Class 8 Assamese Book Chapter 11 অতীতক নাযাবা পাহৰি Short Question Answer

অতীতক নাযাবা পাহৰি

১. বিশিষ্ট প্ৰত্নতত্ত্ববিদ গৰাকীৰ নাম কি ?

উত্তৰঃ বিশিষ্ট প্ৰত্নতত্ত্ববিদ গৰাকীৰ নাম বিপিন চন্দ্ৰ দাস।

২. কিমান বছৰ পুৰণি সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ হিচাপে ধৰে ?

উত্তৰঃ ১০০ বছৰ পুৰণি সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ হিচাপে ধৰে।

৩. পোৰা মাটিৰ কুঁৱাৰ অৱশেষ ক’ত উদ্ধাৰ হৈছিল ?

উত্তৰঃ পোৰা মাটিৰ কুঁৱাৰ অৱশেষ তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত।

৪. নটৰাজ মূৰ্তি ক’ত উদ্ধাৰ হৈছিল ?

উত্তৰঃ নটৰাজ মূৰ্তি গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলত উদ্ধাৰ হৈছিল।

৫. আহোম স্বৰ্গদেউৰ ৰাজকীয় সমাধিক্ষেত্ৰ মৈদামসমূহ ক’ত উদ্ধাৰ হৈছিল ?

উত্তৰঃ আহোম স্বৰ্গদেউৰ ৰাজকীয় সমাধিক্ষেত্ৰ মৈদামসমূহ শিবসাগৰ জিলাৰ চৰাইদেউত উদ্ধাৰ হৈছিল।

৬. অ’ভাৰহেড প্ৰজেক্টৰটো কোনে সাজু কৰি দিছিল ?

উত্তৰঃ অ’ভাৰহেড প্ৰজেক্টৰটো বিঞ্জান শিক্ষক ভূঞা ছাৰে সাজু কৰি দিছিল।

৭. অ’ভাৰহেড প্ৰজেক্টৰ মানে কি ?

উত্তৰঃ অ’ভাৰহেড প্ৰজেক্টৰ মানে এবিধ প্ৰক্ষেপণ যন্ত্ৰ।

৮. তীৰ্থ-স্থানৰ নাম কবলৈ কোন থিয় হৈছিল ?

উত্তৰঃ তীৰ্থ-স্থানৰ নাম কবলৈ উত্তৰা থিয় হৈছিল।

৯. নটৰাজ মূৰ্তিটোৱে কাৰ পিঠিত উঠি নৃত্য়ৰত অৱস্থাত আছিল ?

উত্তৰঃ নটৰাজ মূৰ্তিটোৱে শিৱৰ বাহন নন্দীৰ পিঠিত উঠি নৃত্য়ৰত অৱস্থাত আছিল।

১০. তলৰ কোনবিধ প্ৰত্নতাত্ত্বিক সম্পদ ?

উত্তৰঃ প্ৰাচীন মঠ-মন্দীৰ প্ৰত্নতাত্ত্বিক সম্পদ।

১১. বিদ্য়ালয়ৰ প্ৰধান শিক্ষক কোন ?

উত্তৰঃ বিদ্য়ালয়ৰ প্ৰধান শিক্ষক কমল শৰ্মা।

১২. তলৰ কোনটো আপুৰুগীয়া সম্পদ হয়।

উত্তৰঃ প্ৰাচীন মঠ-মন্দিৰ আপুৰুগীয়া সম্পদ হয়।

১৩. কি জিলাত পাগলাটেকত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছে?

উত্তৰঃ গোৱালপাৰা জিলাত পাগলাটেকত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছে।

১৪. মঠ-মন্দিৰ, লিপি, বাচন-বৰ্তন, আ-অলংকাৰ আদি কি সম্পদ ?

উত্তৰঃ মঠ-মন্দিৰ, লিপি, বাচন-বৰ্তন, আ-অলংকাৰ আদি প্ৰত্নতাত্ত্বিক সম্পদ।

১৫. সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত ?

উত্তৰঃ সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত।

Type By Subhas Nath