Class 12 Assamese Chapter 2 Short Question Answer | Class 12 ASSAMESE Chapter 2 মগনিয়াৰ (কথা কবিতা) Short Answer |

(১) অসমীয়া ভাষাত ‘কথা কবিতাৰ জনক কোন ?

উত্তৰ : অসমীয়া ভাষাত কথা কবিতাৰ জনক হ’ল – যতীন্দ্ৰনাথ দুৱৰা ।

(২) যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম কি ?

উত্তৰ : ‘কথা-কবিতা’।

(৩) যতীন্দ্ৰ নাথ দুৱৰাৰ ‘ওমৰ তীৰ্থ’ কোনজন ফাৰ্চী চুফী কবিৰ কাব্যৰ ভাৱানুবাদ?

উত্তৰ : যতীন্দ্ৰনাথ দুৱৰাৰ ‘ওমৰ তীৰ্থ’কবিতা পুথিখন ফাৰ্চী কবি ওমৰ খৈয়ামে ৰচনা কৰা ৰুবায়ত, নামৰ কাব্য পুথিখনৰ ভাৱানুবাদ ।

(৪) ৰুছ সাহিত্যিক টুর্গেনিভৰ কোনটো কথা কবিতাৰ লগত যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ’ নামৰ কথা- কবিতাটোৰ সাদৃশ্য আছে?

উত্তৰ : ৰুছ সাহিত্যিক টুৰ্গেনিভৰ The Beggar নামৰ কথা কবিতাৰ লগত যতীন্দ্ৰনাথ দুৱৰাৰ ‘মগনিয়াৰ’ নামৰ কথাকবিতাটোৰ সাদৃশ্য আছে।

(৫) কথা কবিতা ৰচনা কৰোঁতে যতীন্দ্রনাথ দুৱৰাই কোনজন আফ্ৰিকাৰ লেখিকাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।

উত্তৰ: যতীন্দ্ৰনাথ দুবৰাই কথা কবিতা ৰচনা কৰোঁতে আফ্ৰিকাৰ লেখিকা অলিত আইনাৰৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।

(৬) যতীন্দ্ৰ নাথ দুৱৰাৰ ‘অগনিয়াৰ শিৰোনামাৰ কথা কবিতাটোৰ কেন্দ্ৰস্থ ভাৱটো কি?

“উত্তৰ মগনিয়াৰ’ কথা কবিতাটোৰ কেন্দ্ৰস্থ ভাৱটো হ’ল দুখীয়াৰ প্ৰতি দেখুৱা মানবীয় অনুভূতি।

(৭) কোনখন গ্ৰন্থৰ বাবে যতীন্দ্ৰ নাথ দুৱৰাই সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল ?

উত্তৰ : যতীন্দ্রনাথ দুৱৰাই ‘বনফুল’ কবিতা পুথিৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল।

(৮) যতীন্দ্ৰ নাথ দুৱৰাই কিমান চনত কোনখন অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি হৈছিল ?

উত্তৰ : যতীন্দ্ৰনাথ দুৱৰাই ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি হৈছিল।

৯। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন ?

উত্তৰ : যতীন্দ্ৰনাথ দুৱৰা ।

১০। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয় ?

উত্তৰ : ‘বনফুলৰ কবি ।

১২। ‘ওমৰ তীৰ্থ’ পুথিখন কোনখন পুথিৰ ভাবানুবাদ।

উত্তৰ : ‘ওমৰ তীৰ্থ’ পুথিখন ফাৰ্চী চুফী কবি ওমৰ খায়াম্‌ৰ ‘ৰুবায়ত’নামৰ কাব্য পুথিখনৰ ভাবানুবাদ।

(খ) চমু প্রশ্ন

(১) যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা ।

উত্তৰ ঃ যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা দুখন কবিতা পুথি হ’ল- বনফুল আৰু আপোন সুৰ।

(২) মগনিয়াৰজনৰ শৰীৰৰ চমু বর্ণানা দিয়া ৷

উত্তৰ : কবিয়ে লগ পোৱা মগনিয়াৰজন আছিল। বেমাৰী আৰু হাড়-ছাল ওলোৱা । তাৰ ওঁঠ আছিল শেতা, চকু দুটা ৰঙা আৰু গাত আছিল ফটা-কাপোৰ।

৩। ‘কথা কবিতা’ বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰ : ‘কথা কবিতা’ হ’ল কোনো এক ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়-বস্তু হিচাপে লৈ গদ্যত লিখা চুটি ৰচনা।

কথা কবিতাৰ দুটা বৈশিষ্ট্য হ’ল –

প্রথম, কথা কবিতাত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। দ্বিতীয়, কথা কবিতা চিত্রধর্মী।

৪। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পার্থক্য আছে?

উত্তৰঃ কবিতা আৰু কথা কবিতাৰ মাজত পাৰ্থক্য আছে, যেনে

(ক) কবিতা মিত্ৰাক্ষৰ বা অমিত্রাক্ষর ছন্দত লিখা হয়। কিন্তু কথা-কবিতা গদ্যত ৰচনা কৰা হয়।

(খ) কবিতাত এটাতকৈ অধিক ভাবা সমাবেশ ঘটির পাৰে। কিন্তু কথা-কবিতাত এটা মাথো কেন্দ্ৰস্থ ভাব থাকে।

(গ) কবিতাত বিভিন্ন ধৰণৰ অলংকাৰ প্ৰয়োগ কৰা হয়। কিন্তু কথা-কবিতাত অলংকাৰ প্ৰয়োগৰ মাত্ৰা কম যদিও ই ৰূপকাত্মক।

৫। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ।

উত্তৰ : ওমৰ খায়াম আছিল এজন ফাৰ্চী চুফী কবি। তেওঁ ৰচনা কৰা এখন পুথিৰ নাম হ’ল ‘বায়ত’।

৬। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?

উত্তৰ : মগনিয়াৰজনক দিবলৈ কবিৰ পকেটত একো নথকাত কবিয়ে মগনিয়াজনৰ হাত দুখন সাবটি ধৰাত মগনিয়াৰজনে কৰিব পৰা এক দান পোৱাৰ কথা কৈছে। সেই দানটো হ’ল মগনিয়াৰৰ প্ৰতি কবিৰ মানবীয় সহমর্মিতা।

৭। ‘ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। কোনে কি প্ৰসংগত এই উক্তি কৰিছিল?

উত্তৰঃ হাড় ছাল ওলোৱা এজন মগনিয়াৰ কবিৰ সন্মুখত উপস্থিত হৈ সহায় খোজাত কবিয়ে মগনিয়াৰজনক দিবলৈ পকেটত একো বিচাৰি নোপোৱা প্ৰসংগত কবিয়ে মগনিয়াৰজনক উদ্দেশ্যি উক্ত কথাষাৰ কৈছিল। কথা ফাকিৰ জৰিয়তে দুখীয়াৰ প্ৰতি কবিৰ সহমর্মিতা প্রকাশ পাইছে।

(গ) দীঘল প্রশ্ন

১। কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা ।

উত্তৰ : যতীন্দ্ৰনাথ দুৱৰা আছিল এজন অসমীয়া কবি আৰু অসমীয়া ভাষাত প্রথম কথা কবিতাৰ ৰচক। দুৱৰাই ছাত্ৰ অৱস্থাৰ পৰাই কাব্য সাধনা আৰম্ভ কৰে। তেওঁ ৰচনা কৰা কবিতা পুথিকেইখন হ’ল – ওমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, আৰু মৰমৰ সুৰ। ‘কথা কবিতা” হৈছে তেওঁৰ একমাত্ৰ কথা-কবিতাৰ পুথি। তেওঁ ৰুচ সাহিত্যিক আইভান টুর্গেনিভ আৰু আফ্ৰিকাৰ অলিভ শাইনাৰৰ ৰচনাৰ আলমত কথা-কবিতা ৰচনা কৰিছিল। তেওঁৰ ‘কথা-কবিতা” নামৰ পুথিখন অসমীয়া ভাষাত প্ৰথম সাৰ্থক কথা-কবিতাৰ পুথি।

বনফুল’ কবিতা পুথিৰ বাবে তেওঁ ‘সাহিত্য একাডেমী বঁটা লাভ কৰে। সাহিত্য একাডেমী বঁটা লাভ – কৰা তেঁৱেই হৈছে প্ৰথমজন অসমীয়া। মানুহৰ লগত মানুহৰ সম্পৰ্ক, দুখীয়াৰ প্ৰতি মানৱীয় সহানুভূতি, মানৱীয় প্ৰমূল্যৰ অবক্ষয় আদি তেওঁৰ কবিতাৰ প্ৰধান বিষয়-বস্তু। তেওঁৰ কবিতাত ৰূপকৰ প্ৰয়োগ এক লক্ষণীয় বিষয়।

তেওঁ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিবেশনৰ সভাপতি হৈছিল ।

২। মগনিয়াৰ’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা ।

উত্তৰঃ মগনিয়াৰ’ পাঠটি কবি যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা ‘কথা-কবিতা’ নামৰ পুথিখনৰ পৰা লোৱা হৈছে।

দুখীয়াৰ প্ৰতি মানবীয় সহমর্মিতাই হৈছে ‘মগনিয়াৰ’ শীৰ্ষক পাঠটিৰ মূল ভাৱ। পাঠটিৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে দুখীয়সকলো সৰ্বসাধাৰণৰ দৰেই মানুহ। সিহঁতৰ লগত আমি মানৱীয় আৰু সহানুভূতিস্বৰূপ আচৰণ কৰিব লাগে। কবিয়ে দিবলৈ পকেটত একো বিচাৰি নাপাই মগনিয়াৰজনৰ হাত দুখন সাবটি ধৰাত মগনিয়াৰজন অকল আনন্দ পোৱাই নহয়, এনে সহমর্মিতাও এক দান বুলি স্বীকাৰ কৰিছে।

৩। ‘মগনিয়াৰ’ শীৰ্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা। নাইবা “কি হ’ল একো কথা নাইঃ ইয়াৰ কাৰণে অশেষ ধন্যবাদঃ ইও যে এটা দান।” কথাষাৰ কোনে, কি প্রসঙ্গত কৈছিল? তাৎপর্য বুজাই লিখা ।

উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল। এনেতে এজন হাড়-ছাল ওলোৱা বুঢ়া বেমাৰী মগনিয়াৰ আহি তেওঁৰ সন্মুখত থিয় দিলে। মগনিয়াৰজনৰ ওঁঠ আছিল শেতা, চকু দুটা ৰঙা, গাত আছিল ফটা কাপোৰ । মগনিয়াৰজনে ওখহা অপৰিষ্কাৰ হাত এখন আগবঢ়াই কবিৰ ওচৰত ভিক্ষা খুজিলে। কবিয়ে মোনাত হাত সুমুৱাই দি একোকে বিচাৰি নাপালে আনকি এখন ৰুমালো নাপাই মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি একো দিব নোৱাৰাৰ বাবে মগনিয়াৰজনক খং নকৰিবলৈ ক’লে। মগনিয়াৰজনে শেতা ওঁঠ দুখনেৰে হাঁহি কবিয়ে দেখুৱা সহানুভূতিৰ বাবে ধন্যবাদ জনালে । মগনিয়াৰজনে ক’লে যে তেনেদৰে দেখুৱা সহানুভূতিও এক প্ৰকাৰৰ দান ।

৪। ‘মগনিয়াৰ’ পাঠটিত কথা- কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাৰ ‘কথা-কবিতা’ শিৰোনামাৰ পাঠটি এটি কথা-কবিতা। ইয়াত কথা-কবিতাৰ সকলোবোৰ লক্ষণ পৰিস্ফুট হৈছে।

প্রথমতে, কথা কবিতাত এটি মাথো কেন্দ্রস্থ ভাৱ থাকে। ‘মগনিয়াৰ’ শীৰ্ষক কবিতাটিতো মাত্র এটি কেন্দ্রস্থভাৱ আছে। সেয়া হ’ল দুখীয়াৰ প্ৰতি কবিৰ মানবীয় সহানুভূতি।

দ্বিতীয়তে, কথা কবিতা ৰূপকাত্মক। পাঠটিৰ প্ৰধান চৰিত্ৰ মগনিয়াৰজনে বিশ্বৰ মগনিয়াৰ বা দুখীয়াসকলক প্রতিনিধিত্ব কৰিছে। দুখীয়াসকলে যে মানুহৰ পৰা অকল টকা পইচা নিবিচাৰি ভাল ব্যৱহাৰ বা সহানুভূতি বিচাৰে সেয়া পাঠটিৰ জৰিয়তে ফুটাই তোলা হৈছে।

তৃতীয়তে, কথা-কবিতা চিত্রধর্মী। সমাজত মানুহৰ অৱস্থান বা মানুহৰ লগত সামাজিক পৰিবেশৰ সম্পৰ্কৰ চিত্ৰ দাঙি ধৰা হয়। ‘মগনিয়াৰ’ নামৰ পাঠটিতো মগনিয়াৰজনৰ লগত কবিৰ মানৱীয় সম্পৰ্কৰ চিত্ৰ ফুটাই তোলা হৈছে। ০ ০०

Type By Suman Bora