Class 6 Assamese Book Chapter 15 Answer | Sankardev School Class 6 Assamese Book Chapter 15 আগতে নিজে নিকা হ’ Question Answer |

আগতে নিজে নিকা হ’ 

Chapter 15


১। শব্দ-অৰ্থঃ
নিকা – পৰিস্কাৰ, মল নথকা, স্পষ্ট, নিৰ্মল।
পখালি – ধুই নিকা কৰি, পানীৰে মেলি গুচাই।
আত্মিক – আপোন, নিজৰ, কুটুম 
হিয়া – হৃদয়, অন্তৰ 
তেনে – তেতিয়াহে, তেন্তে 
দৃঢ়তা – স্থিৰতা, কঠিন, লৰচৰ নকৰা
মলি – মল, ধূলি মাকতি, ওখল।

১। প্ৰশ্নঃ

(ক) কি কৰিলে অইনৰ মন নিকা কৰিব পাৰি?

উত্তৰঃ- নিজৰ মনৰ মলি আঁতৰাই ল’ব পাৰিলেঅইনৰ মন নিকা কৰিব পাৰি।

(খ) কেতিয়া আমি সঁচা ক’ব লাগে?

উত্তৰঃ- আমি আনক সঁচা ক’বলৈ দিয়াৰ আগতেআমি সঁচ ক’ব লাগে।

(গ) সঁচা ক’বলৈ আমি কি কৰিব লাগিব?

উত্তৰঃ- সঁচা ক’বলৈ শিকি আমি দৃঢ়তাৰে তাৰ অনুশীলন কৰিব লাগিব।

(ঘ) কি কি কৰিলে ধন-সােণবােৰ আহি জমা হ’ব? 

উত্তৰঃ- সত্যৰ ওপৰত আধাৰিত নিৰ্মল মনৰ অধিকাৰী হ’লে ধন-সােণবােৰ আহি জমা হ’ব।

(ঙ) কবিয়ে কথাখিনি কাক উদ্দেশ্য কৰি কৈছে ?

উত্তৰঃ- কবিয়ে কথাখিনি সেইবোৰ মানুহক উদ্দেশ্য কৰি কৈছে যিবোৰ মানুহ নিজে বেয়া হৈ আনক ভাল হোৱাৰ কথা কৈ থাকে।

২। বাক্য ৰচনা কৰা? 

সঁচা – আমি সদায় সঁচা কথা ক’ব লাগে। 


পখালি -আমি সদায় গা ধুই-পখালি থাকিব লাগে। 


দৃঢ় – নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে আমাৰ দৃঢ়তা থাকিব লাগিব। 


ভৰাই – ৰহিমে গছৰ পৰা আম পাৰি পাচিত ভৰাই থলে। 


মলি – আনক ভাল হ’বলৈ দিয়াৰ আগতে আমি নিজৰ

হিয়া-মনৰ মলি ধুই-পখালি ল’ব ৰলাগে।

৩। কবিতাটিত কেবাটাও যৌগিক ক্রিয়া আছে । তাৰে তিনিটা বাছি উলিওৱা।

উত্তৰঃ নিকা, পখালি, সঁচা, দৃঢ়তাৰে, হোৱা, লোৱা, কোৱা, ৰোৱা।

Mampi Kakati *****

Post ID : DABP006051