Class 6 Assamese Book Chapter 1 Answer | Sankardev School Class 6 Assamese Book Chapter 1 শ্ৰীকৃষ্ণ পিপৰা গুচোৱা Question Answer |

শ্ৰীকৃষ্ণ পিপৰা গুচোৱা 

Chapter 1

অনুশীলনীঃ

১। শব্দ-অৰ্থ 

গোৱালীঃ গোপী, গুৱালিনী অথবা গোপিনী 

লৱণুঃ মাখন

টেণ্টনঃ টেটোন, ধূৰ্ত

নিদাৰুণীঃ দয়া-মায়া নথকা তিৰোতা

ভাণ্ডিলাঃ ফাঁকি দিলে, ছল কৰিলে 

বৎসঃ পোৱালী ( ইয়াত গৰুৰ পোৱালী অৰ্থাৎ দামুৰি দমৰা)

কনিষ্ঠঃ সৰু ভায়েক 

২। চমু উত্তৰ দিয়াঃ

(ক) শিশু শ্ৰীকৃষ্ণ গুৱালিনী ঘৰত কিয় সোমাইছিল?

উত্তৰঃ-  শিশু শ্ৰীকৃষ্ণ গুৱালিনী ঘৰত লৱণু চোৰ কৰিবৰ বাবে সোমাইছিল।

(খ) মাখন চোৰ কৰি হাতেলোটে ধৰা পৰি শ্ৰীকৃষ্ণই গুৱালনীক কি কৰা বুলি কৈছিল?

উত্তৰঃ- মাখন চোৰ কৰি হাতেলোটে ধৰা পৰি শ্ৰীকৃষ্ণই গুৱালনীক পিপৰা গুচাই থকা বুলি কৈছিল।

(গ) শ্ৰীকৃষ্ণই গুৱালিনীৰ ঘৰত কিয় সোমোৱা বুলি কৈছিল?

উত্তৰঃ- শ্ৰীকৃষ্ণই গুৱালিনীৰ ঘৰত তেওঁৰ ঘৰ বুলি ভাবি ভুলতে সোমোৱা বুলি কৈছিল।

(ঘ) শ্ৰীকৃষ্ণই কেঁচুৱাটোক টোপনি পৰা কি কাৰণত জগোৱা বুলি কৈছিল?

উত্তৰঃ- শ্ৰীকৃষ্ণই কেঁচুৱাটোক টোপনি পৰা দামুদৰ কথা সুধিবৰ বাবে জগোৱা বুলি কৈছিল।

(ঙ) অৱশেষত গোপিনীয়ে শ্ৰীকৃষ্ণ কথা উত্তৰ দিব নোৱাৰিলে কিয়?

উত্তৰঃ- অৱশেষত গোপিনীয়ে শ্ৰীকৃষ্ণ কথা উত্তৰ দিব নোৱাৰিলে কাৰণ শেষত শ্ৰীকৃষ্ণই চলনা কৰি গোপীনীকে চোৰ বুলি ক’লে।

Mampi Kakati

Post ID : DABP005831

********