মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ | Lesson 11 | Class 7 Social Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ সমাজ বিজ্ঞান সপ্তম মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ |

মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ


পাঠ-১১

১। উত্তৰ লিখা – 

(ক) মৌৰ্য বংশৰ শেষৰজন ৰজা কোন আছিল?উত্তৰঃ মৌৰ্য বংশৰ শেষৰজন ৰজা বৃহদ্ৰথ আছিল।

(খ) শুংগ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?উত্তৰঃ শুংগ বংশ পুষ্য়মিত্ৰ শুংগই প্ৰতিষ্ঠা কৰিছিল।

(গ) ‘মৃচ্ছকটিকম’ নামৰ নাটকখন কোনে ৰচনা কৰিছিল?উত্তৰঃ ‘মৃচ্ছকটিকম’ নামৰ নাটকখন শূদ্ৰকে ৰচনা কৰিছিল।

(ঘ) গ্ৰীকসকলক ভাৰতবৰ্ষত আৰু কি নামেৰে জনা গৈছিল।উত্তৰঃ গ্ৰীকসকলক ভাৰতবৰ্ষত যৱন নামেৰে জনা গৈছিল।

(ঙ) নাটৰ শেষত ব্যৱহাৰ হোৱা ‘যৱনিকা’ শব্দটো কোন ভাষাৰ পৰা অনা হৈছে।উত্তৰঃ নাটৰ শেষত ব্যৱহাৰ হোৱা ‘যৱনিকা’ শব্দটো গ্ৰীক ভাষাৰ পৰা অনা হৈছে।

(চ) চতুৰ্থ বৌদ্ধ মহামেল কোনজন ৰজাৰ ৰাজত্ব কালত অনুষ্ঠিত হৈছিল?উত্তৰঃ চতুৰ্থ বৌদ্ধ মহামেল কণিষ্ক ৰজাৰ ৰাজত্ব কালত অনুষ্ঠিত হৈছিল।

২। চমু টোকা লিখা –(ক) পুষ্যমিত্ৰ শুংগঃ পুষ্য়মিত্ৰ শুংগ আছিল মৌৰ্য বংশৰ সেনাপতি। তেওঁ মৌৰ্যবংশৰ ৰজাক হত্য়া কৰি শুংগ বংশৰ প্ৰতিষ্ঠা কৰিছিল। তেখেত আছিল শুংগ বংশৰ আটাইতকৈ শক্তিশালী ৰজা। তেওং খ্ৰীষ্ট পূৰ্ব ১৮৪ ৰ পৰা খ্ৰীষ্ট পূৰ্ব ১৪৮ লৈ শাসন কৰিছিল। তেখেতে বিদৰ্ভ ৰাজ্য়ও জয় কৰিছিল। তেওঁৰ দিনত সাহিত্য়, শিল্প আদিৰ ক্ষেত্ৰতো উন্নতি হয়।
 (খ)গান্ধাৰ শিল্পঃ এই শিল্প গ্ৰীক আৰু ভাৰতীয় শিল্পকলাৰ সংমিশ্ৰণ আছিল। (গ) মিনাণ্ডাৰঃ ইণ্ডো-গ্ৰীক ৰজাসকলৰ মাজত মিনাণ্ডাৰক শ্ৰেষ্ঠ ৰজা বুলি গণ্য় কৰা হয়। তেওং প্ৰায় ২৫ বছৰ কাল ৰাজত্ব কৰিছিল। তেওংৰ সাম্ৰাজ্য়ই মধ্য় আফগানিস্তান, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, পঞ্জাৱ, সিন্ধু, ৰাজস্থান, কাথিৱাৰা আৰু উত্তৰ প্ৰদেশৰ কিছু অংশ সামৰি লৈছিল। তেওঁৰ ৰাজধানী আছিল শাকল। (ঘ) কনিষ্কঃ দ্বিতীয় কুশানসকলৰ মৃত্য়ুৰ পিছত কণিষ্ক কুশানসকলৰ ৰজা হয়। তেওঁক কুশানসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা আখ্য়া দিয়া হয়। তেওঁ ৭৮ খ্ৰীঃত সিংসাহন আৰোহণ কৰিছিল। এইজন ৰজাৰ দজিনৰ পৰাই শকাব্দ আৰম্ভ হয়।(ঙ) ভাৰতীয় জ্যোতিষ শাস্ত্ৰত গ্ৰীকসকলৰ প্ৰভাৱঃ ভাৰতীয় জ্য়োতিষবিদ্য়াত গ্ৰীকসকলৰ যথেষ্ট প্ৰভাৱ আছে। ভাৰতীয় প্ৰাচীন গ্ৰন্থ গাৰ্গী সংহিতাত এই সম্পৰ্কে পোৱা যায়। ভাৰতীয় জোতিষ শাস্ত্ৰত বহুতো গ্ৰীক শব্দ ব্য়ৱহাৰ হৈছে। ‘Horoscope’ শব্দটো গ্ৰীক শব্দ ‘Hora’ ৰ পৰা লোৱা।

৩। খালী ঠাই পূৰ কৰা –
(ক) মৌৰ্য বংশৰ পতনৰ পাছত ভাৰতলৈ অহা প্ৰথম বিদেশী জাতি আছিল গ্ৰীক
(খ) পুষ্যমিত্ৰ শুংগৰ পাছত তেওঁৰ পুত্ৰ অগ্নিমিত্ৰ মগধ ৰাজ্যৰ সিংহাসনত উঠে।
(গ) শুংগ বংশৰ শেষ ৰজা আছিল দেৱভূতি বা দেৱাভূমি
(ঘ) পুষ্যমিত্ৰ শুংগই দুবাৰকৈ অশ্বমেধ যজ্ঞ সম্পাদন কৰিছিল।
(ঙ) আলেকজেণ্ডাৰৰ পাছত ভাৰতবৰ্ষৰ ভিতৰভাগলৈ প্ৰৱেশ কৰা প্ৰথম গ্ৰীক ৰজা আছিল ডিমিত্ৰিয়াছ

৪। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা।

(ক) পুষ্যমিত্ৰ শুংগৰ দিনত হোৱা গ্ৰীকসকলৰ ভাৰত আক্ৰমণ।উত্তৰঃ পুষ্য়মিত্ৰ শুংগৰ দিনত গ্ৰীকসকলে দুবাৰকৈ ভাৰত আক্ৰমণ কৰিছিল।     প্ৰথমবাৰ গ্ৰীক আক্ৰমণ হৈছিল তেওঁৰ ৰাজত্ব কালৰ আৰম্ভণিতে আৰু গ্ৰীক আক্ৰমণৰ নেতৃত্ব দিছিল ডিমিত্ৰিয়াছে। পুষ্য়মিত্ৰ শুংগই এই আক্ৰমণ ওফৰাই পেলাবলৈ সক্ষম হৈছিল। 
    দ্বিতীয়বাৰ গ্ৰীক আক্ৰমণ হৈছিল তেওঁৰ ৰাজত্বৰ শেযৰফালে। এই আক্ৰমণ প্ৰতিহত কৰিছিল পুষ্য়মিত্ৰৰ নাতিয়েক বসুমিত্ৰই। যুদ্ধত জয়ৰ কীৰ্তি যুগমীয়া কৰি ৰাখিবলৈ তেখেতে দুবাৰকৈ অশ্বমেথ যজ্ঞ পাতে।

(খ) গৌতমীপুত্ৰ সাতকৰ্ণী।উত্তৰঃ হলাৰ মৃত্য়ুৰ পিছত গৌতমীপুত্ৰ সাতকৰ্ণী সাতবাহনসকলৰ ৰজা হয়। তেওঁ সাতবাহনসকলৰ আটাইতকৈ বিখায়াত আৰু শক্তিশালী ৰজা। তেওঁ ৭০-৯৫ খ্ৰীষ্টাব্দৰ ভিতৰত শাসন কৰিছিল বুলি জনা যায়। তেওঁ সমসাময়িক ৰজাবোৰক পৰাস্ত কৰি ৰাজ্য়ৰ সীমা বহলাইছিল। তেখেতে প্ৰজাৰ মংগল সাধনৰ চেষ্টা কৰিছিল। তেওঁ যদিও ব্ৰাহ্মণ্য় ধৰ্ম গ্ৰহণ কৰিছিল আন ধৰ্মৰ প্ৰতিও অসহিঞ্ষু নাছিল।

(গ) ভাৰতৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ সাতবাহনসকলৰ অৱদান।উত্তৰঃ ভাৰতৰ ভাষা, সাহিত্য়, সংস্কৃতিলৈ সাতবাহনসকলৰ বিশেষ অৱদান আছে। সাতবাহন ৰজাসকলৰ পৃষ্ঠপোষকতাত প্ৰাকৃত ভাষা সাতবাহন সাম্ৰাজ্য়ৰ ৰাষ্ট্ৰভাষাত পৰিণত হৈছিল। সাতবাহন ৰজা হলা এজন কবি আছিল, তেওং প্ৰাকৃত ভাষাতেই গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা গ্ৰন্থৰ ভিতৰত এখন বিখ্য়াত গ্ৰন্থ হৈছে ‘গাথাসপ্তসতী’। প্ৰাকৃত ভাষাৰ উপৰি সংস্কৃত ভষাতো গ্ৰন্থ প্ৰণয়ন কৰিছিল। সাতবাহনসকলৰ আমোলতেই বাৎসায়নে সাংস্কৃত ভাষাত ‘কামসূত্ৰ’ আৰু শূদ্ৰকে ‘মৃচ্ছকটিকম’ নাটক ৰচনা কৰিছিল।

(ঘ) ভাৰতীয় সভ্যতা-সংস্কৃতিত গ্ৰীকসকলৰ প্ৰভাৱ।উত্তৰঃ ভাৰতীয় সভ্য়তা-সংস্কৃতিত গ্ৰীকসকলে বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল। গ্ৰীকসকল অহাৰ আগতে ভাৰতত মুদ্ৰাৰ প্ৰচলন আছিল যদিও সেইবিলাকৰ কোনো নিৰ্দিষ্ট আকৃতি নাছিল আৰু মসৃণো নাছিল। ভাৰতীয়সকলে গ্ৰীকসকলৰ পৰা মুদ্ৰাৰ তৈয়াৰ কৰাৰ কৌশল আয়ত্ত কৰি মসৃণ আৰু সুন্দৰ আকৃতিৰ মুদ্ৰা তৈয়াৰ কৰিবলৈ শিকিলে।    জ্য়োতিৰ্বিজ্ঞানৰ ক্ষেত্ৰতো ভাৰতীয়সকল গ্ৰীকসকলৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পৰিছে বুলি বহুতে ক’ব খোজে। চৰক সংহিতাত গ্ৰীকৰ প্ৰভাৱ আছে। ভাৰতীয় শিল্পকলাতো গ্ৰীকৰ প্ৰভাৱ পৰিছে । ভাৰতীয় আৰু গ্ৰীক শিল্পকলাৰ সংমিশ্ৰণত গান্ধাৰত এক নতুন শিল্পকলাৰ সৃষ্টি হৈছিল। সেইটো হৈছে গান্ধাৰ শিল্পকলা। ভাৰতীয় নাট্য় সাহিত্য়তো গ্ৰীকৰ প্ৰভাৱ পৰিছিল। নাটৰ শেষত ব্য়ৱহাৰ কৰা যৱনিকা শব্দটো গ্ৰীক ভাষাৰ।

(ঙ) শাসক আৰু বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক হিচাপে কনিস্ক।উত্তৰঃ কনিষ্ক এজন সুদক্ষ প্ৰশাসক আছিল। তেওঁ বিশাল সাম্ৰাজ্য়খন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইয়াক কেইবাখনো প্ৰদেশত ভাগ কৰি লৈছিল আৰু প্ৰত্য়কখন প্ৰদেশৰ শাসনভাৰ একোজন গৱৰ্ণৰ বা  ক্ষত্ৰপৰ হাতত দিছিল। কনিষ্কই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁৰ ৰাজত্বকালতে চতুৰ্থ বৌদ্ধ মহামেল পতা হৈছিল। এই বৌদ্ধ মহামেলত প্ৰায় ৫০০ জন বৌদ্ধ পণ্ডিতে অংশগ্ৰহণ কৰিছিল আৰু এই মহামেলত পৌৰাহিত্য় কৰিছিল বৌদ্ধ্য় দাৰ্শনিক বসুমিত্ৰই। তেওঁ আন ধৰ্মৰ প্ৰতিও সহানুভূতিশীল আছিল।
-Hiru Moni Bora

Post ID : DABP005997