AJB Class 8 Social Science Chapter 5 মধ্য য়ুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

মধ্য য়ুগৰ অসমৰ অৰ্থনৈতিক অৱস্থা

Chapter 5

১) ধান খেতিৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?
উত্তৰ ঃ
 ধান খেতিৰ প্ৰধান ভাগ দুটা আৰু সেইয়াৈ হল শালি খেতি আৰু আহু খেতি ।

২) প্ৰাচীন কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল আৰু কি কি ?
উত্তৰ ঃ   প্ৰাচীন কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল আৰু সেয়া হ’ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ ।

৩) ব্ৰহ্মপুত্ৰ কি পাৰে চিতীয়াসকলে ৰাজত্ব কৰিছিল ?
উত্তৰ ঃ
ব্ৰহ্মপুত্ৰ উত্তৰপাৰে চিতীয়াসকলে ৰাজত্ব কৰিছিল।

৪) অৱশিষ্ট ৰাজ্যখনৰ নাম কি ?
উত্তৰ ঃ
 অৱশিষ্ট ৰাজ্যখনৰ নাম হ’ল কমতা ৰাজ্য বা কামৰূপ-কমতা ।

৫) খ্ৰিষ্টীয় তেৰ শতিকাৰ প্ৰথমভাগত মুছলমানসকলে কি ৰাজ্য আক্ৰমণ কৰে ?
উত্তৰ ঃ
  খ্ৰিষ্টীয় তেৰ শতিকাৰ প্ৰথমভাগত মুছলমানসকলে কামৰূপ ৰাজ্য আক্ৰমণ কৰে।

৬) ব্ৰহ্মপুত্ৰৰ কি পাৰে দিখৌ আৰু কলং নদীৰ মাজৰ অঞ্চলত ৰাজ্য স্থাপন কৰে ?
উত্তৰ ঃ 
ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে দিখৌ আৰু কলং নদীৰ মাজৰ অঞ্চলত ৰাজ্য স্থাপন কৰে।

৭) ষোল শতিকাৰ আৰম্ভণিতে কিমান খ্ৰি.ত কোচ ৰাজ্যৰ জন্ম হয় ?
উত্তৰ ঃ  ষোল শতিকাৰ আৰম্ভণিতে 1515 খ্ৰি.ত কোচ ৰাজ্যৰ জন্ম হয়।

৮) প্ৰাচীম কামৰূপ ৰাজ্য মূলতঃ কেইখন প্ৰধান ৰাজ্যত বিভক্ত হৈছিল আৰু কি কি ?
উত্তৰ ঃ প্ৰাচীম কামৰূপ ৰাজ্য মূলতঃ দুখন প্ৰধান ৰাজ্যত বিভক্ত হৈছিল আৰু সেয়া হল আহোম আৰু কোচ ৰাজ্য ।

৯) মধ্য যুগৰ অসমৰ অধিবাসীসকলৰ প্ৰধান বৃত্তি কি আছিল ?
উত্তৰ ঃ
 মধ্য যুগৰ অসমৰ অধিবাসীসকলৰ প্ৰধান বৃত্তি আছিল কৃষি ।

১০) পীৰপাল ভূমি মানে কি ?
উত্তৰ ঃ
 ইছলাম ধৰ্মৰ মছজিদ আৰু ছুফী সাধু পীৰসকলক দান দিয়া ভূমি-সম্পত্তিক পীৰপাল ভূমি বোলা হৈছিল ।

১১) কিমান খ্ৰি.ত বংগৰ নবাব হুছেইন ছাহৰ আক্ৰমণৰ লগে লগে কমতা ৰাজ্য অন্ত পৰে ?
উত্তৰ ঃ
 1498 খ্ৰি.ত বংগৰ নবাব হুছেইন ছাহৰ আক্ৰমণৰ লগে লগে কমতা ৰাজ্য অন্ত পৰে।

১২)মধ্য যুগ বুলি কেটিয়া গণ্য কৰা হয় ?
উত্তৰঃ 
সাধাৰণতে খ্ৰিষ্টীয় ছয় শতিকাৰপৰা ষোল শতিকাৰ মাজৰ এহাজাৰ বছৰীয়া সময়ছোৱাকে পৃথিৱীৰ ইতিহাসৰ মধ্য যুগ বুলি গণ্য কৰা হয়।

১৩) বছৰৰ ফাগুন, চ’ত, ব’হাগ আৰু জেঠ মাহৰ সময়ছোৱাত কৰা ধান খেতিবিধ কি খেতি ?
উত্তৰ ঃ
 বছৰৰ ফাগুন, চ’ত, ব’হাগ আৰু জেঠ মাহৰ সময়ছোৱাত কৰা ধান খেতিবিধ হ’ল আহু খেতি।

১৪) ভাতৰ বাবে উপযোগী ধানবোৰ কি কি ?
উত্তৰ ঃ ভাতৰ বাবে উপযোগী ধানবোৰ হ’ল মনোহৰ শালি, গেজেপ শালি, শিয়াল শালি আদি।

১৫) ধান জমা কৰি ৰখা ঘৰটোক কি বোলা হৈছিল ?
উত্তৰ ঃ
 ধান জমা কৰি ৰখা ঘৰটোক ভঁৰাল বোলা হৈছিল ।

১৬) পাহাৰীয়া অঞ্চলৰ অধিবাসীসকলে কি পদ্ধতিৰে খেতি কৰিছিল ?
উত্তৰ ঃ পাহাৰীয়া অঞ্চলৰ অধিবাসীসকলে ‘ঝুম’ পদ্ধতিৰে খেতি কৰিছিল।
১৭) ঝুম খেতি মানে কি ?
উত্তৰ ঃ
 পাহৰৰ এঢলীয়া অংশত খলপ কাটি কৰা এই কৃষি কাৰ্যকে ঝুম খেতি বোলা হয়।

১৮) মৰণা কাক বোলে ?
উত্তৰ ঃ
 গৰু, ম’হৰ ভৰিৰে খচকি ধানৰ গুটিবোৰ গছৰ আগ অংশৰপৰা পৃথক কৰা কামটোক মৰণা মৰা বোলে।

১৯) পাইক কাক বোলে ?

উত্তৰ ঃ আহোম শাসনৰ নিয়ম অমুসৰি পোন্ধৰৰপৰা পঞ্চাছ বছৰ বয়সৰ সকলো কৰ্মঠ পুৰুষকে পাইক বোলা হৈছিল।

Type : Dimpi Bora

post ID : DABP005739