Class 6 Social Science Book Chapter 6 Answer | Sankardev School Class 6 Social Science Book Chapter 6 পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ Question Answer |

পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ

পাঠ নং – ৬

১। তলৰ প্ৰশ্নৰ উত্তৰ লিখা-

(ক) পৃথিৱীৰ প্ৰধান ভূ-ৱয়ৱ কোনকেইটা ?

উত্তৰঃ পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ কেইটা হৈছে- পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি।

(খ) উৎপত্তি অনুসৰি পৰ্বতবোৰক কেইটা ভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ উৎপত্তি অনুসৰি পৰ্বতবোৰক চাৰিটা ভাগত ভাগ কৰা হৈছে।

(গ) সমভূমিবোৰ কেনেদৰে গঠিত হয় ?

উত্তৰঃ নৈ, জান, জুৰিয়ে কঢ়িয়াই অনা বালি-বোকা আদিৰ পলস নৈৰ দুয়োকাষে বহুত দূৰলৈকে জমা হয়। এনেদৰে পলস জমা হৈ দ অঞ্চল পোত গৈ এক বৃহৎ সমভূমিৰ সৃষ্টি হয়।

(ঘ) সমভূমিত জনবসতি কিয় বেছি ?

উত্তৰঃ সমভূমিত জনবসতি ঘন হোৱাৰ প্ৰধান কাৰণ হৈছে- ইয়াৰ মাটি সাৰুৱা। খেতি-বাতি কৰা, যাতায়তৰ ব্য়ৱস্থা কৰা, ঘৰ-দুৱাৰ নিৰ্মাণ কৰা আদিৰ বাবে সমভূমি সুবিধাজনক।

(ঙ) পৰ্বতীয়া ভূ-অৱয়ৱত মানুহৰ বসতি কিয় কম ?

উত্তৰঃ খেতি-বাতি কৰা, উদ্য়োগ স্থাপন কৰা, ৰে’লপথ বহুওৱা, আদি অসুবিধাবোৰৰ বাবে পৰ্বতীয়া ভূ-অবয়ৱত মানুহৰ বসতি কম।

২। শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

(ক) উত্তৰ ভাৰতক শীতকালি প্ৰচণ্ড শীতল বতাহৰ প্ৰভাৱৰপৰা কিহে ৰক্ষা কৰিছে?

(১) হিমালয় পৰ্বত থকাৰ বাবে (২) সমভূমি হোৱাৰ বাবে (৩) জনবসতি বেছি কাৰণে।

উত্তৰঃ হিমালয় পৰ্বত থকাৰ বাবে।

(খ) হিমালয় পৰ্বত সৃষ্টিৰ আগতে কি সাগৰ আছিল?

(১) বংগোপ সাগৰ, (২) টেথিছ সাগৰ, (৩) আৰব সাগৰ।

উত্তৰঃ টেথিছ সাগৰ।

(গ) জাপানৰ ফুজিয়ামা কোন প্ৰকাৰৰ পৰ্বত?

(১) ভংগিল পৰ্বত, (২) সঞ্চয়জাত পৰ্বত, (৩) স্তূপ পৰ্বত।

উত্তৰঃ সঞ্চয়জাত পৰ্বত।

৩। খালী ঠাই পূৰ কৰাঃ

(ক) হিমালয়, ৰ’কী, এণ্ডিছ আদি ভংগিল শ্ৰেণীৰ পৰ্বত।

(খ) জাৰ্মানীৰ ব্লেক ফৰেষ্ট এবিধ স্তূপ পৰ্বত।

(গ) দাৰ্জিলিং হিমালয় পৰ্বতত থকা স্বাস্থ্যকৰ ঠাই ।

(ঘ) পৰ্বতৰ ফাঁকেদি ধীৰ গতিত নামি অহা বৰফৰ বৃহৎ খণ্ডকে হিমৱাহ বোলে।

(ঙ) পৰ্বতীয়া অঞ্চলত জনবসতি সেৰেঙা

(চ) টাৱাং হিমালয় পৰ্বতমালাত অৱস্থিত এটা জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ।

৪। চমুকৈ লিখা ঃ

(ক) ভংগিল পৰ্বত কেনেদৰে সৃষ্টি হয় উদাহৰণসহ বৰ্ণনা কৰা।

উত্তৰঃ পৃথিৱীৰ তলৰ দুখন ফলকৰ মাজত থকা অগভীৰ সৰগৰতলিত তৰপে তৰপে বালি-বোকা আদি জমা  হয়। পৰস্পৰৰ দিশে গতি কৰা দুখন ফলকৰ চেপাত সেই গেদবোৰ ভাঁজ লাগি পৰ্বত হয়। এনেদৰেই ভংগিল পৰ্বতৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত হিমালয় পৰ্বত অন্য়তম।

(খ) বিভিন্ন ভূ-অৱয়ৱৰ অঞ্চলত জীৱন যাত্ৰা কেনে ধৰণৰ ?

উত্তৰঃ বিভিন্ন অৱয়ৱত মানুহৰ জীৱন ধাৰণ পদ্ধতিও বিভিন্ন হােৱা দেখা যায়। পৰ্বতীয়া অঞ্চলত জনবসতি পাতল। খেতিবাতি কৰা, যাতায়াতৰ বাবে ৰাস্তা-ঘাট বন্ধা, ঘৰ-দুৱাৰ সজা কষ্টকৰ। এনেবােৰ কাৰণত পৰ্বতীয়া অঞ্চলত জনবসতি পাতল। পর্বত-পাহাৰৰ এঢলীয়া মাটিত তাৰ বাসিন্দাসকলে পৰম্পৰাগতভাৱে চাংঘৰ সাজি বসবাস কৰে। মানুহে খেতি কৰাৰ উপৰি হাবি-বননিৰপৰা আলু, কচু আৰু অন্যান্য বস্তু বিচাৰি আনি জীৱন নির্বাহ কৰিব লগ হয়। ইয়াৰ বিপৰীতে সমতল ভূমিত প্রায় সকলােবােৰ সা-সুবিধা পােৱা যায়। ইতিমধ্যে উল্লেখ কৰাৰ দৰে খেতিবাতি কৰা, উদ্যোগ স্থাপন কৰা, ৰে’লপথ বহুওৱা আদি সুবিধাবােৰ সমভূমিত অধিক বাবে সমভূমি মানুহৰ জীৱন যাত্ৰা পাহাৰীয়া অঞ্চলতকৈ কম কষ্টকৰ। 

    মালভূমি বা তেনে উচ্চভূমি অঞ্চল খেতি-বাতিৰ বাবে সুবিধাজনক নহয়। এনে ভূ-অৱয়ৱত থকা লােকসকলে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। এনেদৰে বিভিন্ন ভূ-অৱয়ৱত বসবাস কৰা লােকসকলৰ জীৱ নির্বাহ পদ্ধতি সুকীয়া সুকীয়া হয়।

(গ) সমভূমিবোৰ কেনেকৈ গঠিত হয় ?

উত্তৰঃ সমভূমিসমূহ নানা প্ৰকাৰে সৃষ্টি হয়। নৈ, জান-জুৰিয়ে কঢ়িয়াই অনা বালি-বোকা আদিৰ পলস নৈৰ দুয়োকাষে বহুত দূৰলৈকে জমা হয়। এনেদৰে জমা হৈ দ অঞ্চল পোত গৈ এক বৃহৎ সমভূমিৰ সৃষ্টি হয়। সাগৰৰ উপকূলতো সাগৰৰ ঢৌ, সোঁত, বতাহ আদিৰ ক্ৰিয়াৰ বাবে বিস্তীৰ্ণ সমভূমিৰ সৃষ্টি হয়।

-Hiru Moni Bora

Post ID : DABP006122