AJB Class 8 Social Science Chapter 4 আহোম : ৰাজ্যৰপৰা সাম্ৰাজ্যলৈ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

আহোম : ৰাজ্যৰপৰা সাম্ৰাজ্যলৈ 

Chapter 4

১) চুখামফাৰ মৃত্যুৰ পিছত কোনে আহোম ৰাজসিংহাসনত আৰোহণ কৰিছিল ?
উত্তৰ ঃ
  চুখামফাৰ মৃত্যুৰ পিছত চুচেংফাই আহোম ৰাজসিংহাসনত আৰোহণ কৰিছিল।

২) কোনে এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ ঃ
 চুকাফাই এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।

৩) নতুন ৰাজ্যখনৰ নাম কি আছিল ?
উত্তৰঃ  
নতুন ৰাজ্যখনৰ নাম আছিল আহোম ৰাজ্য ।

৪) ৰঘুনাৰায়ণৰ জ্যেষ্ঠ পুত্ৰ কোন ?
উত্তৰ ঃ
 ৰঘুনাৰায়ণৰ জ্যেষ্ঠ পুত্ৰ হ’ল পৰিক্ষীত নাৰায়ণ ।

৫) স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোম ৰাজ্যৰ কি আছিল ?
উত্তৰ ঃ
 স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোম ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ শাসক আছিল।

৬) আহোম ৰাজ্যখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?z
উত্তৰ ঃ
 আহোম ৰাজ্যখন 1253 চনত প্ৰতিষ্ঠা কৰা হৈছিল।

৭) তহানিৰ ডফলা পাহাৰক বৰ্তমান কি বুলি কোৱা হয় ?
উত্তৰ ঃ  তহানিৰ ডফলা পাহাৰক বৰ্তমান অৰুণাচল প্ৰদেশ বুলি কোৱা হয় ।

৮) কিমান খ্ৰি.ৰ যুদ্ধত কছাৰী সৈন্যক আহোম সেনাই পৰাজিত কৰে ?
উত্তৰঃ 
1606  খ্ৰি.ৰ যুদ্ধত কছাৰী সৈন্যক আহোম সেনাই পৰাজিত কৰে ।

৯) কিমান চনটো অসমৰ ইতিহাসৰ এক উল্লেখনীয় সময় ?

উত্তৰ ঃ 1228  চনটো অসমৰ ইতিহাসৰ এক উল্লেখনীয় সময়।

১০) লাচিত বৰফুকনে কিমান চনৰ কি মাহত মোগলক খেদি গুৱাহাটী উদ্ধাৰ কৰি লয় ?
উত্তৰ ঃ
 লাচিত বৰফুকনে 1667 চনৰ অক্টোবৰ মাহত মোগলক খেদি গুৱাহাটী উদ্ধাৰ কৰি লয় ।

)স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত কোন আহোমৰ সিংহাসনত উঠে ?
উত্তৰ ঃ
 স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত চুপুংমুং আহোমৰ সিংহাসনত উঠে।

১২) 1672 চনৰ এপ্ৰিল মাহত কোনজন আহোম সেনাপতিৰ মৃত্যু হৈছিল ?
উত্তৰ ঃ
 1672 চনৰ এপ্ৰিল মাহত আহোম সেনাপতি লাচিত বৰফুকনৰ মৃত্যু হৈছিল।

) পৰিক্ষীত নাৰায়ণৰ ক’ত মৃত্যু হৈছিল ?
উত্তৰ ঃ
 পৰিক্ষীত নাৰায়ণৰ গংগানদীৰ পাৰত বসন্ত ৰোগত মৃত্যু হৈছিল।

১৪) কোচবিহাৰৰ নতুন নামটো কি দিয়া হৈছিল ?
উত্তৰ ঃ
 কোচবিহাৰৰ নতুন নামটো আলমগীৰ নগৰ দিয়া হৈছিল।

) ৰুদ্ৰসিংহৰ ক’ত মৃত্যু হৈছিল ?
উত্তৰ ঃ
 ৰুদ্ৰসিংহৰ উত্তৰ গুৱাহাটীত মৃত্যু হৈছিল।

Type by : Dimpi Bora

Post ID : DABP005781