Class 7 Niti Malika Book Chapter 11 Answer | Sankardev School Class 7 Niti Malika Book Chapter 11 অহংকাৰে পতন আনে  Question Answer |

অহংকাৰে পতন আনে 

পাঠ-এঘাৰ

অনুশীলনী 

১) ৰাম- শাস্ত্ৰীয়ে নৈ সিপাৰৰ গাওঁ এখনলৈ যাবলৈ  কিয় ইচ্ছা কৰিছিল?

উত্তৰঃ নৈ সিপাৰৰ গাওঁ এখনত ঘোষণা মতে তৰ্ক-বিতৰ্ক প্ৰতিযোগীতা এখন হ’ব বুলি গ’ম পাই ৰাম – শাস্ত্ৰীয়ে নৈ সিপাৰৰ গাওঁ এখনলৈ যাবলৈ ইচ্ছা কৰিছিল।  

২) নাৱত যাওঁতে ৰাম্ শাস্ত্ৰীয়ে নাৱৰীৱাক কি সুধিছিল ?

উত্তৰঃ নাৱত যাওঁতে ৰাম – শাস্ত্ৰীয়ে নাৱৰীয়াক সংস্কৃত পঢ়িছে নে নাই সুধিছিল। 

৩) নাৱৰীয়াৰ উত্তৰ শুনি ৰাম শাস্ত্ৰীয়ে কি কৈছিল?

উত্তৰঃ-  নাৱৰীয়াৰ উত্তৰ শুনি ৰাম শাস্ত্ৰীয়ে ক’লে – যে তেওঁৰ কাৰণে শাস্ত্ৰীৰ মনত বৰ দুখ লাগিছে বুলি কৈছিল।

৪) যেতিয়া বতাহত নাওঁখন টুলুং-ভুটুং কৰিবলৈ ধৰিলে , তেতিয়া নাৱৰীয়াই  পণ্ডিতক কি বুলি কৈছিল ?

উত্তৰঃ-যেতিয়া বতাহত নাওঁখন টুলুং-ভুটুং কৰিবলৈ ধৰিলে তেতিয়া  নাৱৰীয়াই পণ্ডিতক ক’লে- প্ৰভু আমাৰ এই ডুবিবলৈ লোৱা নাওখন এৰি পাৰলৈ সাঁতুৰি যাবৰ হ’ল বুলি কৈছিল।

৫) ৰাম শাস্ত্ৰীয়ে যেতিয়া সাঁতুৰিব নেজানো বুলি কলে , তেতিয়া নাৱৰীয়াই কি বুলি কৈছিল ?

উত্তৰঃ- ৰাম শাস্ত্ৰীয়ে যেতিয়া সাঁতুৰিব নেজানো বুলি কলে, তেতিয়া নাৱৰীয়াই ক’লে- ” এইটো সঁচা কথা যে মই জীৱনৰ বেছিখিনি সময় কোনো শাস্ত্ৰাদি নপঢ়াকৈ নষ্ট কৰিলো, কিন্তু মই সাঁতুৰিবলৈ আৰু নাও বাবলৈ শিকিলো বুলি কৈছিল।

৬) এই সাধুটোৰ পৰা কি হিতোপদেশ পালা লিখা  ।

উত্তৰঃ- এইটো প্ৰশ্ন উত্তৰ নিজে কৰি ল’বা।

Type Arup Koch

Morigaon(Assam)

Author By : Rajashree Bora

Post ID :DABP006431