Class 12 Assamese Chapter 7 Short Question Answer | Class 12 ASSAMESE Chapter অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা Short Answer |

১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস কি ?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস হ’ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘জয়মতী কুঁৱৰী” নামৰ নাটকখন

২। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল ?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্র নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল ।

৩। ‘চিত্ৰবন ষ্টুডিঅ’ কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই ‘চিত্ৰবন ষ্টুডিঅ’ নিৰ্মাণ কৰিছিল ৷

৪। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা ।

উত্তৰ : লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ’ল : ‘নিমিলা অংক’।

৫। লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা ।

উত্তৰ : লতা মংগেছকাৰে কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম হ’ল ‘এৰা বাটৰ সুৰ’।

৬। ফণী কোন চনত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰ : ফণী তালুকদাৰ ১৯২১ চনত জন্ম গ্ৰহণ কৰিছিল।

৭। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ ‘জয়মতী’ বোলছবিখন কিমান চনত নিৰ্মাণ কৰি উলিয়াইছিল ?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ ‘জয়মতী’ বোলছবিখন ১৯৩৫ চনত নিৰ্মাণ কৰি উলিয়াইছিল।

৮। ফণী তালুকদাৰে ক’ত কৰ্ম জীৱনৰ পাতনি মেলিছিল ?

উত্তৰ : ফণী তালুকদাৰে শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত অনুষ্ঠান কার্যবাহী হিচাপে কৰ্ম জীৱনৰ পাতনি মেলিছিল।

৯। ফণী তালুকদাৰে কোনখন কাকতৰ মুখ্য সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল?

উত্তৰ : ফণী তালুকদাৰে ‘সাপ্তাহিক সময়’ কাকতৰ মুখ্য সম্পাদকৰূপে কাৰ্য নিৰ্বাহ কৰিছিল।

১০। ‘দেবদাস’ কথাছবিখন কিমান চনত নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ : ‘দেবদাস’ কথাছবিখন ১৯৩৪ চনত নিৰ্মাণ কৰা হৈছিল।

১১। ৰূপজ্যোতি’ প্রতিষ্ঠানে নিৰ্মাণ কৰা অসমীয়া কথাছবিখনৰ নাম কি ?

উত্তৰ : ৰূপজ্যোতি প্ৰতিষ্ঠানে নিৰ্মাণ কৰা অসমীয়া কথাছবিখনৰ নাম ‘পিয়লি ফুকন।

১২। ফণী শৰ্মাই ‘জয়মতী’ কথাছবিত কোন চৰিত্ৰত অভিনয় কৰিছিল ?

উত্তৰ : গাঁঠি হাজৰিকা ।

১৩। আইদেউ সন্দিকৈয়ে ‘জয়মতী’ কথাছবিত ভাও লোৱা চৰিত্ৰটো কি ?

উত্তৰ: জয়মতী।

১৪। ‘ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ : ১৯৩৯ চনত ।

১৫। প্ৰথম অসমীয়া সামাজিক ছবিখনৰ নাম কি ?

উত্তৰ : ইন্দ্ৰমালতী।

১৬। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয় কথাছবি কোনখন ?

উত্তৰ: ইন্দ্ৰমালতী।

১৭। লতা মংগেশকাৰে গোৱা প্ৰথম অসমীয়া গীতটি কোনখন কথাছবিৰ ?

উত্তৰ : এৰা বাটৰ সুৰ।

১৮। অসিত সেনে নিৰ্মাণ কৰা অসমীয়া ছবিখনৰ নাম কি ?

উত্তৰ : বিপ্লবী।

১৯। পদুম বৰুৱাই পৰিচালনা কৰা অসমীয়া কথাছবিখনৰ নাম কি ?

উত্তৰ : গঙা চিলনীৰ পাখি ৷

২০। ১৯৭০ চনত ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰা অসমীয়া কথাছবিখনৰ নাম কি ?

উত্তৰ ঃ মুকুতা ।

২১। ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰা হাস্য ব্যঙ্গ ৰসাত্মক কথাছবিখনৰ নাম কি ?

উত্তৰ : ইটো সিটো বহুতো ।

২২। সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা কথা ছবিখনৰ নাম কি ?

উত্তৰ : মণিৰাম দেৱান।

২৩। আন্তর্জাতিক বোলছবি মহোৎসৱত যোগদান কৰিবলৈ পঠিওৱা প্ৰথম অসমীয়া কথাছবি কোনখন ?

উত্তৰ: পূবেৰুণ।

২৪। কোনখন অসমীয়া ছবিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল ?

উত্তৰঃ পুৱেৰণ।

২৫। ‘পূবেৰুণ’ কথাছবিখন কোনে পৰিচালিত কৰিছিল ?

উত্তৰ : প্ৰভাত মুখার্জীয়ে।

২৬। ‘অসম এছ’চিয়েছন’ৰ পৃষ্ঠাপোষক কোন আছিল ?

উত্তৰ : প্ৰভাত চন্দ্ৰ বৰুৱা ।

২৭। অসমৰ লোকগীতক কোনে মার্জিত ৰূপ দিছিল ?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই ।

২৮। ‘চিত্রবন’ কোন চনত স্থাপন কৰা হৈছিল ?

উত্তৰ : ১৯৩৩ চনত ।

২৯। প্রমথেশ বৰুৱাই বঙালী কথাছবিত কি সংগীত ব্যৱহাৰ কৰিছিল ?

উত্তৰ : ৰবীন্দ্ৰ সংগীত ।

৩০। ‘জয়মতী’ কথাছবিত কোনে নায়কৰ ভূমিকা: গ্ৰহণ কৰিছিল ?

উত্তৰ : পৰশুৰাম বৰুৱা (মুনু বৰুৱা)।

৩১। ‘চিৰাজ’ কথাছবিখন কিমান চনত নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ: ১৯৪৮ চনত।

৩২। ‘জয়মতী’ কথাছবিখন কেতিয়া ক’ত মুক্তি লাভ কৰে ?

উত্তৰ: ১৯৩৫ চনৰ ১০ মাৰ্চত কলিকতাৰ ‘ৰওনাক’ হলত আৰু ২০ মাৰ্চত গুৱাহাটীত।

৩৩। ১৯৩৫ চনৰ পৰা বৰ্তমানলৈ কিমানখন অসমীয়া ছবিয়ে মুক্তি লাভ লৰে ?

উত্তৰঃ ৩২৮ খন।

৩৪। অসমীয়া ভাষাৰ প্ৰথম পূর্ণাঙ্গ ৰঙীন ছবি কোনখন ?

উত্তৰ : কমল নাৰায়ণ চৌধুৰী পৰিচালিত ‘ভাইটি’ অসমীয়া ভাষাৰ প্ৰথম পূর্ণাঙ্গ ৰঙীন ছবি।

৩৫। প্ৰথমখন অসমীয়া ধৰ্মমূলক ছবি কোনখন ?

উত্তৰ ঃ সুনীল গঙ্গোপাধ্যায় পৰিচালিত ‘সতী বেউলা’ (১৯৫৪ চন)।

খ) চমু প্ৰশ্ন

১। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথাছবিৰ নাম লিখা ।

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথাছবিৰ নাম হ’ল : ‘জয়মতী’ আৰু ‘ইন্দ্ৰমালতী’।

২। ভবেন্দ্ৰনাথ শ‍ইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা ।

উত্তৰঃ ভবেন্দ্ৰনাথ শ‍ইকীয়াই পৰিচালনা কৰা তিনিখন- ডাঃ বেজবৰুৱা ব্ৰজেন বৰুৱা গণ্ডা চিলনীৰ পাখি জয়মতী, চিৰাজ, সতী বেউলা এই কথাছবি হ’ল : ‘সন্ধ্যাৰাগ’, ‘অনির্বাণ’ আৰু ‘অগ্নিস্নান’।

৩। এই কথাছবিকেইখনৰ পৰিচালকৰ নাম লিখা- এৰা বাটৰ সুৰ, ডাঃ বেজবৰুৱা, গল্প চিলনীৰ পাখি। কথাছবিৰ নাম পৰিচালকৰ নাম এৰা বাটৰ সুৰ ভূপেন হাজৰিকা পদুম বৰুৱা। কথাছবিকেইখনৰ সংগীত পৰিচালককেইজনৰ নাম লিখা ।

উত্তৰ: কথাছবিৰ নামসংগীত পৰিচালক জয়মতী চিৰাজ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা সতী বেউলা ভূপেন হাজৰিকা।

(গ) দীঘল প্রশ্ন

১। ভবেন্দ্ৰনাথ শ‍ইকীয়া আৰু জাহ্নু বৰুৱাই অসমী চিনেমালৈ আগবঢ়োৱা অৱদান সম্পর্কে লিখা ।

উত্তৰ : অসমীয়া চলচ্চিত্র শিল্পলৈ ভবেন্দ্রনাথ শ‍ইকীয়াৰ অৱদান লেখত ল’বলগীয়া। তেওঁ অসমীয়া কথাছবিলৈ বাস্তৱবাদী টৌ সঞ্চালন কৰে। ১৯৭৭ চনত নিৰ্মাণ কৰা তেওঁৰ ‘সন্ধ্যাৰাগ’ ছবিখনে ব্যৱসায়িক আৰু সফলতা লাভ কৰে। তেওঁ একাদিক্রমে অনির্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আবর্তন, ইতিহাস আদি অসমীয়া ছবি নিৰ্মাণ কৰে। হিন্দী ভাষাত তেওঁ ‘কালসন্ধ্যা’ পৰিচালনা কৰে। দেশ-বিদেশত বহু চলচ্চিত্র মহোৎসৱত ভবেন্দ্রনাথ শ‍ইকীয়াৰ কথাছবি প্রদর্শিত হৈছে।

জাহ্নু বৰুৱায়ো অসমীয়া চলচ্চিত্ৰ শিল্পৰ উত্তৰণত লৈছে। তেওঁ পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখন হ’ল ‘অপৰূপা’। ইয়াৰ পিছতো তেওঁ কেবাখনো ছবি পৰিচালনা কৰে। তেওঁৰ ছবিয়েও দেশ-বিদেশত সম্মান লাভ কৰিছে। জাহ্নু বৰুৱাই তেওঁৰ ‘সাগৰলৈ বহু দূৰ’ ছবিখনৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে।

২। অসমীয়া বিনোদনধর্মী ছবিৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা?

উত্তৰ: ব্ৰজেন বৰুৱা পৰিচালিত ‘ডাঃ বেজবৰুৱা’ প্ৰস্তুত কৰা । চিনেমাখনৰ দ্বাৰা অসমীয়া চলচ্চিত্র শিল্পলৈ বিনোদনমূলক ছবিৰ আগমন ঘটে। এইখন আছিল আবেগ মিশ্ৰিত প্ৰিলাৰ । এই ছবিখনে ব্যৱসায়িক দিশত সফলতা লাভ কৰে। ইয়াৰ পিছত কেইবাজনো পৰিচালকে বিনোদনমূলক ছবি উপহাৰ দিয়ে। বিনোদনমূলক ছবিবোৰৰ ভিতৰত ‘মুকুতা’, ‘যোগ বিয়োগ’, ‘উপগ্রহ’, ‘ভাইটি’, ‘চামেলি মেম চাহাব’, ‘আঞ্জলি নবৌ’ আদি উল্লেখযোগ্য।

৩। অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে?

উত্তৰ : অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্রচেষ্টাত। পৰৱৰ্তী কালত চৰকাৰে অসমীয়া চলচ্চিত্র শিল্পক সহায় কৰিবলৈ প্রযোজকক আর্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰে। জ্যোতি প্রসাদ আগৰৱালাৰ স্মৃতিত চৰকাৰে ‘জ্যোতিচিত্ৰবন ছোাইটি’ নামেৰে ষ্টুডিঅ’ কমপ্লেক্স নিৰ্মাণ কৰি চিত্ৰ নিৰ্মাতাসকলক ছবি নিৰ্মাণৰ প্ৰযোজনাত বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে। এই চৌহদতে স্থাপন কৰা হৈছে ‘ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্সটিটিউট’ নামৰ চলচ্চিত্র নির্মাণ প্রশিক্ষণ বিদ্যালয় এখন। ছবি প্রযোজনাত সহায় কৰিবলৈ গঠন কৰা হৈছে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম’। চৰকাৰে চলচ্চিত্র সংগ্ৰহালয় আৰু আৰ্কাইভও স্থাপন কৰিছে।

৪। অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্রসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা।

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে অসমীয়া কথাছবিৰ জনক। ১৯৩৩ চনত তেওঁ ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি ১৯৩৪ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী’ নাটকখনক কথাছবিৰ ৰূপ দিয়া কাম আৰম্ভ কৰে। তেওঁ সাহিত্যৰথীৰ মূল নাটত নথকা লালুকসোলা, গাঁঠি হাজৰিকা আদিৰ চৰিত্ৰ, ভাওনা, জাপি, নৃত্য আৰু অসমৰ ঘৰুৱা জীৱনৰ পৰিবেশ সৃষ্টিৰ মাজেৰে বেজবৰুৱাৰ ‘জয়মতী’ নাটকক এক সার্থক বোলছবিৰ ৰূপ দিয়ে। ভাৰতত সবাক চিত্ৰ নিৰ্মাণ আৰম্ভ হোৱাৰ মাত্ৰ পাঁচ বছৰৰ ভিতৰতে তেতিয়াৰ অসমৰ দৰে পিছপৰা অঞ্চলৰ ডেকা এজনে ষ্টুডিঅ’ৰ সহায় নোলোৱাকৈ বহির্দৃশ্যৰ ভেটিত আৰু দৃশ্যসজ্জা নিৰ্মাণ কৰি এখন বুৰঞ্জীমূলক নাটকৰ কথাছবি নিৰ্মাণ কৰি উলিয়াব পৰাটো এক গৌৰৱৰ কথা ‘জয়মতী’ কথাছবিয়ে ১৯৩৫ চনৰ ১০ মাৰ্চৰ দিনা কলিকতাত প্ৰথমে মুক্তি পায় আৰু ইয়াৰ ১০ দিন পিছত ২০ মার্চ তাৰিখে গুৱাহাটীৰ ৰাইজে সেই ছবি উপভোগ কৰে। ‘জয়মতী’ কথাছবি নিৰ্মাণৰ সময়ত জ্যোতিপ্রসাদে বহু অসুবিধাৰ সন্মুখীন হৈছিল। শব্দযন্ত্ৰৰ বিফলতাই তেওঁক বিব্ৰত কৰিছিল।

জয়মতীৰ পিছত ১৯৩৯ চনত মাত্ৰ দুদিন কলিকতাৰ ষ্টুডিঅ’ত দৃশ্য গ্ৰহণ কৰি অতি কম খৰচত জ্যোতিপ্রসাদে অসমীয়া ভাষাৰ দ্বিতীয়খন কথাছবি ‘ইন্দ্ৰমালতী’ নির্মাণ কৰে। ১৯৪৮ চনত ফণী শৰ্মাৰ লগত যুটীয়াভাবে লক্ষ্মীধৰ শৰ্মাৰ চিৰাজ’ গল্পৰ আধাৰত একে নামেৰে কথাছবি নিৰ্মাণ কৰে। এনেদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া কথাছবি নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰ জগতৰ আৰম্ভণি কৰে। অতি কষ্টৰ মাজেৰে বিভিন্ন অভাৱ অভিযোগ থকা সত্বেও ধৈর্য আৰু সাহসিকতাৰে অসমীয়া কথাছবিৰ জগতলৈ যি অৱদান- দি থৈ গ’ল তাৰ বাবে তেওঁৰ নাম অসমীয়া বোলছবিৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব।

৫। অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে লোচনা কৰা।

উত্তৰ অসমৰ সাংস্কৃতিকজগতত জ্য়োতিপ্ৰসাদ আগৰৱালা আৰু বিষ্নু প্ৰসাদ ৰাভাৰ পিছতেই যাৰ নাম লোৱা হয় সেইজন ব্যক্তিয়েইতেছে ভূপেন হাজারিকা। একেবাৰে গায়ক, গীতিকাৰ, সুৰাৰ লিখক আৰু বোলাগুলি জ্যোতিপ্ৰসাদ আগৰৱালা ‘মত’ কথাগুলির যোগেদি ভূপেন হাজারিকাই কথাছবি জনতার প্রবেশ করে। ১৯৫৫ চনত তেজপুৰৰ ৰূপজ্যোতি প্রতিষ্ঠানে নির্মাণ কৰা “পিয়লি ফুকন” কথাছবিৰ যোগেদি ভূপেন হাজৰিকাই সংগীত পৰিচালক হিচাপে নিজকে প্রতিষ্ঠিত করে। ১৯৩৫ চনত সংগীত পরিচালক হাজৰিকাই প্রধানমন কথাছবি ‘এরা বাটৰ সুৰ নিৰ্মাণ কৰে। এইখন কথাছবিত লতা মাতোশকাৰে প্রথম অসমীয়া গীত গায়। ১৯৭৬ চনত ভূপেন হাজৰিকাই ভাৰত চৰকাৰৰ পৰা শ্রেষ্ঠ সংগীত পৰিচালকৰ স্বীকৃতি, লাভ কৰে। অসমীয়া কথাছবিৰ উপৰিও ভূপেন হাজৰিকাই কেইবাখনো বঙালী আৰু হিন্দী ছবিতো সংগীত পরিচালনা কৰিছিল।

৬। ননীয়া চলচ্চিত্রই লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্রীয় স্বীকৃতি সম্পর্কে আলোচনা কৰা।

উত্তৰ : ১৯৩৫ চনত জ্যোতিজ্ঞলাদ আগৰৱালাৰ দ্বাৰা নির্মাণ কৰা ‘জয়মতী’ কথাছবিৰ দ্বাৰা শুভাৰম্ভ হোৱা অসমীয়া চলচ্চিত্র শিল্পই আজি প্রায় আঠোটা দহকত ভৰি দিছে। এই সময়খিনিত অসমীয়া চলচ্চিত্র শিল্পই যথেষ্ট বিকাশ লাভ কৰিছে আৰু বহুতো ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্বীকৃতিও লাভ কৰিছে।

১৯৫৫ চনত যন্ত্রী শৰ্মাৰ দ্বাৰা পৰিচালিত “পিয়লি ফুলন’ ছবিতে ‘ৰাষ্ট্ৰপতিৰ চার্টিফিকেট অব মেরিট’ লাভ কৰিছিল। সেয়াই আছিল অসমীয়া ছবিয়ে লাভ কৰা প্ৰথম স্বীকৃতি। ইয়াৰ পিছত ড° ভবেন্দ্রনাথ শ‍ইকীয়াই অগ্নিমান’ ছবির বাবে শ্রেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে। জাহ্নু বৰুৱাই ‘সাগৰলৈ বহু দূৰ’ ছবিৰ বাবে লাভ কৰিছিল শ্রেষ্ঠ পৰিচালকৰ বঁটা। এতিয়ালৈ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা অসমীয়া ছবিকেইখনৰ অন্যতম কেইখন হ’ল : বিদ্যুৎ চক্ৰৱৰ্তীৰ ‘ৰাগ-বিরাগ’, সঞ্জীৱ হাজৰিকাৰ ‘হলধৰ’, গৌতম বৰাৰ ‘ৱশ্ববিপু’, জাহ্নু বৰুৱাৰ হালধীয়া চৰায়ে বাও ধান বায়’, সঞ্জীর সভাপণ্ডিতৰ ‘জুৱে পোৱা সোণ’, মঞ্জু বৰাৰ ‘আইক’ত নাই’ আদি। অভিনয়ৰ বাবে ‘জুৰিৰ বিশেষ উল্লেখ বঁটা লাভ কৰিছিল ৰুদ্ৰ বৰাই, ভাগীরথী আৰু বিষ্ণু বাগৰীয়াই। তথ্যচিত্ৰৰ বিভিন্ন শিতানত আৰু চিত্ৰ সমালোচনা আৰু চলচ্চিত্র বিষয়ক গ্রন্থৰ বাবেও কেইবাগৰাকী অসমীয়াই বঁটা লাভ কৰিছে। ইয়াৰ ওপৰিও বহুতো কথাছবি বিদেশতো প্ৰদৰ্শিত হৈছে আৰু সমাদৰ লাভ কৰিছে। ই অসমীয়া কথাছবি শিল্পৰ বাবে সফলতাৰ পরিচায়ক।

৭। ‘এৰা বাটৰ সুৰ’ আৰু ‘ডা বেজবৰুৱা’ কথাছবিদুখনৰ পৰিচালক দুজনৰ নাম লিখা ।

উত্তৰ : ‘এৰা বাটৰ সুৰ’ কথাছবিখনৰ পৰিচালকজন হ’ল ভূপেন হাজৰিকা আৰু ডা বেজবৰুৱা’ কথাছবিখনৰ পৰিচালকজনৰ নাম হ’ল ব্ৰজেন বৰুৱা।

Type By Suman Bora