Class 5 General Science Book Chapter 8 Answer | Sankardev School Class 5 Science Book Chapter 8 পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ Question Answer |

পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ

পাঠঃ ৮

১। খালী ঠীই পূৰ কৰা 

(ক) শস্য়ৰ উৎপাদন মাটিৰ গুণ ৰ ওপৰত নিৰ্ভৰ কৰে।

(খ) পৃথিৱীৰ প্ৰায়  ভাগ পানীহে ব্যৱহাৰৰ উপযোগী ।  

(গ) উদ্ভিদে পাত ত নিজৰ খাদ্য় প্ৰস্থত কৰে।

(ঘ) গছ নহলে পানীৰ চক্ৰ নচলে ।

(ঙ) কোনো এবিধ মণিক সৰহ পৰিমানে থকা শিলাই হ’লে আকৰিক।

(চ) কয়লা প্ৰধানকৈ চাৰি প্ৰকাৰৰ।

(ছ) প্ৰেট্ৰ’লিয়াম এবিধ খনিজ তেল

(জ ) কাজিৰঙা, মানাহ আদি ৰাষ্ট্ৰীয় উদ্য়ান

(ঝ) গছ-গছনি, পানী আদি নবীকৰণ যোগ্য় প্ৰাকৃতিক সম্পদ।

(ঞ) অনবীকৰণ যোগ্য় প্ৰাকৃতিক সম্পদ গঠন হ’বলৈ নিযুত বছৰ লাগে।

২। প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা পোনে পোনে পোৱা যায়, সেইবোৰেই হৈছে প্ৰাকৃতিক সম্পদ।

৩। মাটিৰ কেইটামান ব্য়ৱহাৰ উল্লেখ কৰা।

উত্তৰঃ মাটিৰ কেইটামান ব্য়ৱহাৰ হৈছে – খেতি-বাতি কৰা, ঘৰ-দুৱাৰ সাজা, ফল-মূল, ফুল আদি ৰুৱা আদি।

৪। মাটি সংৰক্ষণৰ প্ৰধান উপায় কি ?

উঃ মাটি সংৰক্ষণৰ প্ৰধান উপায় হ’ল বৃক্ষ ৰূপণ।

৫। সাগৰৰ লুণীয়া পানী আমাৰ কি কামত ব্য়ৱহাৰ হয় ?

উঃ সাগৰৰ লুণীয়া পানী আমাৰ নিমখ প্ৰস্তত কৰা কামত ব্য়ৱহাৰ হয়। 

৬। পৃথিৱীৰ সৰহ অংশ পানীয়ে আগুৰা যদিও পানীৰ অভাৱ বিশ্বৰ এটা ডাঙৰ সমস্য়া । ইসাৰ কাৰণ কি বুলি ভাবা ?

উঃ পৃথিৱীৰ সৰহ অংশ পানীয়ে আগুৰা যদিও পানীৰ অভাৱ বিশ্বৰ এটা ডাঙৰ সমস্য়া । ইসাৰ কাৰণ হ’ল পানীৰ অপব্য়ৱহাৰ।

৭। পানীৰ চাৰিটা ব্য়ৱহাৰ উল্লেখ কৰা ।

উঃ পানীৰ চাৰিটা ব্য়ৱহাৰ হ’ল – 

১) খাবলৈ ব্য়ৱহাৰ কৰা হয়। 

২) কাপোৰ ধোৱলৈ ব্য়ৱহাৰ কৰা হয়।

৩) খেতি পথাৰত দিবলৈ ব্য়ৱহাৰ কৰা হয়।

৪) বিদ্য়ুৎ উৎপাদন কৰিবলৈ ব্য়ৱহাৰ কৰা হয়।

৮। বায়ুয়ে জীৱজগতৰ কি উপকাৰ সাধে ? 

উঃ জীৱজগতৰ পাণ্ৰীসমূহ জীয়াই থাকিবলৈ বায়ুৰ প্ৰয়োজন। 

৯। সূৰ্যৰ তাপে আমাক কি ধৰণে সহায় কৰে লিখা ।

উঃ সূৰ্যৰ পোহৰ নাপালে উদ্ভিদে খাদ্য তৈয়াৰ কৰিব নোৱাৰে। ফলত খাদ্য়ৰ অভাৱত উদ্ভিদ প্ৰাণীকে ধৰি কোনো জীৱই জীয়াই থাকিব নোৱাৰে। সূৰ্যৰ তাপ নহলে পানীৰ চক্ৰ নচলিব, ফলত সকলো দিশৰ পৰাই পৃথিৱীখন বসবাসৰ অনুপযোগী হৈ পৰিব।  ই চেঁচা, অন্ধকাৰ ভূ-খণ্ডত পৰিণত হ’ব।

১০। সূৰ্যৰ তাপ আৰু পোহৰ অবিহনে পৃথিৱীখন কি অৱস্থাত থাকিলহেঁতেন লিখা ।

 উঃ সূৰ্যৰ তাপ আৰু পোহৰ অবিহনে পৃথিৱীত পানীৰ চক্ৰ নচলিব, ফলত সকলো দিশৰ পৰাই পৃথিৱীখন বসবাসৰ অনুপযোগী হৈ পৰিব।  ই চেঁচা, অন্ধকাৰ ভূ-খণ্ডত পৰিণত হ’ব।

১১। বিশাল শিলবোৰ কেনেদৰে ভাঙি টুকুৰা হয় ?

উঃ বিশাল শিলবোৰৰ ভিতৰৰ আৰু উপৰিভাগৰ উষ্ণতা একে নহয়। উষ্ণাতৰ পাৰ্থক্য়, বৰষুণ আৰু বতাহৰ বাবে শিলবোৰত ফাট মেলে আৰু শিলবোৰ ভাঙি সৰু সৰু  টুকুৰাত পৰিণত হয়।সৰু

১২। বালিৰ সৃষ্টি কেনেদৰে হয় ?

উঃ সৰু শিলবোৰ নদীৰ পানীয়ে উটুৱাই নিয়ে। উটি গৈ থাকোতে পানূীৰ লগত আৰু পৰস্পৰৰ মাজত ঘঁহনি খাই শিলবোৰৰ পিঠিভাগ মিহি হয় আৰু বাৰে বাৰে ঘঁহনি খাই সৰু সৰু টুকুৰাত পৰিণত হৈ শেষত বালি হয়।

১৩। গেদীয়া শিল কি ?

উঃ সাগৰৰ তলত তৰপে-তৰপে বালি গোট খাই চাপৰ প্ৰভাৱত গোট মাৰে আৰু এবিধ শিলৰ সৃষ্টি হয়। এইবিধ শিলক গেদীয়া শিল বোলে।

১৪। মণিক কাক বোলে ?

উঃ শিলত জিলিকি থকা ভিন্ন ৰঙী কণাবোৰেই মণিক। 

১৫। শিলৰ কেইটামান ব্য়ৱহাৰ লিখা ।

উঃ  শিলৰ কেইটামান ব্য়ৱহাৰ হ’ল – 

(ক) ঘৰ বনাবলৈ শিল ব্য়ৱহাৰ কৰা হয়। 

(খ) ৰাস্তা-ঘাট নিৰ্মাণ কৰিবলৈ শিল ব্য়ৱহাৰ কৰা হয়।

(গ) লো, টিন, তাম আদি সৰহ সংখ্য়ক ধাতু শিলৰ পৰা পোৱা যায়।

১৬। কয়লা কেইপ্ৰকাৰৰ আৰু কি কি ?

উঃ কয়লা চাৰি প্ৰকাৰৰ। পিট্ কয়লা, লিগনাইট কয়লা, বিটুমিনাছ কয়লা আৰু এনথ্ৰাছাইট কয়লা।

১৭। কয়লাৰ অপকাৰী উপাদানবিধ কি ?

উঃ কয়লাৰ অপকাৰী উপাদানবিধ হ’ল কাৰ্বন মন’-অক্সাইড।

১৮।প্ৰাকৃতিক গেছ কি ?

উঃ পেট্ৰ’লিয়ামৰ ওপৰত উচ্চ চাপত থকা গেছৰ আৱৰণটোক প্ৰাকৃতিক গেছ বোলে। 

১৯। পেট্ৰ’লিয়ামৰ পৰা পোৱা কেইবিধমান সামগ্ৰীৰ নাম লিখা ।

উঃ পেট্ৰ’লিয়ামৰ পৰা পোৱা সামগ্ৰীসমূহ হ’ল পেট্ৰ’ল, পেৰাফিন তেল, পেট্ৰ’লিয়াম গেছ, মম, ভেচলিন আদি।

২০। অসমৰ কোন কোন অঞ্চলত কয়লা পেট্ৰ’লিয়াম পোৱা যায় ?

উঃ অসমৰ লিডু, ৰাংৰিং, বৰগোলাই, টিপং আদি অঞ্চলত কয়লা  পোৱা যায়।  অসমৰ ডিগবৈ, দুলিয়াজান, মৰাণ, লাকুৱা, শিৱসাগৰ আদিত পেট্ৰ’লিয়াম পোৱা যায়। 

২১। বনাঞ্চলসমূহে মানুহৰ কি কি উপকাৰ সাধন কৰে ?

উঃ (ক) বনাঞ্চলৰ পৰা পোৱা গছ-গছনিৰ পৰা ঘৰুৱা আচবাব তৈয়াৰ কৰিব পাৰি।

(খ) বনাঞ্চলৰ গছ-গছনিয়ে আমাক অক্সিজেন প্ৰদান কৰে।

(গ) বনাঞ্চলৰ পৰা পোৱা গছ-গছনিৰ পৰা আমি ফলমূল পাওঁ।

(ঘ) বনাঞ্চলৰ পৰা পোৱা গছ-গছনিৰ পৰা আমি আমাৰ ঘৰ তৈয়াৰ কৰি ল’ব পাৰো। 

২২। বনাঞ্চল সমূহৰ ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা অনুভৱ কৰাণে লিখা ।

উঃ বৰ্তমানৰ সময়ত বনাঞ্চল সংৰক্ষণ সুবেই প্ৰয়োজন। কাৰণ বনাঞ্চলৰ পৰা আমি অক্সিজেন লাভ কৰোঁ। যদিহে বনাঞ্চল ধ্বংস হৈ যায় তেন্তে বনাঞ্চলত থকা বনৰীয়া জীৱ-জন্তুবোৰ আহি মানুহে বসবাস কৰা অঞ্চলসমূহলৈ গুচি আহিব আৰু মানুহৰ উপৰত আক্ৰমণ কৰিব। গতিকে বৰ্তমান সময়ত বনাঞ্চল সমূহৰ ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা বহুত বেছি। 

২৩। নৱীকৰণযোগ্য় আৰু অনৱীকৰণযোগ্য় প্ৰাকৃতিক সম্পদ কাক বোলে ? উদাহৰণ দিয়া ।

উঃ যিবোৰ প্ৰাকৃতিক সম্পদ আমি বাৰে বাৰে ব্য়ৱহাৰ কৰিব পাৰো তেনে প্ৰাকৃতিক সম্পদক নৱীকৰণযোগ্য় প্ৰাকৃতিক সম্পদ বোলে। যেনে – গছ-গছনি, পানী, বায়ু আদি। 

     যিবোৰ প্ৰাকৃতিক সম্পদ আমি কেৱল এবাৰহে ব্য়ৱহাৰ কৰিব পাৰোঁ তেনে প্ৰাকৃতিক সম্পদক অনৱীকৰণযোগ্য় প্ৰাকৃতিক সম্পদ বোলে। যেনে – কয়লা, খাৰুৱা তেল, সোণ, ৰূপ আদি। 

২৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা-

ক) পৃথিৱীৰ প্ৰায় ৭০ /  ৯৭ ভাগ পানী সাগৰৰ।

উঃ ৯৭ ভাগ পানী সাগৰৰ।

খ) বিদ্য়ুৎ উৎপাদন কৰিবলৈ পানীৰ ব্য়ৱহাৰ কৰা হয়  / নহয়।

উঃ বিদ্য়ুৎ উৎপাদন কৰিবলৈ পানীৰ ব্য়ৱহাৰ কৰা হয়।

গ) খাদ্য় প্ৰস্তুতিৰ সময়ত উদ্ভিদে কাৰ্বন-ডাই-অক্সাইড / অক্সিজেন গ্ৰেছ গ্ৰহণ কৰে।

উঃ খাদ্য় প্ৰস্তুতিৰ সময়ত উদ্ভিদে কাৰ্বন-ডাই-অক্সাইড গ্ৰেছ গ্ৰহণ কৰে।

ঘ) মম পেট্ৰ’লিয়ামৰ পৰা তৈয়াৰ কৰা হয় / নহয়।

উঃ মম পেট্ৰ’লিয়ামৰ পৰা তৈয়াৰ কৰা হয়।

ঙ) কয়লা নৱীকৰণযোগ্য় / অনৱীকৰণযোগ্য় সম্পদ।

উঃ কয়লা অনৱীকৰণযোগ্য় সম্পদ।

Mampi Kakati 

Post ID :DABP006254

*****