Class 8 Assamese Book Chapter 14 সংস্কৃতি আৰু আমাৰ জীৱন Short Question Answer

সংস্কৃতি আৰু আমাৰ জীৱন

১। সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন ?

উত্তৰঃ সংস্কৃতি গঢ়ি উঠিবলৈ সমাজৰ প্ৰয়োজন।

২। সমাজ কিহৰ দ্বাৰা গঠিত হয় ?

উত্তৰঃ সমাজ মানুহৰ দ্বাৰা গঠিত হয়।

৩। একোখন সমাজত বসবাস কৰা মানুহে কৰা অচৰণেই সেইখন সমাজৰ কি ?

উত্তৰঃ একোখন সমাজত বসবাস কৰা মানুহে কৰা অচৰণেই সেইখন সমাজৰ সংস্কৃতি।

৪। সংস্কৃতিৰ অন্যতম উপাদান কি ?

উত্তৰঃ সংস্কৃতিৰ অন্যতম উপাদান আচাৰ-অচৰণ।

৫। কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বোটলা হয় ?

উত্তৰঃ কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ্ বোটলা হয়।

৬। সৎপ্ৰবৃত্তিৰ লোক হ’বলৈ কি কৰিব লাগে ?

উত্তৰঃ সৎপ্ৰবৃত্তিৰ লোক হ’বলৈ সুচিন্তাৰ আৰু ভাল কাম কৰিব লাগে।

৭। সংস্কৃতিৰ ৰূপ দুটা কি কি ?

উত্তৰঃ সংস্কৃতিৰ ৰূপ দুটা হল বাহ্যিক ৰূপ,আভ্যন্তৰীণ ৰূপ।

৮। মানুহৰ আবেগ অনুভূতিৰ মূল উৎস কি ?

উত্তৰঃ মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হল বিনন্দীয়া প্ৰকৃতি।

৯। কৃষ্টিৰ আধাৰ কি ?

উত্তৰঃ কৃষ্টিৰ আধাৰ কৃষি।

১০। দখনা কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক ?

উত্তৰঃ দখনা বড়োৰ জনগোষ্ঠীৰ মহিলাৰ পোছাক।

১১। চৌবন্দী কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক ?

উত্তৰঃ চৌবন্দী নেপালী জনগোষ্ঠীৰ মহিলাৰ পোছাক।

১২। কৃষি আৰু কৃষ্টিয়েই হ’য় সকলো ধৰণৰ কিহৰ উৎস ?

উত্তৰঃ কৃষি আৰু কৃষ্টিয়েই হ’য় সকলো ধৰণৰ সৃষ্টিৰ উৎস।

১৩। সংস্কৃতি হ’ল আমাৰ জীৱন-যাত্ৰাৰ কিহৰ সংগী ?

উত্তৰঃ সংস্কৃতি হ’ল আমাৰ জীৱন-যাত্ৰাৰ ঐশ্বযময় সংগী।

১৪। কৃষিকৰ্মক কি কৰি গঢ়ি উঠা সমাজ-ব্যৱস্থাই হৈছে কৃষিভিত্তক সমাজ ?

উত্তৰঃ কৃষিকৰ্মক কেন্দ্ৰ কৰি গঢ়ি উঠা সমাজ-ব্যৱস্থাই হৈছে কৃষিভিত্তক সমাজ।

১৫। বিনন্দীয়া শব্দৰ কি ?

উত্তৰঃ বিনন্দীয়া শব্দৰ অৰ্থ অতিশয় শুৱনি,আনন্দময়।

Type By-Subhas Nath