Class 5 Science Book Chapter 9 Answer | Sankardev School Class 5 Science Book Chapter 9 পানীৰ চাপ Question Answer |

পানীৰ চাপ 

পাঠ ৯ 

১। খালী ঠাই পূৰ কৰাঃ

ক) পানীয়ে চাৰিও দিশত চাপ বা হেঁচা দিয়ে।

খ) পানীয়ে তললৈ দিয়া চাপক পানীৰ নিম্নচাপ বোলে।

গ) পানীয়ে পাত্ৰৰ  কাষৰ ফালে দিয়া চাপক পাৰ্শ্বচাপ বোলে।

ঘ) পানীৰ চাপৰ পৰিমাণ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে।

২। পানীয়ে যে চাপ দিয়ে এটা উদাহৰণৰ সহায়ত দেখুওৱা।

উত্তৰঃ এটা প্লাষ্টিকৰ বটল, চেপেটা পাতল ৰবৰ বা বেলুনৰ টুকুৰা সূতা বা ৰবৰ বেণ্ড, ব্লেড বা সৰু কেচি এখন আৰু এক জগ পানী লোৱা হ’ল। এতিয়া প্লাষ্টিকৰ বটলটোৰ তলিখন কাটি লোৱা হ’ল। পাতল ৰবৰৰ টুকুৰাটো বটলটোৰ খোলা তলি অংশত ৰবৰ বেণ্ডৰে টানকৈ বান্ধি লোৱা হ’ল যাতে পানী ওলাই যাব নোৱাৰে এতিয়া জগটোৰে বটলটোৰ ভিতৰত পানী ঢালি থাকা হ’ল। ৰবৰৰ টুকুৰাটোলৈ মন কৰা হ’ল, লাহে লাহে টুকুৰাটো তললৈ দোখাই গৈছে। পানী সম্পূৰ্ণকৈ ভৰোৱাৰ পাছত ৰবৰ টুকুৰা বেছিকৈ দোঁখাই যাব।ৰবৰ টুকুৰা এনেদৰে দোঁখাই যোৱাৰ কাৰণটো হৈছে পানীয়ে ৰবৰ টুকুৰাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। পানীখিনি উলিয়াই দিলে দেখিম ৰবৰ টুকুৰা পুনৰ আগৰ দৰে তলিৰ লগত সমান হৈ গ’ল৷ ইয়াৰ পৰা এটা কথা বুজা গ’ল যে পানীয়ে হেঁচা দিয়ে।

৩। পানীৰ যে ঊৰ্দ্ধচাপ আছে এটা পৰীক্ষাৰ সহায়ত প্ৰমান কৰি দেখুওৱা।

উত্তৰঃ এটা পোন্ধৰ ছেঃমিঃ দীঘল কাঁচৰ নলী, এটা ভাজ কৰিব পৰা প্লাষ্টিকৰ নলী, প্লাষ্টিকৰ পাঁচ ছয় ছেণ্টিমিটাৰ ব্যাসৰ এটা চুপি, এচটা ৰবৰ, এডাল ৰবৰ বেণ্ড, চিঁয়াহী আৰু ডাঙৰ পানীৰ পাত্ৰ এটা লোৱা হ’ল। এতিয়া ৰবৰ বেণ্ডৰ সহায়ত ৰবৰ টুকুৰা চুপিৰ বহল মুখত ফিটফিটীয়াকৈ বান্ধি লোৱা হ’ল। চুপিত প্লাষ্টিকৰ নলীটো টানকৈ সুমুৱাই দিয়া হ’ল। দীঘল কাঁচৰ নলীটোত এটোপাল চিঁয়াহী সুমুৱাই লোৱা হ’ল। এতিয়া কাঁচৰ নলীডাল প্লাষ্টিকৰ নলীৰ আনটো মূৰত টানকৈ সুমুৱাই দিয়া হ’ল। এতিয়া হাতৰ বুঢ়া আঙুলিৰে চুপিৰ ৰবৰ চটাত ওপৰফালে হেঁচি দিলে চিয়াঁহীৰ টোপালটো কাঁচৰ নলীৰ মাজেৰে ওপৰলৈ উঠিব। এতিয়া ডাঙৰ পানীৰ পাত্ৰটোত এই চুপিটো লাহে লাহে সুমুৱাই দিয়া হ’ল। কাঁচৰ নলীত থকা চিঁয়াহীৰ টোপালটো চুপিটো পানীৰ পাত্ৰৰ তলৰ পিনে গৈ থাকিলে নলীৰ ভিতৰৰ চিঁয়াহীৰ টোপালটো ওপৰলৈ আহি থাকে। এই চিঁয়াহীৰ টোপালটো ওপৰলৈ আহিবলৈ পানীয়ে হেচা দিছে। ইয়াৰ পৰা এটা কথা বুজিব পৰা গ’ল যে পানীয়ে উদ্ধচাপ দিয়ে।

৪। পানীৰ টেংকিবোৰ মাটিৰ পৰা যথেষ্ট ওপৰত সজাৰ কাৰণ কি বুলি ভাবা?

উত্তৰঃ পানীৰ চাপ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে পানী ওপৰৰ পৰা তললৈ নামি আহিবলৈ সুবিধা হয়। সেয়েহে পানীৰ টেংকিৰ পৰা পানী সহজে নামি আহিবলৈ পানীৰ টেংকিবোৰ মাটিৰ পৰা যথেষ্ট ওপৰত সজা হয়।

৫। ‘পানীৰ চাপ ইয়াৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে ।’ কথাষাৰ ব্য়াখ্য়া কৰা।

উত্তৰঃ পানীৰ চাপ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে। এটা প্লাষ্টিকৰ বটল, এটা বেজী আৰু পানী লোৱা হ’ল। বটলটোত সম্পূৰ্ণকৈ পানী ভৰাই লোৱা হ’ল। এতিয়া বেজীটোৰে বটলটোত ওপৰৰ পৰা তললৈ তিনিটা ফুটা কৰা হ’ল। দেখিলো যে বটলটোৰ একেবাৰে তলত থকা ফুটাটোৰে আটাইতকৈ বেছি দূৰলৈ পানী পৰিছে। ইয়াৰ পৰা বুজিব পৰা গ’ল যে পানীৰ চাপ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে।

৬। নদীৰ বান্ধ তলৰ ফালে অধিক শক্তিশালীকৈ বন্ধা হয় কিয়?

উত্তৰঃ পানীয়ে সকলো দিশতে চাপ দিয়ে। পানীৰ গভীৰতা বঢ়াৰ লগে লগে ইয়াৰ চাপো সকলো দিশতে বাঢ়ি যায়। নদীত পানীৰ গভীৰতা তললৈ বেছি। সেয়েহে নদীৰ বান্ধ তলৰ ফালে অধিক শক্তিশালীকৈ বন্ধা হয়।

৭। তুমি সদায় দেখি থকা দুটা কাৰ্যৰ দ্বাৰা পানীৰ চাপৰ সত্য়তা প্ৰমাণ কৰি দেখুওৱা।

উত্তৰঃ 

– Hiru Moni Bora

Post ID :DABP006262