Class 8 Assamese Book Chapter 9 ভয় Short Question Answer

ভয়

1/ ভয় পাঠটোৰ গল্পকাৰ কোন ?

উত্তৰঃ ভয় পাঠটোৰ গল্পকাৰ শীলভদ্ৰ।

2/ শীলভদ্ৰ ৰ প্ৰকৃত নাম কি ?

উত্তৰঃ শীলভদ্ৰ ৰ প্ৰকৃত নাম হল- ৰেৱতীমোহন দক্ত।

3/ উচ্চ শিক্ষা লাভ কৰি গল্পকাৰে ক’ত অধ্যাপনা কৰে ?

উত্তৰঃ উচ্চ শিক্ষা লাভ কৰি গল্পকাৰে অসম ইঞিনিয়াৰিং কলেজত অধ্যাপনা কৰে।

4/ কিমান চনত গল্পকাৰে সাহিত্য অকাদেমি বঁটা লাভ কৰে ?

উত্তৰঃ ১৯৯৪ চনত গল্পকাৰে সাহিত্য অকাদেমি বঁটা লাভ কৰ ?

5/ কিমান চনত গল্পকাৰৰ মৃত্যু হয় ?

উত্তৰঃ ২০০৮ চনত গল্পকাৰৰ মৃত্যু হয়

6/ ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া কোন ?

উত্তৰঃ ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া ভয়।

7/ ৰবীনৰ পৰিবাৰৰ নাম কি ?

উত্তৰঃ ৰবীনৰ পৰিবাৰৰ নাম ৰমলা।

8/ ফুটবল খেলি থাকোঁতে কোন ঢুকাল ?

উত্তৰঃ ফুটবল খেলি থাকোঁতে সত্য খুৰাৰ ল’ৰাজন ঢুকাল।

9/ ৰবিনৰ কেইটা সন্তান আছিল ?

উত্তৰঃ ৰবিনৰ তিনিটা সন্তান আছিল।

10/ ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তৰ্কা-তৰ্কি হয় ?

উত্তৰঃ ফুৰিবলৈ ওলালে ৰবীনৰ ৰমলাৰ লগত তৰ্কা-তৰ্কি হয়।

11/ চাহ দোকানত ট্ৰাক এখন সোমাই মানুহ কেইজনক মাৰিলে ?

উত্তৰঃ চাহ দোকানত ট্ৰাক এখন সোমাই মানুহ মানুহ দুজনক মাৰিলে।

12/ মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি ক’লৈ যাবলৈ ওলাইছিল ?

উত্তৰঃ মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি জহীৰুদ্দিনৰ ঘৰৰ ফালে যাবলৈ ওলাইছিল।

13/ ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই কথাষাৰ ৰমলাই কৈছিল।

14/ হেৰা শুনিছা ? কোনোবাই চিঞৰা যেন লাগিছে। কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ হেৰা শুনিছা ? কোনোবাই চিঞৰা যেন লাগিছে। কথাষাৰ ৰবিনে কৈছিল।

15/ আজি মই তাৰ ল’ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ নগ’লে কাইলৈ মোৰ ল’ৰা-ছোৱালীক ৰক্ষাকৰিবলৈ কোন আহিব? কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ ৰবিনে কৈছিল।

16/ গভীৰ ৰাতি হঠাতে উৎকৰ্ণ হৈ ৰবিনে কি কৰে ?

উত্তৰঃ গভীৰ ৰাতি হঠাতে উৎকৰ্ণ হৈ ৰবিনে কিবা শুনাৰ চেষ্টা কৰে।

17/ গল্পকাৰৰ জন্ম ক’ত হৈছিল ?

উত্তৰঃ গল্পকাৰৰ জন্ম গোৱালপাৰা জিলাত হৈছিল।

18/ অসমীয়া চুটিগল্পৰ জনক কোন ?

উত্তৰঃ অসমীয়া চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱা।

19/ কিমান চনত শীলাভদ্ৰৰ দেহাৱসান ঘটে ?

উত্তৰঃ ২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰীত শীলাভদ্ৰৰ দেহাৱসান ঘটে।

20/ তেখেতে কিমান চনত আৰু ক’ত জন্মগ্ৰহণ কৰিছিল ?

উত্তৰঃ তেখেতে ১৯২৩ চনত অবিভক্ত গোৱালপাৰা জিলাৰ গৌৰীপুৰত জন্মগ্ৰহণ কৰিছিল।

Type by- Subhas Nath