ভাৰতবৰ্ষৰ উত্তৰ – পূৰ্বাঞ্চল | Lesson 8 | Class 7 Social Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ সমাজ বিজ্ঞান সপ্তম মান প্ৰশ্ন আৰু উত্তৰ |

ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল

পাঠ-৮

১। উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য়কেইখনৰ নাম হৈছে – অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিম।

২। ২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ জনসংখা কিমান?

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অলুসৰি উত্তৰ-পূৰিবাঞ্চলৰ জনসংখ্য়া হৈছে – ৪,৫৫,৩৩,৯৮২ ।

৩। লোকটক হ্ৰদ ক’ত অৱস্থিত?

উত্তৰঃ লোকটক হ্ৰদ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰত অৱস্থিত।

৪। উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা পাহাৰৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা পাহাৰৰ নাম হৈছে – গাৰো, খাচি আৰু ডফলা।

৫। উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা শৃংগৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ তিনিটা শৃংগৰ নাম হৈছে – দিবং মহাদেয়, কাঞ্চনজংঘা আৰু ব্লু মাউণ্টেন।

৬। উত্তৰ-পূৰ্বাঞ্চলৰ দুখন নদীৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ দুখন নদীৰ নাম হৈছে – ব্ৰহ্মপুত্ৰ আৰু বৰাক।

৭। উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচখন উপনদীৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচখন উপনদীৰ নাম হৈছে – দিহিং, দিচাং, দিখৌ, সোৱণশিৰি আৰু বুঢ়ীদিহিং।

-Hiru Moni Bora

Post ID : DABP002289