Class 12 Assamese Chapter 5 Short Question Answer | Class 12 ASSAMESE Chapter 5 ভাৰতীয় আদৰ্শত বৈৰাগ্য় Short Answer |

১। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা ?

উত্তৰঃ ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।

২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি ?

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ’ল বেদ।

৩। কৰ্ম কৰা কৌশলক ভগৱদ্‌গীতাত কি যোগ বুলি কৈছে?

উত্তৰঃ কৰ্ম কৰা কৌশলক ভাগৱদ্‌গীতাত ‘কর্মযোগ’ বুলি অভিহিত কৰা হৈছে।

৪। তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ কৰ্মগ্ৰন্থখনৰ নাম হ’ল – ‘কামসেন্দুৰ’।

৫। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি ?

উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হৈছে সত্য কবা আৰু ধৰ্ম আচৰণ কৰিবা ।

৬। দুখন উপনিষদৰ নাম লিখা ।

উত্তৰ : দুখন উপনিষদৰ নাম হ’ল – তৈত্তিৰীয় উপনিষদ আৰু ঈশোপনিষদ ।

৭। ‘পঞ্চপুষ্প’ পুথিখনৰ ৰচক কোন ?

উত্তৰঃ ‘পঞ্চপুষ্প’পুথিখনৰ ৰচক হ’ল তীৰ্থনাথ শর্মা।

৮। তীৰ্থনাথ শৰ্মা অসম সাহিত্য সভাৰ কোনখন অধিবেশনৰ সভাপতি আছিল ?

উত্তৰ : তীৰ্থনাথ শৰ্মা অসম সাহিত্য সভাৰ ১৯৭১ চনত অনুষ্ঠিত মাকুম অধিবেশনৰ সভাপতি আছিল।

৯। কোনখন উপনিষদৰ অনুশাসনৰ কথাখিনি দকৈ গমি চাব লগা ?

উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ কথা দকৈ গমি চাবলগীয়া।

১০। তীৰ্থনাথ শর্মা কোনখন কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল ?

উত্তৰঃ তীৰ্থনাথ শৰ্মা গুৱাহাটী প্রাগজ্যোতিষ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।

১১। ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায় ?

উত্তৰ : ঋকবেদৰ মন্ত্ৰ বিলাকত এক উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতীৰ পৰিচয় পোৱা যায়।

১২। ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনেধৰণৰ ?

উত্তৰ : ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ নিজৰ পৰা পৰিয়াল আৰু পৰিয়ালৰ পৰা সমাজ ।

১৩। নিত্য অধ্যয়নৰ গুৰুত্ব কেনেকুৱা ?

উত্তৰঃ বিদ্যাৰ্থীৰ বাবে অধ্যয়ন প্ৰতিদিনৰ কৰণীয় কার্য। নিত্য অধ্যয়ন সভ্য জীৱনৰ আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ। খাৱন-শোৱনৰ নিচিনাকৈ অধ্যয়নো এক এৰিব নোৱাৰা কর্তব্য।

১৪। সমাজ আৰু ব্যক্তিৰ মংগলৰ বাবে মানুহে কি দুটা মহৎ গুণৰ কৰ্ষণ কৰিব লাগে ?

উত্তৰ : সমাজ আৰু ব্যক্তিৰ মংগলৰ বাবে মানুহে সত্য আৰু ধৰ্ম- এই দুটা মহৎ গুণৰ কৰ্ষণ কৰিব লাগে ।

খ) চমু প্রশ্ন

১। প্রকৃত ত্যাগ মানে কি ?

উত্তৰঃ থাকিও সংযতভাৱে ভোগ কৰা আৰু সমবিতৰণৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাটোৱেই প্ৰকৃত ত্যাগ।

২। ঈশোপনিষদত ‘ভূঞ্জীথাঃ’মানে কি ?

উত্তৰঃ ‘ভূঞ্জীথাঃ’হ’ল ঈশোপনিষদৰ এক নিষেধ বাক্য । ইয়াৰ অৰ্থ হ’ল ভোগ কৰা কিন্তু ত্যাগ কৰি ভোগ কৰা ।

৩। ‘অতিথি দেবো ভৱ’ মানে কি ?

উত্তৰঃ ‘অতিথি দেবো ভৱ’ মানে হ’ল অতিথিৰ প্ৰতি সেৱা অৰ্থাৎ সমাজৰ প্ৰতি পালন কৰিবলগীয়া মানুহৰ দায়িত্বৰ কথা সূচাইছে।

৪। ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠ টি ত ‘সংবিভাজ্য’শব্দটিয়ে কি সুচাইছে?

উত্তৰ : ভাৰতীয় আদৰ্শত ‘সংবিভাজ্য’শব্দটিয়ে স্ব- উপার্জিত ধন সমানে বিতৰণ কৰি ভোগ কৰা অৰ্থ সূচাইছে।

৫। ‘শ্রদ্ধয়া দেয়ম’ ‘অশ্রদ্ধয়া অদেয়ম’ মানে কি ?

উত্তৰ : ‘শ্রদ্ধয়া দেয়ম’ মানে হ’ল শ্ৰদ্ধাৰে দান কৰা আৰু ‘অশ্ৰদ্ধয়া অদেয়ম’ মানে হ’ল অশ্রদ্ধাযুক্ত মন লৈ দান নকৰিবা ।

৬। চাৰি আশ্ৰম বুলিলে কি বুজা ?

উত্তৰ : ভাৰতীয় আদৰ্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হৈছে। এই চাৰি আন হৈছে- রহ্মচার্য, গার্হস্থ্য বান আৰু

৭। বৈৰাগ্য মানে কি ? ভাৰতীয় আর্ণত কেনেধৰণৰ বৈৰাগ্যৰ কথা ।

উত্তৰ: সংযতভাৱে জীৱন যাপন কৰি বাৰি পিছতো ভাব প্রতি নিৰাপত হৈ থকাই ভয়ে বেৰাগ্য। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। কিন্তু এই বৈৰাগ্য বিচৰা বস্তু নোপোৱাৰ ফলত ওপজা বিভি নহয়। কাঙ্খিত বস্তু পোৱাৰ পাছতো তার প্রতি নিৰাপত্ত হৈ থাকিব পৰা গুণটোকেই ভাৰতীয় আদৰ্শত ৰোগ্য বুলি কোৱা হয়।

(গ) দীঘল প্রশ্ন

১। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেন’- কথাবাৰ বলাই লিখা।

উত্তৰঃ বেদ হৈছে ভাৰতৰ অতি প্রাচীন গ্রন্থ। বোন চাৰিখন যেনে- ঝাকাবেন, যজুবেদ, সামবেদ আৰু অর্থবরেন। বেদবোৰ অকল ধর্ম শাস্ত্ৰই নহয়; এইবোৰ হৈছে এক উচ্চতৰৰ জীৱন যাপনৰ সুস্পষ্ট নির্দেশনা। এই বেদবোৰৰ আদৰ্শৰ ওপৰতে ভাৰতীয় সভ্যতা আৰু সংস্কৃতি গঢ় লৈছে -যিয়ে ভাৰতীয়সকলক বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় প্ৰদান কৰিছে। এই বেদ গ্রন্থবোৰত মানুহে মানি চলিব লগা আধ্যাত্মিক নিৰ্দেশনাৰ পৰা আৰম্ভ কৰি পৰিয়াল পোহপাল কৰাৰ নীতি নিয়ম আনকি ব্যাধি নিবাৰণৰ উপায়বোৰো দিয়া আছে। এই বেদ গ্রন্থবোৰে শিকায় যে মানুহে কর্মময় জীবন যাপন কৰিও এক সমৃদ্ধিময় আধ্যাত্মিক জীবন যাপন কৰিব পাৰে। যুগ যুগ ধৰি ভাৰতীয় ঋষি-মুনিসকলে এই বেদৰ আদৰ্শৰ ওপৰত জীৱন-যাপন কৰি ভাৰতীয় সংস্কৃতি গঢ় দিছে। সেয়ে ‘ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হৈছে বেদ – কথাযাৰ নিত্যান্তই যুক্তিসংগত।

২। গুৰুৱে বিদ্যার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল ?

উত্তৰঃ শিক্ষা সমাপ্ত কৰি গার্হস্থ্য জীৱনত প্ৰবেশ কৰিবলৈ লোৱা বিদ্যাৰ্থীক গুৰুৱে তলত দিয়া ধৰণে উপদেশ দিছিল।

প্রথম, বিদ্যার্থীয়ে সত্য আৰু ধৰ্ম -এই দুটা আচৰণ সদায় মানি চলিব লাগে ।

দ্বিতীয়, সততাৰে ধন উপাৰ্জন কৰিব লাগে।

তৃতীয়, পিতৃ-মাতৃ আৰু গুৰুজনক মান্য কৰি চলিব লাগে।

চতুৰ্থ, ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণ গ্ৰহণ কৰিব লাগে ।

পঞ্চম, ধন-ঐশ্বর্য উপার্জন কৰি তাক সমভাৱে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিব লাগে। ০০০

Type By Suman Bora