Class 5 General Science Book Chapter 10 Answer | Sankardev School Class 5 Science Book Chapter 10 বায়ুৰ ধৰ্ম Question Answer |

বায়ুৰ ধৰ্ম 

Chapter: 10

অনুশীলনী

১। শুদ্ধ উত্তৰটো লিখাঃ

ক) বায়ুত অক্সিজেন/কাৰ্বন/নাইট্ৰ’জেন আটাইতকৈ বেছিকৈ থাকে ।

উঃ বায়ুত নাইট্ৰ’জেন আটাইতকৈ বেছিকৈ থাকে ।

খ) গেছীয়/জুলীয়া বায়ুক আমি চকুৰে দেখোঁ ।

উঃ জুলীয়া বায়ুক আমি চকুৰে দেখোঁ ।

গ) বায়ুক গৰম/চেঁচা কৰি জুলিয়া কৰিব পাৰি ।

উঃ  বায়ুক চেঁচা কৰি জুলিয়া কৰিব পাৰি ।

ঘ) বায়ুৰ মাজেৰে বস্তু দেখা পোৱা যায় /নাযায় ।

উঃ বায়ুৰ মাজেৰে বস্তু দেখা পোৱা যায়।

ঙ) ভূ-পৃষ্ঠৰ পৰা ওপৰলৈ বায়ুৰ চাপ কমি /বাঢ়ি যায় ।

উঃ ভূ-পৃষ্ঠৰ পৰা ওপৰলৈ বায়ুৰ চাপ কমি যায় ।

২। বায়ুমণ্ডল কাক বোলে ?

উঃ আমাৰ পৃথিৱীখনক বায়ুৰ এক আৱৰণে আৱৰি আছে, এই আৱৰণটোকে বায়ুমণ্ডল বোলে।

৩। বায়ুত কি কি গেছিয় পৰ্দাথ থাকে। এই পদাৰ্থবোৰ বায়ুত কিমান পৰিমানে থাকে লিখা ।

উঃ বায়ুত নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, আৰ্গন, জলীয় বাষ্প, নিয়ন, হিলিয়াম, ক্ৰিপটন আৰু জেনন।  নাইট্ৰ’জেন আৰু অক্সিজেন গেছ বায়ুত অধিক পৰিমাণে থাকে। বায়ুত কম পৰিমাণে কাৰ্বন-ডাই-অক্সাইড, আৰ্গন আৰু জলীয় বাষ্প থাকে। বায়ুত একেবাৰে কম পৰিমাণে থকা গেছবোৰ হ’ল – নিয়ন, হিলিয়াম, ক্ৰিপটন আৰু জেনন। বায়ুত শতকৰা প্ৰায় ৭৮ ভাগ নাইট্ৰ’জেন আৰু শতকৰা প্ৰায় ২১ ভাগ অক্সিজেন আৰু ০.০৩ ভাগ কাৰ্বন-ডাই-অক্সাইড থাকে।

৪। প্ৰমাণ কৰা যে আন পদাৰ্থৰ দৰে বায়ুৰো ওজন আছে ।

উঃ সকলো পদাৰ্থৰ ওজন থাকে। বায়ু এবিধ গেছীয় পদাৰ্থ। গতিকে বায়ুৰো ওজন আছে।

      এপাত কাচৰ খাৰুৰে তিনিটা ঠাইত সূতাৰে বান্ধি ওলোমোৱাৰ ব্য়ৱস্থা কৰা। খাৰু পাতৰ ভাজঁবোৰ বহল হৈ যাব। খাৰুপাতৰ তলফালেও সূতাৰে বান্ধি পেপাৰ ক্লিপ এটা ওলোমাই দিয়া। এটা নুফুলোৱা ডাঙৰ বেলুন সূতাৰে বান্ধি পেপাৰ ক্লিপটোত উলোমাই দিয়া। বেলুনটোক পৃথিৱীয়ে টানিছে আৰু এই আকৰ্ষণৰ পৰিমাণ হ’ল বেলুনটোৰ ওজন। এইবাৰ বেলুনটো ফুলাই লৈ ক্লিপটোৰ পৰা ওলোমাই দিয়া। দেখিবা খাৰু পাত আৰু অধিক বহল হৈ গৈছে। ফুলাওঁতে বেলুনটোৰ ভিতৰত বায়ু সোমাল আৰু আবদ্ধ বায়ুখিনিকো পৃথিৱীয়ে আকৰ্ষণ কৰিছে। বায়ুখিনিৰ ওজনৰ বাবেই খাৰুপাত আগতকৈ বহল হৈ গৈছে।  

৫। এটা খালী গিলাচ এবাল্টি পানীত তলমূৰকৈ হেঁচি ধৰিলে গিলাচটোৰ ভিতৰত পানী নোসোমায় কিয় ?

উঃ  এটা খালী গিলাচ এবাল্টি পানীত তলমূৰকৈ হেঁচি ধৰিলে গিলাচটোৰ ভিতৰত পানী নোসোমায় কাৰণ গিলাচটোৰ ভিতৰত বায়ু আছে। 

৬। বায়ুৰ মাজেৰে সকলো বস্তু সহজতে কিয় পাৰ হৈ যাব পাৰে ?কাৰণ দৰ্শোৱা ।

উঃ বায়ুৰ মাজেৰে সকলো বস্তু সহজতে পাৰ হৈ যাব পাৰে কাৰণ বায়ু বৰ পাতল। 

৭। বজ্ৰপাত কেনেদৰে হয় ?

উঃ কেতিয়াবা ঘন মেঘৰ খুন্দা-খুন্দিত প্ৰচুৰ শক্তি জমা হ’লে বায়ুৰ মাজেৰে পৃথিৱী আহি পায়। এনেদৰেই বজ্ৰপাত হয়। 

৮। খুব বেছিকৈ ফুলাই দিলে বেলুন এটা ফাটে কিয় ?

উঃ খুব বেছিকৈ ফুলাই দিলে বেলুন এটা ফাটে কাৰণ বেলুনটোৰ ভিতৰত বায়ুৰ হেঁচা বাঢ়ি যায়।

৯। ‘বায়ুয়ে চাৰিফালে চাপ দিয়ে ।’ কথাষাৰ প্ৰমাণ কৰি দেখুওৱা ।

উঃ এটা আইনাৰ গিলাচৰ মুখখনতকৈ অলপ ডাঙৰকৈ এখন ডাঠ কাগজ ঘূৰণীয়াকৈ কাটি লোৱা। এতিয়া এখন হাতেৰে কাগজখন হেঁচি থাকি গিলাচটো উভোটাই দিয়া। কাগজখনৰ পৰা হাতখন এৰি দিলে কাগজখন তৎক্ষণাত মাটিত পৰি যাব। এইবাৰ গিলাচটোত পানী চপচপীয়াকৈ ভৰাই ডাঠ কাগজখনেৰে ঢাকি আগৰ দৰেই আকৌ উভতাই দিয়া। এইবাৰ দেখিবা হাতখন আণতৰাই দিলেও কাগজখন সৰি নপৰে। ঢাকনিখনৰ ওপৰত দুটা হেঁচা পৰিছে। পানীৰ ওজনে তললৈ হেঁচিছে আৰু বায়ুৱে ওপৰলৈ হেঁচিছে। ওপৰলৈ বায়ুৰ হেঁচা বেছি হোৱাৰ বাবে পানী আৰু ঢাকনিখন সৰি পৰা নাই। কাগজখন হাতেৰে ধৰি থাকি এইবাৰ গিলাচটো ভূমিৰ সমান্তৰালকৈ ধৰা। হাতখন লাহেকৈ এৰুৱাই আনিলে দেখিবা এইবাৰো কাগজ আৰু পানী একো সৰি পৰা নাই। ইয়াৰ পৰা বুজিব পাৰি যে ‘বায়ুয়ে চাৰিফালে চাপ দিয়ে ।’

১২। ‘বায়ু আমাৰ চাৰিওফালে আছে।’ কেইটামান যুক্তিৰে কথাষাৰৰ সত্য়তা নিৰূপণ কৰা ।

উঃ ‘বায়ু আমাৰ চাৰিওফালে আছে।’ আমাৰ চাৰিওফালে বায়ু থকাৰ বাবেই আমি উশাহত অক্সিজেন গেছ গ্ৰহন কৰিব পাৰিছো। 

১৩। ওখ পৰ্বত বগাওঁতে মানুহে উশাহ লোৱাত কষ্ট পায় কিয় ?

উঃ ভূ-পৃষ্ঠৰ পৰা যিমান ওপৰলৈ উঠি যায় বায়ুমণ্ডলীয় চাপ সিমানেই কমি যায়। সেয়েহে ওখ পৰ্বত বগাওঁতে মানুহে উশাহ লোৱাত কষ্ট পায়।

১৪।খালী ঠাই পূৰ কৰা –

ক) বায়ুৰ আৱৰণখনক বায়ুমণ্ডল বোলে ।

খ) বায়ুত থকা কাৰ্বন-ডাই-অক্সইডৰ শতকাৰ পৰিমাণ ০.০৩ শতাংশ

গ) বায়ুৰ মাজেদি সাধাৰণতে বিদ্য়ুৎ পাৰ হৈ নাযায় ।

ঘ) বায়ুৰ তাপ বাঢ়িলে চাপ বাঢ়ে ।

ঙ) বায়ুৰ মাজেদি শব্দ সহজে পাৰহৈ যাব পাৰে ।

চ) বায়ুৱে যি কোনো খালী ঠাই অধিকাৰ কৰে ।

ছ) মুকলি বায়ুৰো চাপ আছে ।

জ) মুকলি বায়ুৰ চাপক বায়ুমণ্ডলীয় চাপ বুলি কোৱা হয় ।

Mampi Kakati 

Post ID :DABP006264