Class 8 Assamese Book Chapter 8 শ্ৰী শ্ৰী শংকৰদেৱ Short Question Answer

শ্ৰী শ্ৰী শংকৰদেৱ

1/ শ্ৰী শ্ৰী শংকৰদেৱ পাঠটোৰ কবিৰ নাম ?

উত্তৰঃ শ্ৰী শ্ৰী শংকৰদেৱ পাঠটোৰ কবিৰ নাম হল- যতীন্দ্ৰ নাথ দুৱৰা।

2/ লেখক জনৰ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ লেখক জনৰ ১৮৯২ চনত জন্ম হৈছিল।

3/ লেখকৰ পিতৃৰ নাম কি ?

উত্তৰঃ লেখকৰ পিতৃৰ নাম শ্যমসুন্দৰ দুৱৰা।

4/ লেখকৰ মাতৃৰ নাম কি ?

উত্তৰঃ লেখকৰ মাতৃৰ নাম পুণ্যদা দুৱৰা।

5/ লেখক কিমান চনত শিৱসাগৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে ?

উত্তৰঃ লেখকে ১৯০৯ চনত শিৱসাগৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে।

6/ ১৯১৩ চনত স্কটিছ চাৰ্চ্চ কলেজৰ পৰা কি ডিগ্ৰী লাভ কৰে ?

উত্তৰঃ ১৯১৩ চনত স্কটিছ চাৰ্চ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

7/ যতীন্দ্ৰ নাথ দুৱৰাই কি আলোচনীৰ মাধ্যমেৰে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে ?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই বাঁহী আলোচনীৰ মাধ্যমেৰে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে।

8/ লেখকৰ গদ্যপুথিখনৰ নাম কি ?

উত্তৰঃ লেখকৰ গদ্যপুথিখনৰ নাম কথাকবিতা।

9/ কিমান চনত যতীন্দ্ৰ নাথ দুৱৰাই শেষ নিশ্বাস ত্যাগ কৰে ?

উত্তৰঃ ১৯৬৪ চনত যতীন্দ্ৰ নাথ দুৱৰাই শেষ নিশ্বাস ত্যাগ কৰে।

10/ যতীন্দ্ৰ নাথ দুৱৰাই ১৯৫২ চনত কি পুৰস্কাৰ লাভ কৰে।

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই ১৯৫২ চনত সাহিত্য় অকাদেমি পুৰস্কাৰ লাভ কৰে ?

11/ শংকৰদেৱে তব পুণ্য কিৰণেৰে কি কৰিলে ?

উত্তৰঃ শংকৰদেৱে তব পুণ্য কিৰণেৰে পবিত্ৰ ভূমি কৰিলে।

12/ শংকৰদেৱে স্বৰ্গৰ বাতৰি ক’ত আনি দিলে ?

উত্তৰঃ শংকৰদেৱে স্বৰ্গৰ বাতৰি মৰতত আনি দিলে।

13/ গভীৰ উদাৰ সুৰ আজিও ক’ত বাজি উঠিছে ?

উত্তৰঃ গভীৰ উদাৰ সুৰ আজিও অসমৰ ঘৰে ঘৰে বাজি উঠিছে।

14/ অসমক কোনে জীৱন দান  কৰিলে ?

উত্তৰঃ অসমক শ্ৰী শ্ৰী শংকৰদেৱে জীৱন দান  কৰিলে।

15/ শংকৰদেৱৰ গৰিমা গীত ক’ত বজে ?

উত্তৰঃ শংকৰদেৱৰ গৰিমা গীত হ্ৰদয়ে হ্ৰদয়ে বজে।

Type By- Subhas Nath