Class 6 General Science Book Chapter 11 Answer | Sankardev School Class 6 Science Book Chapter 11 খাদ্য Question Answer |

খাদ্য

 Lesson 11

১। তুমি সকলো জীৱিত প্ৰাণীয়ে একে ধৰণে খাদ্য খায় বুলি ভাবানে ?

উত্তৰঃ নাভাবো।

২। পাঁচবিধ উদ্ভিদৰ নাম লিখা যাৰ দেহৰ অংশ আমি খাদ্য হিচাপে খাওঁ।

উত্তৰঃ কলগছ, তামোল গছ, নাৰিকল গছ, নেমু গছ, আম গছ।

৩। ‘ক’ অংশ লগত ‘খ’ অংশ মিলাই লিখা –

      ‘ক’ অংশ             ‘খ’ অংশ 
 দৈ গাখীৰ, এঁৱা গাখী, পনিৰ, ঘি অন্য প্ৰাণী খায় ।
পালেং শাক, ফুলকবি, গাজৰ উদ্ভিদ আৰু উদ্ভিদৰপৰা উৎপাদিত বস্তু খায় ।
সিংহ আৰু বাঘে শাক-পাচলি
 তৃণভোজী প্ৰাণীয়ে সকলো প্ৰাণীৰপৰা উৎপাদিত ।


উত্তৰঃ 

‘ক’ অংশ‘খ’ অংশ
দৈ গাখীৰ, এঁৱা গাখীৰ, পনিৰ, ঘিসকলো প্ৰাণীৰ পৰা উতপাদিত
পালেং শাক, ফুলকবি, গাজৰশাক-পাচলি
সিংহ আৰু বাঘেঅন্য প্ৰাণী খায়
তৃণভোজী প্ৰাণীয়েউদ্ভিদ আৰু উদ্ভিদৰ পৰা উতপাদিত বস্তু খায়।

৪। তলত দিয়া শব্দবোৰৰ খালী ঠাই পূৰ কৰা –

মাংসভোজী, উদ্ভিদ, গাখীৰ, কুঁহিয়াৰ, তৃণভোজী

ক) বাঘ এহিধ মাংসভোজী প্ৰাণী কাৰণ ই অকল মাংস খায় ।

খ) হৰিণে অকল উদ্ভিদৰপৰা উৎপাদিত বস্তু খায়, গতিকে ইয়াক তৃণভোজী প্ৰাণী বোলে ।

গ) ভাটৌ চৰায়ে অকল উদ্ভিদ ৰ পৰা উৎপাদিত খাদ্য খায় ।

ঘ) গাখীৰ এবিধ পানীয়, যাক গৰু, ম’হ আৰু ছাগলী আদিৰপৰা

পোৱা এবিধ প্ৰাণীজাত সামগ্ৰী ।

ঙ) আমি চেনি কুঁহিয়াৰ ৰ পৰা পাওঁ ।

Mampi kakati 

Post ID :DABP006079