Class 12 Assamese Chapter 23 Short Question Answer | Class 12 Assamese Chapter 23 ৰচনা Short Answer |

পৰিবেশ প্ৰদূষণ

আমাৰ চাৰিওফালৰ ঘৰ-দুৱাৰ, জীৱ-জন্তু, গছ-গছনি, বায়ু, পানী, মাটি, নদ-নদী আদি মিলি যি অৱস্থাৰ সৃষ্টি হয় – সেয়াই পৰিবেশ। অৰ্থাৎ প্ৰকৃতিৰ মুকলিমূৰীয়া অৱস্থা বা স্বভাৱৰ লগত আমাৰ অৱস্থা মিলি পৰিবেশৰ সৃষ্টি হয়। আকৌ ‘প্ৰদূষণ’মানে স্বাভাৱিক অৱস্থা নষ্ট হোৱা বা দূষিত হোৱা অৱস্থা। এতেকে “পৰিবেশ প্ৰদূষণ” মানে আমাৰ চাৰিওফালৰ স্বাভাৱিক অৱস্থা নষ্ট হোৱা বা দূষিত হোৱা পৰিস্থিতি। বৰ্তমান জনঅৰণ্যময় বিশ্বত কিছুমান মানুহে জীয়াই থকাৰ তাগিদাত আৰু কিছুমান মানুহে আৰাম আৰু বিলাসিতাৰ জীৱন-যাপন কৰিবৰ উদ্দেশ্যে নানা ধৰণৰ . কৃত্রিম বা ৰাসায়নিক আৰু অতিৰঞ্জিত বস্তু-সামগ্ৰী ব্যৱহাৰ কৰি অথবা প্ৰকৃতিত পোৱা বস্তু-সামগ্ৰী বিবেচনাহীন আৰু অপৰিকল্পিত ভাৱে ব্যৱহাৰ কৰি প্ৰতিদিনে বিশ্বৰ স্বাভাৱিক পৰিবেশ বা অৱস্থা বিনষ্ট কৰি আছে। বর্তমান ই কোনো এটি নির্দিষ্ট অঞ্চল বা দেশৰে সমস্যা হিচাপে দেখা নিদি গোটেই বিশ্বৰে সমস্যা হিচাপে দেখা দিছে আৰু ই মানৱ সভ্যতাৰ অস্তিত্বৰ পথত ভাবুকি স্বৰূপ হৈ পৰিছে।

পৰিবেশ প্ৰদূষণক মোটামুটিভাৱে চাৰিটা দিশত আলোচনা কৰিব পাৰি, যথা- বায়ু প্ৰদূষণ, ভূমি প্ৰদূষণ, জল প্ৰদূষণ আৰু শব্দ প্ৰদূষণ।

প্ৰধানকৈ পাঁচোটা গেছ মিলি আমাৰ বায়ুমণ্ডল গঠিত হৈছে। সিহঁতৰ অনুপাত প্রকৃতিয়ে বিশ্বৰ জীৱ-জন্তুৰ অনুকূলে নিৰ্দ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত অক্সিজেন মানুহৰ স্বাস্থ্য তথা শ্বাস-প্ৰশ্বাসৰ বাবে অপৰিহাৰ্য্য। অক্সিজেনৰ পৰিমাণ কম হ’লে আমাৰ জীৱনৰ বাবে প্ৰতিকূল হৈ পৰে । কিন্তু বৰ্তমান আমাৰ বায়ুমণ্ডল প্রতিদিনে কলুষিত হৈ আছে। ইয়াৰ কাৰণ বহুতো, যথা-বৰ্তমান নির্ধিদ্ধাই গছ-গছনি কাটি পেলোৱা হৈ আছে, তাৰ ফলত বায়ুমণ্ডলত অক্সিজেনৰ অনুপাত কমি গৈ আছে। ইয়াৰ উপৰিও প্ৰতিদিনে গাড়ী- মটৰ, কল কাৰখানা আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱা, পাৰমাণৱিক বোমা বিষ্ফোৰণ আদিৰ ফলত বায়ুমণ্ডত কার্বন-ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, অ’জন আদি গেছৰ পৰিমাণ বৃদ্ধি পাই বায়ু প্ৰদূষণ অবিৰত গতিত চলি আছে।

ভূমি হ’ল মানুহৰ সকলো খাদ্য ভাণ্ডাৰৰ উৎস। ভূমিৰ পৰাই আমি সকলোবোৰ খাদ্য সামগ্রী উৎপাদন কৰো । কিন্তু আজি এই ভূমিকো মানুহে নিজৰ নিজৰ ক্ষুদ্ৰ স্বার্থ ৰক্ষাৰ্থে ভৱিষ্যতৰ প্ৰতি আওকান কৰি প্ৰদূষিত কৰি আছে। সাধাৰণতে ভূমিত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰৱ্য আৰু ৰবৰ বা প্লাষ্টিক জাতীয় সামগ্রী পেলাই ভূমিৰ উৎপাদিকা শক্তি নাশ কৰি আছে। আজি বিশ্বত প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ ইমানেই বাঢ়িছে যে সেইবোৰৰ অৱশেষ আশ্ৰয় হৈছে ভূমি-যিয়ে ভূমিৰ সাৰুৱা গুণ নিঃশেষ কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে ।

পৰিবেশ প্ৰদূষণৰ আন এক দিশ হৈছে জল প্ৰদূষণ’। সাধাৰণতে জল বা পানীক জীৱনৰ অন্য নাম বুলি স্বীকাৰ কৰা হয় যদিও আজি বিশ্বত বিশুদ্ধ জল পোৱা প্ৰায় অসম্ভৱ হৈ পৰিছে। সাধাৰণতে, প্ৰতিদিনে কল- কাৰখানাৰ পৰা নিৰ্গত হোৱা গেলা-পচা, আবর্জনা, খেতিত প্ৰয়োগ কৰা কীট নাশক দ্ৰৱ্য, জীৱ জন্তুৰ মল-মূত্ৰ আদি নৈ, বিল, খাল, সাগৰ-মহাসাগৰ আদিৰ পানীৰ লগত মিহলি হৈ জল প্ৰদূষণৰ সৃষ্টি কৰিছে।

“শব্দ প্ৰদূষণ’ আমাৰ পৰিবেশ প্ৰদূষণৰ আন এটি দিশ। আজি কালি বিশ্বত বিজ্ঞানৰ গৌৰৱ ধ্বজা উৰি আছে। বিজ্ঞানে মানুহক হাজাৰ-বিজাৰ নতুন নতুন বস্তু-সামগ্রী, যান-বাহন আদি উপহাৰ হিচাপে আগবঢ়াইছে যদিও সেইবোৰে উপকাৰৰ লগতে আমাৰ যে মাৰাত্মক অপকাৰো সাধন কৰি আছে- সেয়া আমি জানিও নজনাৰ ভাও জুৰি আছোঁ। যানবাহনে যি শব্দ নির্গত কৰে, সেয়া আমাৰ কৰ্ণ কুহৰত সোমাই আমাৰ মস্তিষ্কক আঘাত কৰি আমাৰ মস্তিষ্কৰ স্বাভাৱিক শক্তি বা ক্ষমতাক ঘূণীয়া কৰিছে। আজি কালি অতি বেগী প্লেন, যুদ্ধ জাহাজ, পাৰমাণৱিক বোমা বিষ্ফোৰণ আদিয়ে শব্দ প্ৰদূষণ ক্ৰমাৎ বৃদ্ধি কৰি বিশ্বৰ পৰিবেশ প্ৰদূষিত কৰি আছে।

প্ৰতিটো কাৰ্য্যৰে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া থকাৰ দৰে আমাৰ পৰিবেশ প্ৰদূষণৰো ফল আছে। পৰিবেশ প্ৰদূষণৰ ফলত আমাৰ বিশ্বখনৰ স্বাভাৱিক অৱস্থাক প্রতিকূল কৰাৰ লগতে আজি মানুহ তথা অন্যান্য জীৱ-জন্তুইমাৰাত্মক বেজাৰ-আজাৰত ভূগি থকা দেখা গৈছে। বায়ু আৰু জল প্ৰদূষিত হোৱাৰ ফলত নানা ধৰণৰ বেমাৰ যথা-গ্ৰহণী, হাইজা, টাইফয়েড, মেলেৰীয়া আদি বেমাৰ দ্রুত গতিত বৃদ্ধি পাই আছে। জল প্ৰদূষণৰ ফলত জলজ উদ্ভিদ তথা মাছ-কাছৰ জীৱন আৰু অস্তিত্বলৈ ভাবুকি নামি আহিছে। আজি কৰ্কট ৰোগ, বিকৃত সন্তানৰ জন্ম, জন্ম বৈকল্য, অপৰিণত বয়সত মৃত্যু আদিৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাব লাগিছে।

প্ৰতিটো সমস্যাৰ সমাধান তথা প্ৰতিকাৰ থকাৰ দৰে আমাৰ পৰিবেশ প্ৰদূষণৰো প্ৰতিকাৰৰ ব্যৱস্থা বা উপায় নথকা নহয়, যেনে-

আমাৰ পৰিবেশ প্ৰদূষণ ৰোধ কৰিবলৈ হ’লে প্ৰথমে মনোযোগ দিব লগা দিশটো হ’ল আমি গোটেই মানৱ জাতিয়ে পৰিবেশৰ প্ৰতি সচেতন থাকিব লাগিব আৰু এই পৰিবেশ স্বাভাৱিক কৰি ৰাখিবলৈ দৃঢ় মানসিকতা গঠন কৰিব লাগিব । প্রত্যেকেই পৰিবেশক ক্ষতি কৰিব পৰা বস্তু-সামগ্ৰী ব্যৱহাৰ আৰু পৰিবেশৰ ক্ষতি কৰিব পৰা কাম কাজৰ পৰা বিৰত থাকিব লাগিব। কল- কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠানৰ পৰা ওলোৱা ধোঁৱা, আৱৰ্জনা আদি নিয়ন্ত্ৰিত অৱস্থাত ৰাখি সহজে যাতে বায়ু- পানীত মিহলি হৈ প্ৰদূণ বঢ়াব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। খেতি পথাৰত ৰাসায়নিক সাৰ তথা কীটনাশক দ্ৰব্য যিমান কম পাৰি সিমান কম প্রয়োগ কৰি জৈৱিক সাৰ প্ৰয়োগ আৰু প্ৰাকৃতিক নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। পাৰমাণৱিক বোমা বিষ্ফোৰণ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। নিম্নমানৰ প্লাষ্টিক, ৰবৰ আদিৰ ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব। বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ গছ-গছনি অধিক হাৰত ৰোপন কৰিব লাগিব ।

পৰিবেশত ক’ব পাৰি যে আমি বিশ্ববাসীয়ে আজি পৰিবেশৰ প্ৰতি সচেতন হৈ যিকোনো ত্যাগৰ বিনিময়ত পৰিবেশৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ সচেষ্ট হ’ব লাগিব। অন্যথা চলিত শতাব্দীৰ ভিতৰতে মানৱ সভ্যতাৰ অস্তিত্ব জীয়াই থকাৰ পথ ৰুদ্ধ হৈ পৰিব।

Type By Suman Bora