Class 5 Science Book Chapter 3 Answer | Sankardev School Class 5 Science Book Chapter 3 প্ৰাথমিক চিকিৎসা Question Answer |

প্ৰাথমিক চিকিৎসা

পাঠ ৩ 

মৌখিক কাৰ্যঃ

১। তোমাৰ বন্ধুজনে খেলি থাকোঁতে দুখ পালে কি কৰিবা?

উত্তৰঃ প্ৰাথমিক চিকিৎসাৰ সহায় ল’ম।

২। প্ৰাথমিক চিকিৎসাৰ বাকচত থকা যিকোনো তিনিবিধ সামগ্ৰীৰ নাম কোৱা?

উত্তৰঃ প্ৰাথমিক চিকিৎসাৰ বাকচত থকা যিকোনো তিনিবিধ সামগ্ৰীৰ নাম হৈছে – ডেটল, বেণ্ডেজ আৰু বিষ নিৰাময়ৰ মলম।

৩। পাকঘৰত কাম কৰোঁতে আমি কিয় নাইলন কোপোৰ পৰিৱৰ্তে কপাহী কাপোৰ পিন্ধিব লাগে?

উত্তৰঃ নাইলনৰ কাপোৰত অতি সহজে জুই লাগে। তাৰ তুলনাত কপাহী কাপোৰত জুই লগাত অলপ সময় লাগে। সেয়েহে আমি পাকঘৰত কাম কৰাৰ সময়ত নাইলনৰ কাপোৰৰ পৰিবৰ্তে কপাহী কাপোৰ পিন্ধিব লাগে।

৪। নাকেদি তেজ ওলোৱা ব্য়ক্তিক কি ধৰণে প্ৰাথমিক চিকিৎসা আগবঢ়াব লাগে?

উত্তৰঃ নাকেদি তেজ ওলোৱা ব্য়ক্তিক শৰীৰতকৈ মূৰটো বেছি হেলনীয়া কৰি ওপৰমুৱাকৈ শুৱাই দিব লাগে; ৰোগীৰ মূৰত ঠাণ্ডা পানী ঢালি দিব লাগে; নাকৰ ওপৰত ঠাণ্ডা পাতি লগাব পাৰে।

৫। ৰিতুয়ে পৰি আঘাত পাওঁতে ৰুবিয়ে যদি প্ৰাথমিক চিকিৎসা নকৰিলে হয় তেনেহলে বাৰু কি হ’লহেঁতেন?

উত্তৰঃ ৰিতুয়ে পৰি আঘাত পাওঁতে ৰুবিয়ে যদি প্ৰাথমিক চিকিৎসা নকৰিলে হয় তেনেহলে ৰিতুৰ ভৰিৰ পৰা যথেষ্ট পৰিমাণে তেজ ওলাল হয়, ফলত সি দুৰ্বল হৈ পৰিল হয়। অৱশেষত সি ডাক্টৰৰ ওচৰ চাপিব লগীয়া হ’ল হয়।

লিখিত কাৰ্যঃ

১। গাত গৰম পানী পৰিলে কি কৰা উচিত?

উত্তৰঃ গাত গৰম পানী পৰিলে তৎক্ষণাত পুৰা ঠাইডোখৰত ঠাণ্ডা পানী ঢালি দিব লাগে। পোৰণি অনুভৱ হৈ থকা লৈক পানী ঢালি থাকিব লাগে। পোৰা ঠাইত বৰফ তথা ঠাণ্ডা পানী লগাব লাগে। ছালকুৱৰীৰ ৰস বা আলু ৰুকি পুৰা ঠাইত লগাব লাগে।

২। প্ৰাথমিক চিকৎসাৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ আকস্মাৎ হোৱা অঘটনসমূহৰ পৰা আমি বাচি থাকিবলৈ প্ৰাথমিক চিকিৎসাৰ প্ৰয়োজন।

৩। বাটত হোৱা দুৰ্ঘটনাবোৰৰ কাৰণবোৰ কি কি?

উত্তৰঃ বাটত হোৱা দুৰ্ঘটনাবোৰৰ মূল কাৰণ হৈছে ট্ৰেফিকৰ নিয়ম ওলংঘা কৰা; ৰাস্তা পাৰ হোৱাৰ সময়ত সোঁ ফাল বাও ফাল চাই নোলোৱা; ৰাস্তাৰে যোৱাৰ সময়ত ফ’নত কথা পাতি যোৱা ইত্য়াদি।

৪। এটা প্ৰাথমিক চিকিৎসাৰ বাকচ আঁকা, বাকচটোত থকা প্ৰতিবিধ সঁজুলি অংকন কৰিবা।

উত্তৰঃ 

৫। কি কৰা উচিত-

(ক) কাৰোবাৰ হাতত গৰম তেল পৰিলে

উত্তৰঃ তৎক্ষণাৎ ঠাণ্ডা পানী ঢালি দিব লাগে বা বৰফ লগাই দিব লাগে।

(খ) কোনো লোকৰ নাকেদি তেজ ওলালে

উত্তৰঃ ব্য়ক্তিজনক শৰীৰতকৈ মূৰটো বেছি হেলনীয়া কৰি ওপৰমুৱাকৈ শুৱাই দিব লাগে; ৰোগীৰ মূৰত ঠাণ্ডা পানী ঢালি দিব লাগে; নাকৰ ওপৰত ঠাণ্ডা পাতি লগাব পাৰে।

(গ) কোনো লোকক মৌমাখি বা বৰলে বিন্ধিলেউত্তৰঃ এটুকুৰা বৰফ বা ঠাণ্ডা পানী লগালে আমি অলপ আৰাম পাব পাৰো। আৰু নেমৰ ৰস বা এম’নিয়া লগাই থ’লেও বিষ কমি আহে।

৬। শুদ্ধ উত্তৰটো বিচাৰি তাৰ বিপৰীতে (✓ ) চিন দিয়া –

☆ কোনো ব্য়ক্তিয়ে পিন্ধি থকা কাপোৰত জুই লাগিলে আমি তৎক্ষণাত 

(ক) লোকজনক কম্বলেৰে মেৰাই ধৰিব লাগে।

(খ) লোকজনক কপাহি কাপোৰে মেৰাই ধৰিব লাগে।

(গ) লোকজনক মজিয়াত বগৰাই দিব লাগে।

(ঘ) লোকজনক চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে।

উত্তৰঃ লোকজনক কম্বলেৰে মেৰাই ধৰিব লাগে।

☆ খেলি থাকোতে আঘাত পালে আমি

(ক) আঘাত পোৱাৰ কাৰণ সুধিব লাগে।

(খ) ফোনযোগ চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।

(গ) আঘাত পোৱাজনক খং কৰিব লাগে।

(ঘ) প্ৰাথমিক চিকিৎসা দিব লাগে।

উত্তৰঃ প্ৰাথমিক চিকিৎসা দিব লাগে।

– Hiru Moni Bora

Post ID :DABP006229