত হোৱা বাবে বাৰিষাৰ কালছোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় ৯০ শতাংশ বৰষুণ হয়।তদুপৰি হিমালয় পৰা বৈ গৈ বৰফ গলিত পানীৰ মাত্ৰাও বাঢ়ি আহিছে।ব্ৰহ্মপুত্ৰ অৱধাৰিত দিশৰ বাহিৰে আন তিনিওটা দিশেই পাহাৰ পৰ্বতৰে আৱৰা ।সেয়েহে উপনৈ সমূহে পৰিবহন কৰা পানীভাগ ব্ৰহ্মপুত্ৰ নদীয়ে নিৰ্দিষ্ট সময়ত পৰিবহন কৰিব নোৱাৰা হয় আৰু ইয়াৰ ফলতে গৰাখহনীয়া ৰ কবলত জাহ যায় একোটা বিৰ্স্তীণ অঞ্চল।এনে দুৰ্যোগৰ বাবে বৰ্তমান নদী দ্বীপ মাজুলী আৰু উমানন্দৰ প্ৰতি এক ভাবুকি আহি পৰিছে।

    ইয়াৰ উপৰি মানুহে নৈৰ পাৰৰ গছ-গছনি জধে-মধে কাটি টহিলং কৰা ফলতো গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি পাইছে।পাহাৰ-পৰ্বতৰ খনন প্ৰক্ৰিয়া আৰু বৰ্জিত আৱৰ্জনা বৃদ্ধি পোৱাৰ বাবেও ব্ৰহ্মপুত্ৰ নদীৰ পৰিৱেশত জটিলতাই দেখা দিছে।

    ভূতত্ববিদ সকলৰ তথ্যৰ পৰা জানিব পৰা গৈছে যে ব্ৰহ্মপুত্ৰ গতিপথ সদায় পৰিৱৰ্তন শীল।সেয়ে বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা ব্ৰহ্মপুত্ৰ নদীৰ বিধংসী কাৰ্যৰ মূল কাৰকবোৰ চিহ্নিত কৰি জটিল নদী বিন্যাসৰ কু-প্ৰভাৱ ৰোধ কৰাৰ বাবে এতিয়া সময় আহি পৰিছে।অসম যিহেতু নদী মাতৃ দেশ।সেয়েহে কোৱা হৈছে-ব্ৰহ্মপুত্ৰ হল অসমৰ জৈৱ-বৈচিত্ৰৰ মূল আধাৰ। 

৬। চমুটোকা লিখা-

( ক ) সিন্ধু সভ্যতা

উত্তৰঃ সিন্ধু-সভ্যতা- অখণ্ড ভাৰতৰ এক প্ৰাচীন সভ্যতা।খৃঃপূঃ ৩০০০-১৭০০ ৰ সময়ছোৱাত সিন্ধু আৰু সৰস্বতী নদী উপত্যকাত সিন্ধু সভ্যতা গঢ়ি উঠিছিল।

(খ) মাজুলী

উত্তৰঃ মাজুলী হৈছে এটা নদী দ্বীপ।ই ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত।১৮৯১ চনৰ জৰীপ মতে পূৰ্বৰ ১২৫৬ বৰ্গ কিঃমিঃ কালি হ্ৰাস পাই ১৯৯০ চনৰ জৰীপ মতে ৫১৪ বৰ্গ কিঃমিঃ হৈছে।

( গ ) ব্রহ্মকুণ্ড

উত্তৰঃ শদিয়াৰ পৰা ৮০ কিঃমিঃ পূবত অৱস্থিত এটি জলখাদ।পুৰাণ শাস্ত্ৰমতে এই কুণ্ড ব্ৰহ্মাই সৃষ্টি কৰিছিল।এই কুণ্ড পৰাই ব্ৰহ্মপুত্ৰ উৎপত্তি হোৱা বুলি শাস্ত্ৰত উল্লেখ আছে । ব্ৰহ্মপুত্ৰ নদীৰ আগলি অংশ চাংপো নামেৰে কৈলাশ পৰ্বতৰ হিমবাহৰ পৰা ওলাইছে বুলি ধৰা হৈছে।মানস সৰোবৰ পৰা ৭৫কিঃমিঃ পূবত এই ঠাই অৱস্থিত।

(ঘ) পৰশুৰাম।

উত্তৰঃ যমদগ্নি ঋষি পুত্ৰ আছিল পৰশুৰাম।বিষ্ণুৰ ষষ্ঠ ্অৱতাৰ।পিতৃ আদেশত এওঁ মাতৃ ৰেণুকাক কুঠাৰেৰে বধ কৰিছিল।

(ঙ) মেগাস্থিনিচ

উত্তৰঃ  খৃঃপূঃ তৃতীয় শতিকাৰ এজন গ্ৰীক ৰাষ্ট্ৰদূত।চন্দ্ৰগুপ্ত মৌৰ্য্যৰ দিনত তেওঁ ভাৰতলৈ আহিছিল।ভাৰত সম্পৰ্কে তেওঁ বিখ্যাত গ্ৰন্থ খন হল ইণ্ডিকা।বৰ্তমান এই গ্ৰন্থখন লণ্ডন আৰ্ট গেলেৰিত সংৰক্ষিত কৰি ৰখা হৈছে।

(চ) হিউয়েনচাং

উত্তৰঃ এজন চীনা পৰিব্ৰাজক।ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত তেওঁ কামৰুপলৈ আহিছিল।চি-ইউ-কি তেওঁ এখন বিখ্যাত গ্ৰন্থ।

(ছ) ব্রহ্মপুত্র

উত্তৰঃ ব্ৰহ্মপুত্ৰ হৈছে অসনমৰ এখন  প্ৰধান নদী।এই নদী তীব্বতৰ চেমায়ুং ডুং পৰা উলায় বংগোপ সাগৰত পৰিছেগৈ।এই নদীৰ খনৰ মুঠ দৈৰ্ঘ্য প্ৰায় ২৮৫০কিঃমিঃ।ইয়াৰে ৭২৫ কিঃমিঃ অসমৰ মাজেৰে বৈ গৈছে।এই নদীৰ আন এটা নাম হৈছে লুইত।৭ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’ অংশ‘খ’ অংশ
(১) ছুমেৰিয় সভ্যতা ইউফ্ৰেটিছ
(২) ইণ্ডিকামেগাস্থিনিচ
(৩) চি-ইউ-কিহিউয়েন চাং
(৪) ব্ৰহ্মপুত্ৰ চেমায়ুং ডুং
(৫) পদ্মাবাংলাদেশ
(৬) ভাস্কৰ বৰ্মনকামৰূপৰ ৰজা
(৭) মাজুলী নদীদ্বীপ
(৮) মিছৰীয় সভ্যতা নীলা নদী

১। তলৰ ফটো দুখন পৰ্যব্ক্ষণ কৰি দুৰ্যোগ দুটিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ-

ভাষা বিচাৰ

১) তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা-

সাগৰ, নদী, পাহাৰ, পুথি, জাতি, লুইত, তুষাৰ, কুণ্ড, পৰ্যটক।

উত্তৰঃ সাগৰ – সমুদ্ৰ

            নদী – তৰংগিনী

            পাহাৰ

          পুথি – কিতাপ

            জাতি 

             লুইত – ব্ৰহ্মপুত্ৰ

           তুষাৰ – বৰফ

             কুণ্ড – গাঁত

          পৰ্যটক – যাত্ৰী

২। তলৰ শব্দবোৰত ণ/ষ হোৱাৰ কাৰণ লিখা-

ভ্ৰমণ, তুষাৰ, কৃষ্ণই, সোণকোষ, ৰেণুকা, কুণ্ড।

উত্তৰঃ 

ভ্ৰমণঃ- একেটা পদতে থকা ঋ,ৰ,ষ আৰু ন-ৰ মাজত স্বৰবৰ্ণ,ক-বৰ্গ বা প-বৰ্গ কোনো বৰ্ণ বা য,ৱ,হ ব্যৱধান থাকিলে দন্ত্য ন মূদ্ধ্যণ ণ হয়।

তুষাৰ– কিছুমান শব্দত স্বাভাৱিকতে মূদ্ধ্যণ ষ হয়।কৃষ্ণই -ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য স মূদ্ধ্যণ ষ হয়।
সোণকোষঃ- কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধ্যণ ণ আৰু ষ হয়।
ৰেণুকাঃ-ঋ,ৰ,ষৰ পিছত দন্ত্য ন মূৰ্দ্ধ্যণ ণ হয়।
কুণ্ডঃ- ট-বৰ্গ কোনো বৰ্ণ লগত যুক্ত হলে দন্ত্য ন মূৰ্দ্ধ্যণ ণ হয়।

৩। বিপৰীত শব্দ লিখা- পাহাৰ, উচ্চ, দীৰ্ঘ, বহল, প্ৰৱাহ।

উত্তৰঃ পাহাৰ – ভৈয়াম

            উচ্চ – নিচ

            দীৰ্ঘ – হ্ৰস্ব

            বহল – ঠেক

প্ৰৱাহ-

৪। অনুকাৰ শব্দ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ মূল শব্দৰ পিছত প্ৰায় একে নিচিনা অথচ অৰ্থশূণ্য যিবোৰ শব্দ যোগ কৰা হয়,সেইবোৰক অনুকাৰ শব্দ বোলে।যেনে-মাছ-তাছ,চাহ-তাহ।

৫। বাক্য সাজা-

হোঁ হোঁৱনি, হুৰ্ হুৰ্, গুৰ্ গুৰ্, চিৰিপ্, জিপ্ জিপ্, চিপ্ চিপ্।

উত্তৰঃ হোঁ হোঁৱনিঃ- দিনটো গাড়ীৰ কেৰ্ কেৰণি,হোঁ হোঁৱনিয়ে কাণ ঘোলা কৰিলে।

             হুৰ্ হৰ্ঃ

Type byPallab Jyoti BoraLast Update by Dipawali Bora (09.05.2022)
Post ID :DABP006176