Class 8 Assamese Book Chapter 10 পৰীক্ষিতৰ ব্ৰহ্মশাপ Short Question Answer

পৰীক্ষিতৰ ব্ৰহ্মশাপ

১। পাঠটো কৰ পৰা লোৱা হৈছিল ?

উত্তৰঃ পাঠটো ভট্টদেৱৰ কথা ভাগৱতৰ পৰা।

২। ভট্টদেৱৰ সম্পূৰ্ণ নাম কি ?

উত্তৰঃ ভট্টদেৱৰ সম্পূৰ্ণ নাম বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য।

৩। ভট্টদেৱৰ জন্ম ক’ত হৈছিল ?

উত্তৰঃ ভট্টদেৱৰ জন্ম কামৰূপত হৈছিল।

৪। ভট্টদেৱ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ ভট্টদেৱ ১৫৫৮ চনত জন্ম হৈছিল।

৫। ভট্টদেৱৰ পিতাকৰ নাম কি আছিল ?

উত্তৰঃ ভট্টদেৱৰ পিতাকৰ নাম শ্ৰীচন্দ্ৰ ভাৰতী আছিল।

৬। পিতৃৰ নিৰ্দেশ মতে ভট্টদেৱে কাক ওচৰত শৰণ লৈছিল ?

উত্তৰঃ পিতৃৰ নিৰ্দেশ মতে ভট্টদেৱে মোদৰদেৱৰ ওচৰত শৰণ লৈছিল।

৭। সকলো শাস্ত্ৰত ভট্টদেৱৰ গভীৰ কি আছিল ?

উত্তৰঃ সকলো শাস্ত্ৰত ভট্টদেৱৰ গভীৰ ব্যুৎপত্তি।

৮। ভট্টদেৱক কি উপাধিৰে বিভূষিত কৰা হৈছিল ?

উত্তৰঃ ভট্টদেৱক ভট্টাচাৰ্য,কবিৰত্ন উপাধিৰে বিভূষিত কৰা হৈছিল।

৯। ভট্টদেৱৰ আগতে কোনো কি ভাষাত গদ্যত পুথি ৰচিত হোৱা নাছিল ?

উত্তৰঃ ভট্টদেৱৰ আগতে আৰ্যমূলীয়া ভাৰতীয় ভাষাত গদ্যত পুথি ৰচিত হোৱা নাছিল।

১০। ভট্টদেৱৰ কিমান চনত মৃত্যু হৈছিল ?

উত্তৰঃ ভট্টদেৱৰ ১৬৩৮ চনত মৃত্যু হৈছিল।

১১। মুনিয়ে চকু মুদি কি কৰি আছিল ?

উত্তৰঃ মুনিয়ে চকু মুদি ধ্যান কৰি আছিল।

১২। মুনিজনৰ নাম কি ?

উত্তৰঃ মুনিজনৰ নাম শমীক মুনি।

১৩। পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল ?

উত্তৰঃ পিয়াহত আকুল হৈ পৰীক্ষিত ৰজাই মুনিক পানী খুজিছিল।

১৪। ৰজা পৰীক্ষিত কি কৰিবলৈ বনলৈ গৈছিল ?

উত্তৰঃ ৰজা পৰীক্ষিত চিকাৰ কৰিবলৈ বনলৈ গৈছিল।

১৫। ৰজাৰ কথা কাৰ কাণত নপৰিল ?

উত্তৰঃ ৰজাৰ কথা শমীক মুনিৰ কাণত নপৰিল।

১৬। মৰা সাপ ডাল কাৰ ডিঙিত মেৰিয়াই দিলে ?

উত্তৰঃ মৰা সাপ ডাল শমীক মুনিৰ ডিঙিত মেৰিয়াই দিলে।

১৭। ৰজাক কি নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিলে ?

উত্তৰঃ ৰজাক তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিলে।

১৮। কি ব্যক্তিয়ে আনৰ মহত্ব আৰু নিজৰ দোষহে উপলব্ধি কৰে ?

উত্তৰঃ মহৎ ব্যক্তিয়ে আনৰ মহত্ব আৰু নিজৰ দোষহে উপলব্ধি কৰে।

Type By-Subhas Nath