Class 6 Social Science Book Chapter 1 Answer | Sankardev School Class 6 Social Science Book Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী Question Answer |

সৌৰজগতত আমাৰ পৃথিৱী

পাঠ নং – ১

১। উত্তৰ লিখা-

(ক) সৌৰজগতৰ কোনকেইটা গ্ৰহৰ উপগ্ৰহ নাই ?

উত্তৰঃ শুক্ৰ গ্ৰহৰ আৰু বুধ গ্ৰহৰ উপগ্ৰহ নাই।

(খ) সূৰ্যৰ বহিৰ্ভাগৰ উত্তাপ কিমান ?

উত্তৰঃ সূৰ্যৰ বহিৰ্ভাগৰ উত্তাপ ৬০০০° চেলছিয়াছ।

(গ) পৃথিৱীয়ে কিমান কিলোমিটাৰ বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে ?

উত্তৰঃ পৃথিৱীয়ে ঘণ্টাত ১৬৭০ কিলোমিটাৰ বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে।

(ঘ) পৃথিৱীৰ যমজ গ্ৰহ বুলিলে কোনটো গ্ৰহক বুজায় ?

উত্তৰঃ পৃথিৱীৰ যমজ গ্ৰহ বুলিলে শুক্ৰ গ্ৰহক বুজায়।

(ঙ) পৃথিৱীৰ চাৰিওফালে এপাক মাৰিবলৈ চন্দ্ৰক কিমান দিন লাগে ?

উত্তৰঃ পৃথিৱীৰ চাৰিওফালে এপাক মাৰিবলৈ চন্দ্ৰক ২৯ ১/২ দিন লাগে।

(চ) কোনকেইটা গ্ৰহৰ মাজত গ্ৰহাণুপুঞ্জ দেখা যায় ?

উত্তৰঃ মঙল গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ মাজত গ্ৰহাণুপুঞ্জ দেখা যায়।

(ছ) কোনটো গ্ৰহক ‘বাওনা গ্ৰহ’ আখ্যা দিয়া হৈছে ?

উত্তৰঃ প্লুটো গ্ৰহক ‘বাওনা গ্ৰহ’ আখ্যা দিয়া হৈছে।

(জ) কোনকেইটা গ্ৰহৰ চাৰিওফালে কিছুমান আঙুঠিৰে বেৰি আছে ?

উত্তৰঃ বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন গ্ৰহৰ চাৰিওফালে কিছুমান আঙুঠিৰে বেৰি আছে।

২। সৌৰজগতৰ চিত্ৰখন চাই উত্তৰ লিখা- 

(ক) সূৰ্যৰপৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান কিমান নম্বৰত ? 

উত্তৰঃ সূৰ্যৰপৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান ৩ নম্বৰত।

(খ) সৌৰজগতৰ শেষ প্ৰান্তত থকা গ্ৰহটোৰ নাম কি ?

উত্তৰঃ সৌৰজগতৰ শেষ প্ৰান্তত থকা গ্ৰহটোৰ নাম হৈছে- নেপচুন।

(গ) সৌৰজতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো ?

উত্তৰঃ সৌৰজতৰ আটাইতকৈ ডাঙৰ গ্ৰহ হৈছে- বৃহস্পতি।

(ঘ) সূৰ্যৰ নিচেই কাষতে থকা গ্ৰহটো নাম কি ?

উত্তৰঃ সূৰ্যৰ নিচেই কাষতে থকা গ্ৰহটো নাম হৈছে- বুধ।

৩। সংক্ষিপ্ত উত্তৰ দিয়া-

(ক) হাতীপটি মানেনো কি ?

উত্তৰঃ হাতীপতি হৈছে এটা নক্ষত্ৰপুঞ্জ।

(খ) সৌৰজগত বুলিলে কি বুজা ?

উত্তৰঃ ৯ টা গ্ৰহৰে সৈতে গ্ৰহাণুপুঞ্জ, ধুমকেতু, উল্কাপিণ্ড, আদিক লৈ সূৰ্যৰ যি পৰিয়াল, সিয়ে হৈছে সৌৰজগত।

(গ) উল্কা বা পপীয়া তৰা বুলিলে কি বুজা ?

উত্তৰঃ কেতিয়াবা অতি বৃহৎ আকাৰৰ এক পদাৰ্থপিণ্ড বায়ুমণ্ডলত পুৰি শেষ নহ’লে ভূ-পৃষ্ঠত আহি পৰে। তেনে অংশক উল্কাপিণ্ড বোলা হয়।

(ঘ) ধুমকেতু মানেনো কি ?

উত্তৰঃ ধুমকেতু হৈছে এক প্ৰকাৰৰ জ্য়োতিষ্ক। ই দেখাত উজ্জ্বল তৰাৰ দৰে, ইয়াৰ এদাল নেজ আছে।

(ঙ) সূৰ্যৰ চাৰিওফালে ওলোটা পাকে ঘূৰা গ্ৰহটোৰ নাম কি ?

উত্তৰঃ সূৰ্যৰ চাৰিওফালে ওলোটা পাকে ঘূৰা গ্ৰহটো নাম হৈছে- শুক্ৰ।

-শ্ৰী হিৰু মনি বৰা

Post ID : DABP006105