AJB Class 8 Social Science Chapter 1 মোগল প্ৰশাসন আৰু সমাজ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

মোগল প্ৰশাসন আৰু সমাজ

Chapter 1   

১) ৰাজহ বিভাগৰ মুৰব্বীগৰাকীক কি বোলা হৈছিল ?

উত্তৰ ঃ ৰাজহ বিভাগৰ মুৰব্বীগৰাকীক উজীৰ বা দেৱান বোলা হৈছিল ।

২) মোগল প্ৰশাসন ব্যৱস্থাক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ?

উত্তৰ ঃ  মোগল প্ৰশাসন ব্যৱস্থাক দুটা  ভাগত ভগাব পাৰি সেয়া হল –কেন্দ্ৰী য় আৰু প্ৰাদেশিক প্ৰশাসন।

৩) মীৰ বকসী প্ৰধান দায়িত্ব কি আছিল ?

উত্তৰ ঃ  মীৰ বকসী প্ৰধান দায়িত্ব আছিল সামৰিক বাহিনীৰ দৰমহা দিয়া ।

৪)পঞ্চায়তৰ প্ৰধানজনক কি বোলা হৈছিল ?

উত্তৰ ঃ পঞ্চায়তৰ প্ৰধানজনক লম্বাৰ্ডৰ বোলা হৈছিল।

৫) প্ৰদেশ এখনৰ মুৰব্বী শাসকজনক কি বোলা হৈছিল ?

উত্তৰ ঃ প্ৰদেশ এখনৰ মুৰব্বী শাসকজনক চুবেদাৰ বোলা হৈছিল।

৬) কিমান খ্ৰি.ত জেহিৰুদ্দিন মহম্মদ বাবৰে ভাৰতত মোগল সম্ৰাজ্য প্ৰতিষ্ঠা কৰে ?

উত্তৰঃ ১৫২৬ খ্ৰি.ত জেহিৰুদ্দিন মহম্মদ বাবৰে ভাৰতত মোগল সম্ৰাজ্য প্ৰতিষ্ঠা কৰে ।

৭) চৰকাৰৰ ৰাজহ বিষয়জনক কি বোলা হৈছিল ?

উত্তৰ ঃ  চৰকাৰৰ ৰাজহ বিষয়জনক আমলগুজাৰ বোলা হৈছিল ।

৮) চৰকাৰৰ কোষাধ্যক্ষজনক কি বোলা হৈছিল ?

উত্তৰ ঃ চৰকাৰৰ কোষাধ্যক্ষজনক খাজনাদাৰ বোলা হৈছিল।

৯) প্ৰদেশ এখনৰ শাসনৰ মুৰব্বী কোন আছিল ?

উত্তৰ ঃ প্ৰদেশ এখনৰ শাসনৰ মুৰব্বী আছিল চুবেদাৰ।

১০)  পৰগণাত ৰাজহ সংগ্ৰহ কোনে কৰিছিল?

উত্তৰ ঃ পৰগণাত ৰাজহ সংগ্ৰহ আমিলে কৰিছিল।

১১) জাবটী পদ্ধতি কাক বোলে ?

উত্তৰ ঃ এলাহবাদৰপৰা মাহোৰলৈকে আৰু গুজৰাট  আৰু মালৱত প্ৰচলিত ৰাজহ ব্যৱস্থাটোক জাবটী ব্যৱস্থা বোলা হয় ।

১২) মনচবদাৰ শব্দৰ অৰ্থ কি ?

উত্তৰ ঃমনচবদাৰ শব্দৰ অৰ্থ হ’ল পদবীধাৰী।

১৩) মোগল যুগৰ অৰ্থনৈতিক ব্যৱস্থাৰ মেৰুদণ্ডকি আছিল ?

উত্তৰ ঃ  মোগল যুগৰ অৰ্থনৈতিক ব্যৱস্থাৰ মেৰুদণ্ড আছিল কৃষি।

১৪) মনচবদাৰৰ মাজত কেইটা প্ৰধান শ্ৰেণীবিভাগ আছিল আৰু কি কি ?

উত্তৰঃ  মনচবদাৰৰ মাজত দুটা  প্ৰধান শ্ৰেণীবিভাগ আছিল আৰু সেই দুটা হ’ল – চৱাৰ আৰু জাত।

১৫)মোগল যুগৰ তিনিটা প্ৰধান শ্ৰেণী কি আছিল ?

উত্তৰ ঃ মোগল যুগৰ তিনিটা প্ৰধান শ্ৰেণী  আছিল — (ক) সাধাৰণ বেপাৰীসকন, (খ) বেংকাৰ আৰু (গ) ঋণদাতা।

Type : Dimpi Bora 

Post ID : DABP005778