Class 6 Assamese Book Chapter 18 Answer | Sankardev School Class 6 Assamese Book Chapter 18 বিজ্ঞানী ড°ৰোহিণীকান্ত বৰুৱা Question Answer |

বিজ্ঞানী ড°ৰোহিণীকান্ত বৰুৱা

Chapter 18

অনুশীলনী 

১। শব্দ-অৰ্থঃ
গৱেষণা – কোনো এটা বিশেষ বিষয়ৰ আঁতিগুৰি মাৰি জানিবলৈ কৰা অধ্যায়ন।
বৌদ্ধিক – পঢ়া-শুনাৰ মাজেৰে লাভ কৰা জ্ঞান সম্পৰ্কীয়।
‘ষ্টাৰ মাৰ্ক’ – শিক্ষান্ত পৰীক্ষাত মুঠতে শতকৰা ৭৫ নম্বৰ লাভ কৰিলে ‘ষ্টাৰ মাৰ্ক’ পোৱা বুলি কোৱা হয়।
জলপানি – পঢ়া-শুনাৰ খৰচৰ বাবে খোৱা আৰ্থিক সাহাৰ্য্য।
‘লেটাৰ মাৰ্ক’- শিক্ষান্ত পৰীক্ষাত কোনো এটা বিষয়ত শতকৰা ৮০ নম্বৰ পালে বিষয়টোত ‘লেটা মাৰ্ক’ পোৱা বুলি কোৱা হয়।অনাৰ্ছ শ্ৰেণী – কলেজত কোনো এটা বিষয় খৰচি মাৰি পঢ়িবলৈ লোৱা বিশেষ অনাৰ্ছ শ্ৰেণী বুলি কোৱা হৈছিল। এতিয়া এই শ্ৰেণীটোক ‘মেজৰ’ বা ‘প্ৰধান’ বুলি কোৱা হয়।প্ৰশাসনিক সেৱা পৰীক্ষা – এই পৰীক্ষাত উত্তীৰ্ণ হ’লে উচ্চপদস্থ চৰকাৰী বিষয়াৰূপে নিযুক্তি পাব পাৰি।বিপাকীয় ক্ৰিয়া  – জীৱদেহত ঘটি থকা জৈৱৰাসায়নিক পৰিৱৰ্তনবোৰ। 
জীৱৰসায়ন – জীৱদেহত ঘটা ৰাসায়নিক পৰিৱৰ্তনবোৰৰ সম্বদ্ধে অধ্যয়ন কৰা বিষয়টো।

২। ড° ৰােহিণীকান্ত বৰুৱা কোন আছিল?

 উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱা অসমৰ এগৰাকী খ্যাতনামা ৰসায়ন বিজ্ঞানী, শিক্ষাবিদ আৰু সাহিত্যক আছিল।

৩। ড° ৰােহিণীকান্ত বৰুৱাৰ গৱেষণাৰ বিষয় কি আছিল? তেওঁ বিদেশৰ কোন বিশ্ববিদ্যালয়ত গৱেষণা কৰিছিল?

 উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাৰ গৱেষণাৰ বিষয় আছিল ভিটামিন -এ আৰু মানৱ দেহৰ বিপকীয় ক্ৰিয়াৰ ওপৰত ইয়াৰ প্ৰভাৱ। 


৪। ভিটামিন-এ কোন কোন খাদ্যত থাকে? এই ভিটামিনৰ অভাৱত মানুহৰ কি কি ৰােগ হ’ব পাৰে?

উত্তৰঃ- ভিটামিন-এ কণী, গাখীৰ, কড মাছৰ যকৃৎত থাকে।

৫। কেৰ’টিনইড কি আৰু ই ক’ত থাকে? কেৰ’টিনইডে আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে?

উত্তৰঃ- কেৰ’টিনইড হৈছে আমাৰ শৰীৰৰ বিপাকীয় ক্ৰিযাত ভিটামিন-এ উৎপন্ন কৰা পদাৰ্থ আৰু ই গাজৰ অমিতা আদিত থাকে।

৬। ড° ৰােহিণীকান্ত বৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম লিখা।

উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম হ’ল পৰম ক্ষুধা আৰু পমিলিৰ পৰিয়াল।

৭। ড° ৰােহিণীকান্ত বৰুৱাৰ ছদ্মনাম কি আছিল আৰু তেওঁ কোন কোন আলােচনীত লিখিছিল?

উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাৰ ছদ্মনাম লাজকুৰীয়া আছিল আৰু তেওঁ অকন, লাজকুৰীয়া আলােচনীত লিখিছিল।

৮। ‘আৱাহন’আলােচনীখনৰ প্ৰকাশৰ চন আৰু প্ৰতিষ্ঠাপক সম্পাদকৰ নাম লিখা।

উত্তৰঃ- ‘আৱাহন’আলােচনীখনৰ ১৯২৯ চনত প্ৰকাশ আৰু প্ৰতিষ্ঠাপক সম্পাদকৰ দীননাথ শৰ্মা।

৯। ড° ৰােহিণীকান্ত বৰুৱাই অনুবাদ কৰা পুথিকেইখন কি কি?

উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাই অনুবাদ কৰা পুথিকেইখন হ’ল পৰম ক্ষুধা আৰু পমিলিৰ পৰিয়াল।

১০। ড° ৰােহিণীকান্ত বৰুৱা ব্যক্তি হিচাপে কেনেকুৱা আছিল?

উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱা ব্যক্তি হিচাপে এজন হাড়ে-হিমজুৰে এজন নিষ্ঠাৱান শিক্ষাবিদ আছিল। 

১১। চমু উত্তৰ দিয়াঃ
(ক) ড° মর্টনে ড° ৰােহিণীকান্ত বৰুৱাক কি বুলি অভিহিত কৰিছিল?

উত্তৰঃ- ড° মর্টনে ড° ৰােহিণীকান্ত বৰুৱাক “ভাৰতৰ জৈৱ ৰাসায়ন বিজ্ঞান গৱেষণাৰ অগ্ৰণী বিজ্ঞানী” বুলি অভিহিত কৰিছিল।

(খ) ড° ৰােহিণীকান্ত বৰুৱাৰ কোনবােৰ গুণ সকলােৱে ভাল পাইছিল? 

উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাৰ মনোমোহা ব্যক্তিত্ব আৰু ভাস্বৰ প্ৰতিভাৰ গুণ সকলােৱে ভাল পাইছিল।


(গ) “অকণ’ আলােচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? এইখন কেনেধৰণৰ আলােচনী আছিল?

উত্তৰঃ- “অকণ’ আলােচনীৰ প্ৰতিষ্ঠাপক সম্পাদক হেমচন্দ্ৰ গোস্বামী আছিল। এইখন শিশুৰ বাবে গল্প-কবিতাৰ আলােচনী আছিল। 

(ঘ) গণিত’ আৰু ‘বিজ্ঞান বিষয় দুটা কেনেদৰে শিকাব লাগে বুলি ড° বৰুৱাই ভাবিছিল? 

উত্তৰঃ- গণিত’ আৰু ‘বিজ্ঞান বিষয় দুটা খেলা-ধূলাৰ মাজেৰে শিকাব লাগে বুলি ড° বৰুৱাই ভাবিছিল।

১২। বাক্য ৰচনা কৰাঃ

(ক) একনিষ্ঠ – একনিষ্ঠ ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে। 
(খ) প্রতিনিধি – ৰাজনৈতিক দলসমূহত বহুতো প্ৰতিনিধি থাকে।  
(ঘ) সুদক্ষ – জুবিন গাৰ্গ এজন সুদক্ষ গায়ক। 
(ঙ) স্বীকৃতি – ভাল কামৰ কাৰণে আজি কমলক স্বীকৃতি প্ৰদান কৰা হ’ল।(চ) হৃষ্টপুষ্ট – ৰাম এজন হৃষ্টপুষ্ট ব্যক্তি।

 ১৩। বিপৰীত শব্দৰ বিষয়ে শিকাঃ
 ভাল – বেয়া  
মেধাবী – ভোঁতা
প্রশংসা – নিন্দা  
আশা – নিৰাশা
সুদক্ষ – অদক্ষ  
অনুকূল – প্রতিকূল 
গভীৰ – তৰল 
সৃষ্টি – ধ্বংস
Mampi Kakati*****

Post ID :DABP006063