Class 12 Assamese Chapter 12 Short Question Answer | Class 12 Assamese Chapter 12 জনতাৰ আহ্বান Short Answer |

১। অসমীয়া সাহিত্য-সংস্কৃতি জগতত ৰূপকোঁৱৰ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হৈছে?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাক ।

২। ‘জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰ ঃ লুইতৰ পাৰৰ অগ্নিসুৰ।

৩। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি ?

উত্তৰ : শোণিত কুঁৱৰী।

৪। জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীলৈ গৈ কিহৰ প্রশিক্ষণ লৈছিল ?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীলৈ গৈ কথাছবি প্রযোজনা আৰু পৰিচালনা বিষয়ত প্রশিক্ষণ লৈছিল।

৫। প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি ?

উত্তৰ: জয়মতী।

৬। কোন চনত জ্যোতিপ্ৰসাদ আগৰৱালৰ জন্ম হৈছিল ?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯০৩ চনত জন্ম গ্ৰহণ কৰে ।

৭। কোনখন নাটকৰ জৰিয়তে জ্যোতিপ্ৰসাদ আগৰৱালাই নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে ?

উত্তৰঃ ‘শোণিত কুঁৱৰী’নাটকখনৰ জৰিয়তে জ্যোতিপ্ৰসাদ আগৰৱালাই নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে ।

৮। প্ৰথম অসমীয়া বোলছবি নির্মাতা কোন?

উত্তৰ : প্ৰথম অসমীয়া বোলছবি নির্মাতাজন হ’ল – জ্যোতিপ্ৰসাদ আগৰৱালা ।

৯। জনতাৰ কেনেকুৱা ৰূপ পদুম হৈ জাগি উঠিছে?

উত্তৰ ঃ জনতাৰ বোকাত গজা পঙ্কজ ৰূপ পদুম হৈ জাগি উঠিছে।

১০। জনতাই কিহৰ অভিযান আৰম্ভ কৰিছে ?

উত্তৰ : আলোক বিজয়ী অভিযান কৰিছে।

১১। কিহৰ মহাসংঘাতে বর্তমান কঁ পাইছে?

উত্তৰ : নৱ-জীৱনৰ মহাসংঘাতে বর্তমান কঁপাইছে।

১২। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা তিনিখন নাটকৰ নাম লিখা ।

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা তিনিখন নাটক হ’ল : ‘শোণিত কুঁৱৰী’, ‘কাৰেঙৰ লিগিৰী’ আৰু ‘লভিতা’।

১৩। প্ৰথম অসমীয়া বোলছবি নির্মাতা কোন ?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া বোলছবি নির্মাতা।

খ) চমু প্রশ্ন

১। জ্যেতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা হ’ল ঃ

(ক) জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়বদ্ধতা আদি তেওঁৰ কবিতাৰ প্রসঙ্গত বৈশিষ্ট্য।

(খ) ভাষা আৰু শব্দ প্ৰয়োগৰ ওজস্বিতা, যৌৱনসুলভ দীপ্ততা তেওঁৰ কবিতাৰ শৈলীগত বৈশিষ্ট্য।

২। আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহেৰে ষোড়শোপচাৰ’ ষোড়শোপচাৰ কি বুজাই লিখা ।

উত্তৰঃ ‘ষোড়শোপচাৰ’হৈছে পূজাৰ বাবে প্ৰয়োজনীয় ১৬ বিধ উপকৰণ। সেইবোৰ হ’ল – আসন, স্বাগত, পাদ্য, অর্ঘ্য,আচমনীয়, মধুপর্ক,পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা।

৩। ‘হে মোৰ আলোক পূজাৰী প্ৰাণ’ কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰ ঃ ‘হে মোৰ আলোক পূজাৰী প্ৰাণ’ কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ। কবিয়ে ‘আলোক-পূজাৰী প্ৰাণ’ বুলি জনতাক বুজাইছে। কবিয়ে ক’ব বিচােিছ যে আজি জনতাৰ মাজত এক নতুন চেতনাৰ অভ্যুদ্বয় হৈছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে-বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে, তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে।

৪। কথাছবি নির্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় দিয়া।

উত্তৰ : উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে অসমীয়া কথাছবিৰ জনক। ১৯৩৩ চনত তেওঁ ভোলাগুৰি চাহ বাগিছাত ‘চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি ১৯৩৪ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী’ নাটকখনক কথাছবিৰ ৰূপ দিয়ে। ‘জয়মতী’ কথাছবিয়ে ১৯৩৫ চনৰ ১০ মাৰ্চৰ দিনা কলিকতাত প্ৰথমে মুক্তি পায় আৰু ইয়াৰ ১০ দিন পিছত ২০ মাৰ্চ তাৰিখে গুৱাহাটীৰ ৰাইজে সেই ছবি উপভোগ কৰে। ‘ইন্দ্ৰমালতী’ হৈছে তেওঁৰ দ্বিতীয়খন কথাছবি । পিছলৈ তেওঁৰ পৰা প্ৰেৰণা লাভ কৰি অসমৰ বোলছবি জগতত বহু প্ৰতিভাৰ জন্ম হয়।

৫। কবিতাটোত কবিয়ে ‘আজি পৃথিবীৰ আকাশে আকাশে জনতাৰ আহ্বান’ বুলি কিয় কৈছে?

উত্তৰ : কবিয়ে লক্ষ্য কৰিছে যে আজি শোষিত, নিষ্পেষিত জনতা নিজৰ অধিকাৰৰ প্ৰতি সচেতন হৈ মুখৰিত হৈ উঠিছে। কবিয়ে জনতাৰ এই জাগ্ৰত ৰূপ দেখি আনন্দ পাইছে। জনতাৰ আহ্বানত যে জনতাৰেই মঙ্গল হ’ব সেই কথা কবিয়ে উপলব্ধি কৰিব পাৰিছে।

(গ) দীঘল প্রশ্ন

২। ‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহৰ প্রতি কবিৰ কেনে মনোভাৱ প্ৰকাশ পাইছে?

উত্তৰ : ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিৰ মাজেদি সাধাৰণ মানুহৰ প্ৰতি কবিৰ কল্যাণকামী গভীৰ আস্থাৰ ভাব প্রকাশ পাইছে। কবিয়ে শোষিত, পদ-দলিত জনগণৰ দুখত দুখী হৈ সাধাৰণ জনতাক এক সুন্দৰ ভৱিষ্যতৰ বাবে জাগি উঠিবলৈ আহ্বান জনাইছে। তেওঁ পৃথিৱীৰ জনতাৰ মাজত এক নতুন চেতনাৰ আশাবাদেৰে কৈছে যে বোকাত জন্ম লোৱা জনতাই আজি পদুম হৈ ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি, পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিঁচিবলৈ অৰ্থাৎ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ জনতা আজি ওলাই আহিছে।

৩। কবিয়ে কেনেকুৱা জনতন্ত্ৰ কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা ।

উত্তৰ : ‘জনতাৰ আহ্বান’ কবিতাটিত কবিয়ে দাসত্বৰ বান্ধোনৰ পৰা মুক্ত হ’বলৈ জনতা যে আজি জাগি উঠিছে তাৰ উদীপ্ত কাব্যিক বৰ্ণনা দাঙি ধৰিছে। কবিয়ে লক্ষ্য কৰিছে যে শোষিত, বঞ্চিত, মেহনতী জনতা জাগ্ৰত হৈ সিহঁতৰ নায্য প্রাপ্য আদায়ৰ বাবে ৰাজপথলৈ ওলাই আহিছে। অর্থাৎ বিপ্লৱ আৰম্ভ হৈছে। কবিয়ে আশাবাদ পোষণ কৰিছে যে এই বিপ্লৱেই মানৱ সমাজৰ কদাকাৰ ৰূপ পৰিবৰ্তন কৰি সৌন্দৰ্যৰ আনয়ন কৰিব। অর্থাৎ জনতাৰ সংহত অভ্যুত্থানে দেশত জনতন্ত্ৰ প্ৰতিষ্ঠা হ’ব। এই জনতন্ত্ৰ হ’ব শোষণহীন, ধনী-দুখীৰ মাজত ভেদ-ভাবহীন যিখন জনতন্ত্র (গণতন্ত্র ত সকলোৰে ন্যায় আৰু অধিকাৰ প্ৰতিষ্ঠিত হ’ব।

৪। ‘জনতাৰ আহ্বান’ কবিতাটোত জনতাৰ মহাপ্ৰাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলোচনা কৰা ।

উত্তৰ : কবিয়ে জানে যে জনতা এই বিশ্বৰ প্ৰধান চালিকা শক্তি হোৱা সত্বেও সিহঁতে চিৰদিন লাঞ্চিত, বঞ্চিত আৰু শোষিত হৈ আহিছে। কবিয়ে লক্ষ্য কৰিছে যে অৱশেষত জনতা সিহঁতৰ অধিকাৰৰ প্ৰতি সচেতন হৈছে। সিহঁত যেন নিদ্ৰাৰ পৰা জাগৃত হৈছে। জনতাৰ এই অভ্যুত্থান বৰ্ণনা কৰি কবিয়ে কৈছে যে বোকাত জন্ম লোৱা জনতাই আজি পদুম হৈ ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি, পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ অৰ্থাৎ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ জনতা আজি ওলাই আহিছে। সিহঁত আশাবাদী যে সিহঁতৰ অৱস্থাৰ এক বৈপ্লবিক পৰিবৰ্তন হ’ব।

৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা : ‘আজি জনতাৰ পঙ্কজ ৰূপ জাগে পদুমৰ দৰে বোকাত জনমা মানুহে আজি আলোকলৈ উঠি আহে ‘বেলিমুৱা হৈ হাঁহে।’

উত্তৰ : উদ্ধৃত কবিতা ফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ অন্তৰ্গত জ্যোতিপ্রসাদ আগৰৱালাই ৰচনা কৰা ‘জনতাৰ আহ্বান’ শিৰোনামাৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

অধিকাৰ সাব্যস্তৰ বাবে জাগ্ৰত হোৱা জনতাৰ প্ৰশংসাত কবিয়ে উক্ত কথাফাকিৰ অৱতাৰণা কৰিছে।

কবিয়ে জানে যে জনতা এই বিশ্বৰ প্ৰধান চালিকা শক্তি হোৱা সত্বেও সিহঁতে চিৰদিন লাঞ্চিত, বঞ্চিত আৰু শোষিত হৈ আহিছে। কবিয়ে লক্ষ্য কৰিছে যে অৱশেষত জনতা সিহঁতৰ অধিকাৰৰৰ প্ৰতি সচেতন হৈছে। সিহঁত যেন নিদ্ৰাৰ পৰা জাগৃত হৈছে। জনতাৰ এই অভ্যুদ্বয় বৰ্ণনা কৰি কবিয়ে কৈছে যে বোকাত জন্ম লোৱা জনতাই আজি পদুম হৈ ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি, পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ অৰ্থাৎ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ জনতা আজি ওলাই আহিছে। সিহঁত আশাবাদী যে সিহঁতৰ অৱস্থাৰ এক বৈপ্লবিক পৰিবৰ্তন হ’ব ।

(খ) ‘আজি জনতাৰ আলোক বিজয়ী অপূর্ব অভিযান নৱজীৱনৰ মহা সংঘাতে কঁ পায় বর্তমান।’

উত্তৰ : উদ্ধৃত কবিতা ফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ ‘ৰ অন্তৰ্গত জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা ‘জনতাৰ আহ্বান’ শিৰোনামাৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

শোষক আৰু শোষিতৰ মাজত সৃষ্টি হোৱা সংঘাতৰ বিষয়ে ক’বলৈ যাওঁতে কবিয়ে উক্ত কবিতাকলিৰ আগমণ ঘটাইছে।

শোষিত জনতাই আজি বহুদিনৰ মূৰত জাগি উঠিছে আৰু সিহঁতৰ নায্য অধিকাৰ সাব্যস্ত কৰিবলৈ সিহঁত আকাশ-বতাহ মুখৰিত কৰি বিপ্লৱ আৰম্ভ কৰিছে। ফলত শোষিত আৰু শোষকৰ মাজত সংঘাত আৰম্ভ হৈছে। কিন্তু বিশাল জনতাৰ সন্মুখত মুষ্ঠিমেয় শোষক শ্রেণী কঁপি উঠিছে। অর্থাৎ সিহঁত যে জনতাৰ ওচৰত হাৰ মানিব লাগিব তাৰেই ইংগিত দিছে। ০০০

Type Be Suman Bora